নিউজ ডেস্কঃ আজি ৫ জানুৱাৰী। আজিৰ দিনটোত কাৰ্বি জনগোষ্ঠীয়ে উদযাপন কৰে ৰংকে পূজা। কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ লিংদক ৰংহাং গাঁৱত আৰু কঠালগুৰি মেজি গাঁৱত ৰংকে পূজা অনুষ্ঠিত হৈছে (Rongker Puja Karbi)।
কি এই ৰংকে পূজা
কাৰ্বি জনগোষ্ঠীৰ অন্যতম পৱিত্ৰ আৰু পৰম্পৰাগত ধৰ্মীয় উৎসৱ ৰংকে পূজা (Karbi Traditional Festival)।
গাঁওবাসীৰ মঙ্গল, শস্য উৎপাদনৰ সমৃদ্ধি আৰু মহামাৰী-প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষাৰ কামনাৰে এই পূজা আয়োজন কৰা হয়। ৰংকে পূজাক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বুলিও কোনো কোনো অঞ্চলত কয় (Rongker Puja Karbi)।
কোন কোন সময়ত ৰংকে পূজা পালন কৰা হয়
সাধাৰণতে নৱবৰ্ষৰ আৰম্ভণিতে এই পূজা পালন কৰা হয়। জানুৱাৰী মাহৰ ৫ তাৰিখে কাৰ্বি আংলং জিলা বা নগাঁও জিলাৰ কাৰ্বি সকলে এই পূজা পালন কৰে।
কোন দেৱতাক আৰাধনা কৰেঃ
পৰম্পৰা অনুসৰি গাঁৱৰ পৱিত্ৰ স্থানত সমাজৰ পূজাৰী আৰু জ্যেষ্ঠ লোকসকলৰ উপস্থিতিত ৰংকে পূজাৰ আচাৰ-অনুষ্ঠান সম্পন্ন কৰা হয়। পূজাত কাৰ্বি সমাজৰ সৰ্বোচ্চ দেৱতা হেম্ফু, ৰক্ষাকাৰী দেৱতা মুংক্ৰা, অতিথি দেৱতা লঙৰি চাৰ্প, অৰণ্যবাসী দেৱতা থান আদিৰ লগতে পূৰ্বপুৰুষৰ আত্মাক স্মৰণ কৰি আহুতি আগবঢ়োৱা হয় (Karbi Anglong Culture)।
নিয়ম-নীতি
ৰংকে পূজাৰ অংশ হিচাপে গাঁওবাসীয়ে পৰম্পৰাগত নিয়ম মানি কুকুৰা আৰু গাহৰি বলি আগবঢ়োৱাৰ লগতে চাউল, সুৰা আৰু অন্যান্য পূজা-সামগ্ৰী উৎসৰ্গা কৰে। ৰংকে পূজাৰ দ্বিতীয় দিনা অনিষ্টকাৰী আত্মাক খেদি পঠিওৱা হয়। তদুপৰি বাঘৰ আক্ৰমণৰ পৰা গাঁৱক সুৰক্ষা প্ৰদান কৰিবলৈ মতা কুকুৰা বলি দিয়া হয় (Assam Tribal Festival)।
পূজাৰ সময়ৰ নিষেধাজ্ঞা
পূজাৰ সময়ছোৱাত গাঁওখনত কিছুমান সামাজিক নিষেধাজ্ঞাও পালন কৰা হয় । ইয়াৰ ভিতৰত মচল পূজাত মহিলাই অংশগ্ৰহণ নকৰ। তদুপৰি পূজাৰ সময়ত কোনো লোকে গাঁও এৰি নাযায়।
ৰংকে পূজাক কেন্দ্ৰ কৰি কাৰ্বি সমাজৰ পৰম্পৰাগত নৃত্য-গীতৰো আয়োজন কৰা হয়। পূজাৰ অন্তত গাঁওবাসীয়ে একেলগে ভোজনত অংশগ্ৰহণ কৰে, যাৰ জৰিয়তে সামাজিক ঐক্য আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় হয়।
পৰম্পৰাক জীয়াই ৰখাৰ প্ৰয়াস
উল্লেখযোগ্য যে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো কাৰ্বি সকলে ৰংকে পূজাৰ দৰে পৰম্পৰাগত লোকাচাৰ আজিও সযতনে সংৰক্ষণ কৰি আহিছে। এই পূজাই কাৰ্বি সমাজৰ সাংস্কৃতিক পৰিচয় আৰু প্ৰকৃতি-পূজাৰ বিশ্বাসক প্ৰতিফলিত কৰিছে।
লগতে পঢ়কঃ Zubeen Garg Velaghar Tribute: জুবিন গাৰ্গৰ অন্তিম স্মৃতিত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে ভেলাঘৰ
