গুৱাহাটীঃ ২০২৫ বৰ্ষৰ অষ্টম বাৰ্ষিক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা আজি ঘোষণা কৰা হৈছে। দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত এই কথা সদৰী কৰে শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সভাপতি মৃন্ময় বৰুৱা আৰু সম্পাদক ৰঞ্জিত দাসে (Sailadhar Barua Film Award 2025)।

তেওঁলোকে জনোৱা মতে মুঠ ২৬ খন চলচ্চিত্ৰই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতা অংশগ্ৰহণ কৰা চলচ্চিত্ৰ সমূহ আছিল অসম ,মেঘালয় আৰু মনিপুৰৰ (Assamese film awards)।
প্ৰতিযোগিতাৰ জুৰী সদস্য আছিল যোচেফ পুলিন্থানাথ(অধ্যক্ষ), হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্য, মুনীন বায়ন, জ্যোতি প্ৰসাদ দাস আৰু পূৰ্ণিমা শইকীয়া (Prakash Deka director) ।
জুৰী সদস্য সকলৰ বিচাৰ মৰ্মে শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্বাচিত হৈছে খাচী চিনেমা ‘এপট’।এই চলচ্চিত্ৰখনৰ প্ৰযোজক-পৰিচালক হৈছে ৰাফেল ৱাৰ্জৰি । এই চলচ্চিত্ৰই লাভ কৰিব নগদ ৫০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ (Assamese cinema news)।
| শিতান | বিজয়ী | চলচ্চিত্ৰ | বঁটা |
|---|---|---|---|
| শ্ৰেষ্ঠ পৰিচালক | প্ৰকাশ ডেকা | নৰা | নগদ ₹২৫,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ | সঞ্জিব সভাপণ্ডিত | আকাশ হেনো নদীৰ নাম | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ সংগীত পৰিচালক | আগষ্টিন কুৰৱা | এপট (Khasi cinema Apot) | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ চিনেমেটগ্ৰাফাৰ | অনিৰূদ্ধ বৰুৱা | তাৰিখ | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী | মানস প্ৰতীম গোস্বামী | নৰা | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা | প্ৰিয়কান্ত লেইচৰাম | ৱাননেচ | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ কলা নিৰ্দেশনা | ভাস্কৰজ্যোতি কলিতা | দ্যা উদকাটাৰ | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ অভিনেতা | ৰাজু ৰয় | নৈ কথা | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
| শ্ৰেষ্ঠ অভিনেত্ৰী | ৰ’দালী বৰা | বোৰ্খা: দ্যা ভেইল | নগদ ₹২০,০০০, স্মাৰক আৰু মানপত্ৰ |
তদুপৰি জুৰীৰ বিশেষ পুৰস্কাৰ অভিনয়ত যতীন্দ্ৰনাথ খনিকৰ ( চলচ্চিত্ৰ ‘বোৰ্খা আৰু গমন’), পৰিচালক ধীৰাজ কাশ্যপ (ব্ৰহ্মকণ্যা) আৰু খঞ্জন কিশোৰ নাথ ( কাৰ্বি চলচ্চিত্ৰ কেনবো এল’টি)।
অহা ১০ আৰু ১১ জানুৱাৰীত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা সভাকক্ষত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব। এই অনুষ্ঠানতে বঁটা প্ৰাপ্ত চলচ্চিত্ৰ সমূহ প্ৰদৰ্শন কৰা হব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আহিব সুহাসিনি মূলে।
সন্মানীয় অতিথি হিচাপে থাকিব মঞ্জুলা বৰুৱা। অনুষ্ঠানতে সংগীত পৰিচালক ৰমেন চৌধুৰী আৰু কণ্ঠশিল্পী সমৰ হাজৰিকাক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হব।
তদুপৰি শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালকৰ লগত দৰ্শকৰ সমুখত কথোকথন হব। এই অনুষ্ঠান জ্যেষ্ঠ সাংবাদিক মুনীন বায়নে পৰিচালনা কৰিব। তদুপৰি সুহাসিনী মূলেৰ লগত অন্তৰংগ আলোচনা অনুষ্ঠান পৰিচালনা কৰিব জ্যেষ্ঠ সাংবাদিক মনোজ বৰপূজাৰীয়ে।
লগতে পঢ়কঃ Krantikal Award 2025: ডঃ তিলোত্তমা মিশ্ৰলৈ ২০২৫ বৰ্ষৰ ক্ৰান্তিকাল সন্মান

