ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিলে ভাৰতৰ ওপৰত আৰু অধিক বৃদ্ধি হ’ব শুল্ক —মোডীক ‘ভাল মানুহ’ বুলি কৈও সতৰ্ক কৰিলে ট্ৰাম্পে

ইণ্টাৰনেশ্যনেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে পুনৰবাৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত ভাৰতক স্পষ্ট সতৰ্কবাণী প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “ভাল মানুহ” বুলি প্ৰশংসা কৰিলেও, ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত থাকিলে ভাৰতৰ ওপৰত আৰু অধিক শুল্ক আৰোপ কৰিব পাৰে বুলি স্পষ্টকৈ জনালে ড’নাল্ড ট্রাম্পে।
(India Russia oil tariff warning Trump)

ৱাশিংটনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্রাম্পে কয়, ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত আমেৰিকাৰ অসন্তোষ্টি দেখি ভাৰতে ইতিমধ্যেই নিজৰ নীতিত কিছু পৰিবৰ্তন আনিছে। তেওঁৰ মতে, আমেৰিকাক সন্তুষ্ট কৰাৰ উদ্দেশ্যেই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কিছু পৰিমাণে হ্ৰাস কৰিছে।

ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা কৰি কয়, “মোডী এজন অত্যন্ত ভাল মানুহ। তেওঁ জানিছিল যে মই এই বিষয়ত সন্তুষ্ট নাছিলোঁ আৰু আমাক সন্তুষ্ট কৰাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল।”

কিন্তু ইয়াৰ লগতে ট্ৰাম্পে কঠোৰ ভাষাৰে সকিয়নি দি কয়, যদি ভাৰত আৰু ৰাছিয়াই পুনৰ পূৰ্বৰ দৰে বাণিজ্য বৃদ্ধি কৰি গৈ থাকে, তেন্তে আমেৰিকাই অতি সোনকালে শুল্ক বৃদ্ধি কৰিব পাৰে। তেওঁৰ দাবী অনুসাৰি, বাণিজ্যৰ ক্ষেত্ৰখনত আমেৰিকাৰ হাতত এক শক্তিশালী সুবিধা আছে।

এই সন্দৰ্ভত আমেৰিকাৰ প্ৰভাৱশালী ছনেটৰ লিন্ডছে গ্ৰাহামে ট্ৰাম্পৰ সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন জনায়। গ্ৰাহামে কয়, ৰাছিয়ান তেল ক্ৰয়ৰ বাবেই ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্কৰ ফল ইতিমধ্যেই দেখা গৈছে। তেওঁৰ মতে, এই শুল্কৰ চাপত ভাৰতে ৰাছিয়াৰ পৰা তেলৰ ক্ৰয় উল্লেখযোগ্যভাৱে কমাবলৈ বাধ্য হৈছে।

গ্ৰাহামে লগতে কয়, এই পদক্ষেপে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ চলাই যোৱা শক্তিক দুৰ্বল কৰিছে। তেওঁৰ মতে, বিদেশ নীতিৰ এক শক্তিশালী অস্ত্ৰ হিচাপে শুল্ক ব্যৱস্থাই কাৰ্যকৰী কৰা বুলি ইয়াতেই প্ৰমাণ হৈছে ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গ্ৰাহামে দাবী কৰে, নতুন প্ৰস্তাৱিত আইন অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সম্পূৰ্ণ নিজস্ব বিবেচনাত শূন্যৰ পৰা ৫০০ শতাংশলৈ শুল্ক আৰোপ কৰিব পাৰিব। এই ব্যৱস্থাই ইতিমধ্যেই ফলাফল দিবলৈকো আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

গ্ৰাহামে লগতে উল্লেখ কৰে, কিছুদিন পূৰ্বে তেওঁ ভাৰতীয় ৰাষ্ট্ৰদূতৰ বাসগৃহত মিলিত হৈছিল আৰু তাত মূলত এই বিষয়টোৰ ওপৰতেই আলোচনা হৈছিল যে কেনেদৰে ভাৰতে ৰাছিয়াৰ পৰা তেলৰ ক্ৰয় কমাই আনিছে।

লগতে পঢ়ক: সুৰক্ষিত আৰু সঠিক পৰিৱর্তন নোহোৱা পৰ্যন্ত ভেনিজুৱেলা চলাব আমেৰিকাই” – ভেনিজুৱেলাত সামৰিক অভিযানৰ পাছত ড’নাল্ড ট্ৰাম্প


Advertisement