BJP Has Congress Agents,” Says Ripon Bora; Targets Assam CM in Nagaonবিজেপিত আছে কংগ্ৰেছৰ এজেণ্টঃ মন্তব্য ৰিপুন বৰাৰ

নগাঁওঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যকলৈ চিন্তিতহৈ পৰিছে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা । কোন এই গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা ? সোমবাৰে নগাঁৱৰ প্ৰশান্তি লজত আয়োজিত এখন সংবাদ মেলত নিজ মুখৰেই এই কথা প্ৰকাশ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নোতাগৰাকীয়ে (Ripon Bora BJP Congress Agent Comment)।

সোমবাৰে নগাঁৱত মুখ্যমন্ত্ৰীৰ স্বাস্থ্যকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, ” মুখ্যমন্ত্ৰী আৰু বিজেপি দল কংগ্ৰেছক লৈ শংকিত। বাৰে বাৰে প্ৰধানমন্ত্ৰী অসমলৈ আহিব লগীয়া হৈছে। বাৰে বাৰে গৃহমন্ত্ৰী আহিব লগীয়া হৈছে (Himanta Biswa Sarma Criticism)। নিৰ্বাচনৰ পূৰ্বে আঁচনিৰ বণ্যা বোৱাই দিছে। আনকি বিহু খাবলৈকো ধন দিছে। যদি অসমত কংগ্ৰেছৰ অস্তিত্বই নাই তেন্তে ইমান শংকিত কিয় হ’ব লাগে। মুখ্যমন্ত্ৰীয়ে কিয় টাকুৰি ঘূৰাদি ঘূৰি ফুৰিব লাগে। নাকত তেল দি শুই থাকিব লাগে। আৰাম কৰিব লাগে। এনেদৰে ঘূৰাৰ ফলত তেওঁৰ টুপনি ক্ষতি হৈছে। ক’ত কি কথা কৈছে হিচাপ নোহোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ ক্ষতি হৈছে। আমি কৈছো ২২ খন আসনৰ বাহিৰে অন্যস্থানত কংগ্ৰেছৰ যদি অস্তিত্ব নাইয়ে তেন্তে মুখ্যমন্ত্ৰীয়ে আৰাম কৰক, স্বাস্থ্যৰ যত্ন লওক ।”

বিজেপি চৰকাৰক সমালোচনা

নগাঁৱত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিচত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বৰাই বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপ তৃণমূল পৰ্যাৰ জনতাৰ কাষলৈ নি তেওঁলোকক সজাগ কৰাৰ চেষ্টা চলোৱা বুলি সংবাদমেলত মন্তব্য কৰি কয়, ” কংগ্ৰেছৰ ভাতৃ সংগঠন বোৰেও বিভিন্ন কাৰ্যসূচী হাততলৈ চৰকাৰৰ জনবিৰোধী কাম-কাজক ৰাইজৰ ওচৰলৈ নিব বিচাৰিছে। ৰাইজে গম পাইছে। কিন্তু ৰাইজ ভীতিগ্ৰস্তহৈ থকাৰ বাবে ৰাইজ ওলাই অহা নাই। ৰাইজে উপযুক্ত সময়লৈ অপেক্ষা কৰি আছে (Assam Congress vs BJP)। ৰাইজ মুকলিকৈ ওলালেই চৰকাৰে স্বৈৰাচ্ছাৰীভাবে বিভিন্ন দমনমূলক ব্যৱস্থা লয়। ফেচবুকত লিখাৰ বাবেও বহুজনক গ্ৰেপ্তাৰ কৰিছে। সেই শংকাৰ বাবে ৰাইজে অপেক্ষা কৰি আছে। এটা সময়ত ৰাইজে পাৰ ভাঙি ওলাই আহিব।” কংগ্ৰেছ নেতা বৰাই লগতে কয়, “প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰামৰ্শ মৰ্মেই এটা নতুন কাৰ্যসূচী কংগ্ৰেছে আৰম্ভ কৰিছে। সেইটো হৈছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। সেই অনুযায়ী কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ৫টা ভাগত বিভক্তহৈ অসমৰ ৩৫ খন জিলাত ৰাইজৰ কাষলৈ গৈছে। ৰাইজৰ পৰা আমাৰ নিৰ্বাচনী ইস্তাহাৰখন কেনেকুৱা হব লাগে পৰামৰ্শ লৈছো।” নগাঁৱত ব্যাপক সহাৰি লাভ কৰাৰ কথা উল্লেখ কৰি ৰিপুন বৰাৰ মন্তব্য, ” বিভিন্ন ব্যৱসায়ীকে ধৰি সৰ্বস্তৰৰ ৰাইজে পৰামৰ্শ আগবঢ়াইছে। কেইবাটাও সংগঠনে লিখিত আকাৰেও পৰামৰ্শ আগবঢ়াইছে। বিজেপিৰ শাসনকালত প্ৰত্যক্ষ অথবা পৰোক্ষভাবে ৰাইজ প্ৰতিদিনে নিৰ্যাতনৰ সন্মুখীন হৈছে। সেয়ে ৰাইজে পৰিবৰ্তন বিচাৰিছে। ৰাইজে যথেষ্ট আশাৰে আহি কংগ্ৰেছৰ ওচৰত বক্তব্যবোৰ দাঙি ধৰিছে।”

বিজেপিতো কংগ্ৰেছৰ এজেন্ট আছেঃ বৰা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিজৰ দলৰ কথা চিন্তা কৰিবলৈ আহ্বান জনাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই কয়, ” তেওঁ কংগ্ৰেছ দলৰ কথা চিন্তা কৰিব নালাগে। কংগ্ৰেছৰ কথা চিন্তা কৰিবলৈ আমি আছো। আমি যদি আসন দিয়াৰ বিনিময়ত ৫ লাখকৈ টকা লৈছো আমিহে ধ্বংস হম। আমি ধ্বংস হ’লে তেওঁ ভালহে পাব লাগে। তেওঁ ইমান উদ্বিগ্ন কিয় ?’ মন্ত্ৰী পীযূষ হাজৰিকাক ঢোলৰ লগৰ টেমেকা আখ্যা দি বৰাই কয়, ” পীযূষ হাজৰিকাই কৈছে কংগ্ৰেছ দলৰ ২০-২২ টা সমষ্টিতহে অস্তিত্ব আছে। তেওঁলোকক কব বিচাৰো যদি কংগ্ৰেছ ১২৪ টা সমষ্টিত নাইয়েই আপোনালোক ইমান শংকিত কিয় ? আপোনালোকে কিয় ইমান ভয় খাইছে। এইবাৰ নীৰৱ বিপ্লৱ। ৰাইজে নীৰৱে পৰিবৰ্তন আনিব।” কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ এজেন্ট আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰিপুন বৰাই কয়,” আমি ৭০ বছৰৰ পুৰণি এটা ৰাষ্ট্ৰীয় দল। আমাৰো এজেন্ট আছে। আমাৰো গুপ্তচৰ আছে। পাৰ্থক্য এটাই আমি গোপনে ৰাখো। আমি বহুবল্কী নহয়। কৌশলগত কাৰণত আমি মুখ্যমন্ত্ৰীৰ দৰে ৰাজহুৱা নকৰো। বিজেপিৰ ডাঁৰৰ বাতৰি ডাঁৰে পাই আছো। মুখ্যমন্ত্ৰীৰ সোঁৱে বাওঁৱে থকা মানুহে আমাকো খবৰ দি আছে। তাৰ ওপৰত ভিত্তি কৰি আমিও আমাৰ ৰণকৌশল প্ৰস্তুত কৰিছো।”

মিত্ৰতাৰ প্ৰসংগত আলোচনা চলি আছে ঃ বৰাৰ মন্তব্য

মিত্ৰতাৰ প্ৰসংগত ৰিপুন বৰাই কয়, ” মিত্ৰতাৰ বিষয়ে দলৰ সভাপতিয়ে কব। দলৰ কাৰ্যকৌশল হৈছে বিজেপিক উৎখাৎ কৰাটো। গতিকে সকলো বিজেপি বিৰোধী দলৰ লগত আমাৰ মিত্ৰতা হব। পূৰ্বতেও হৈছিল, এইবাৰো হব। আলোচনা চলি আছে। কিন্তু সংবাদ মাধ্যমক জনাব পৰাকৈ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। সকলোৰে লগত ভিতৰুৱাকৈ আলোচনা চলি আছে।” তেওঁ লগতে কয়, ” বিজেপিক উৎখাৎ কৰিবৰ বাবে বহু দলে ত্যাগ কৰিছে। সেই দলসমূহৰ মতে কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰক। আমি নকৰো। কিন্তু বিজেপি উৎখাৎ হওক (Assam 2026 Assembly Election Congress) ।”

অখিল গগৈৰ প্ৰসংগত বৰাই কয়, ” আমাতকৈ বেছি অখিল গগৈয়ে বিজেপিক উৎখাৎ কৰাৰ কথা কৈছে। আমিটো কৈছোৱেই। গতিকে তেওঁৰ লগত নিশ্চিতভাবে আলোচনা হব। যদি তেওঁ আন্তৰিকতাৰে বিজেপিক উৎখাৎ কৰাটো বিচাৰে তেওৱো কিছু ত্যাগ কৰিব।” ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে নতুন মুখ তথা নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দিব বুলি ৰিপুন বৰাই কয়। ইপিনে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, “আমি কৃষকৰ সমস্যা, ব্যৱসায়ীৰ সমস্যা আদিৰ বুজ লৈছো। আমি এইবোৰ আমাৰ নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰিম। জনকল্যানৰ অৰ্থে কাম কৰিবলৈ চেষ্টা কৰিম। ৰাইজে ভয়মুক্ত এখন চৰকাৰ বিচাৰিছে।”

ইস্তাহাৰৰ প্ৰসংগত জনতাৰ পৰামৰ্শ গ্ৰহণ

উল্লেখযোগ্য যে, সোমাবাৰে নগাঁৱত কংগ্ৰেছেৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচী অনুষ্ঠিত হয় । নগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধি, সাধাৰণ ৰাইজৰ পৰা ইস্তাহাৰ সম্পৰ্কত পৰামৰ্শ গ্ৰহণ কৰে কংগ্ৰেছৰ নেতৃত্বই। ৰিপুন বৰাৰ নেতৃত্বত গঠিত ইস্তাহাৰ কমিটিয়ে এই যাত্ৰাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যসমূহৰ আধাৰত দলৰ আগন্তুক জনমুখী নিৰ্বাচনী ইস্তাহাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিব। নগাঁও মুকুট শৰ্মা চাৰিআঁলিৰ পৰা আৰম্ভ কৰি বৰবজাৰৰ ব্যৱসায়ী সকলৰ লগত মত বিনিময় কৰে দলটোৱে। নগাঁৱত এই কাৰ্যসূচীত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক নুৰুল হুদা ,কংগ্ৰেছ নেতা ৰমেশ বৰদলৈৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে (Ripon Bora Nagaon Press Meet)।

লগতে পঢ়কঃ ২০২৬ ত হ’ব ৰাইজ বনাম অহংকাৰী ৰজাৰ যুঁজ; তিনিচুকীয়াত গৌৰৱ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ


Advertisement