Assam Congress Faces Internal Rift Over Rezaul Karim Controversyৰেজাউল কৰিম সৰকাৰক লৈ বিভাজনৰ দিশে অসম কংগ্ৰেছ

গুৱাহাটীঃ কংগ্ৰেছ দলত যোগদান কৰিয়েই বিতৰ্কৰ সৃষ্টি কৰা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক লৈ উলম্ব বিভাজনৰ দিশে এতিয়া অসম কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰা সভাতেই শিৱসাগৰ, ধুবুৰীক একাকাৰ কৰি কৰা এটা মন্তব্যক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হয় ব্যাপক বিতৰ্কৰ (Rezaul Karim Congress controversy Assam)। নতুনকৈ কংগ্ৰেছত যোগদান কৰা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ বিৰুদ্ধে উজনি অসমৰ দল সংগঠন গৰজি উঠাৰ পাছতেই মঙলবাৰে ৰেজাউল কৰিমক মুখ্যমন্ত্ৰীৰ এজেন্ট আখ্যা দি কেবাটাও মন্তব্য কৰিছিল বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। একে সময়তে দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ বিৰোধিতা কৰিছিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈয়ে ৰেজাউল কৰিমৰ বিৰোধী স্থিতিত অৱস্থান কৰাৰ পাছত দুয়োগৰাকী নেতাৰ নাম উল্লেখ কৰি কংগ্ৰেছ দলৰ সদস্য পদৰ পৰাই পদত্যাগ কৰি ৰেজাউল কৰিম সৰকাৰে পত্ৰ প্ৰেৰণ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ।

ৰেজাউল কৰিম সৰকাৰৰ বিৰোধী স্থিতিত দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে মুকলিকৈ অৱস্থান কৰাৰ সময়ত দুয়োগৰাকী নেতাৰ একপ্ৰকাৰ বিৰোধী স্থিতিত অৱস্থান কৰে ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ নেতা নুৰুল হুদা (Assam Congress internal conflict)। দেৱব্ৰত শইকীয়া , প্ৰদ্যুৎ বৰদলৈয়ে বিৰোধিতা কৰা ৰেজাউল কৰিমৰ পক্ষ ললে বিধায়ক নুৰুল হুদাই (Assam political controversy)।

ৰেজাউল কৰিম বিতৰ্ক সন্দৰ্ভত বুধবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “আচলতে আমি ভালপোৱা নাছিলোঁ। সমাজৰ যিকোনো দায়িত্বত থকা লোকে বিভাজন, অশান্তি সৃষ্টি কৰিব পৰা মন্তব্য কৰিব নালাগে। তেওঁ হয়তো ইয়াতো ৰাজনীতি কৰিছে। দায়িত্বত থকা লোকে জুখি মাখি কথা ক’ব লাগে (Pradyut Bordoloi reaction)। তেওঁৰ দলত্যাগে কোনো প্ৰভাৱ নেপেলায়। মুখ্যমন্ত্ৰীৰ এজেন্ট কোনেও কৈ পেলাই নকৰে মনে মনেই কৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘুসকলক উচ্ছেদ কৰাৰ সময়ত আমছুৰ সভাপতি থাকি তেওঁ নীৰৱ হৈ আছিল। শুনিছোঁ তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ ঘৰত বহি আছিল। আমছুৱে কোনো প্ৰতিবাদো কৰা নাছিল।”

ইয়াৰ বিপৰীতে ৰেজাউল কৰিম সৰকাৰ সন্দৰ্ভত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই সংবাদ মাধ্যমৰ সন্মুখত কয়, “ৰেজাউল কৰিমে সম্প্ৰীতিৰ কথা হে কৈছিল। সম্প্ৰীতিৰ উদাহৰণ দি তেওঁ শিৱসাগৰ, ধুবুৰীৰ কথা কৈছিল। এই কথাটোকে বিভিন্নজনে বিভিন্ন সমালোচনা আৰম্ভ কৰিছে। আচলতে সমালোচনা কৰাৰ কথা নাছিলে। তেওঁ সম্প্ৰীতিৰ কথা কৈছিল। ইয়াক লৈ ৰেজাউল কৰিমে ক্ষমাও বিচাৰিছে। গতিকে ইয়াক লৈ আৰু পৰ্যালোচনা কৰা উচিত নহয়।”

ৰেজাউল কৰিমক লৈ এফালে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ আনফালে কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিপৰীত মন্তব্যই যেন স্পষ্ট কৰিছে কংগ্ৰেছৰ বিভাজন (Nurul Huda Congress)।

লগতে পঢ়কঃ যোগদান কৰিয়েই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ


Advertisement