গুৱাহাটীঃ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে এটা দুষ্ট চক্ৰই প্ৰয়াস কৰাৰ অভিযোগ উঠিছে (Sarbananda Sonowal Fake Letter)। এই দুষ্ট চক্ৰটোৱে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰা বুলি এখন ভূৱা পত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে।
কি লিখা আছে ভূৱা পত্ৰখনত
ভূৱা পত্ৰখনৰ বিষয়বস্তু হৈছে অসমৰ তৃণমূল পৰ্যায়ৰ অতি গুৰুতৰ পৰিবেশৰ পৰিপ্ৰেক্ষিতত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে প্ৰয়োজনীয় জৰুৰী ব্যৱস্থা গ্ৰহণৰ আবেদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূৱা স্বাক্ষৰ যুক্ত ভূৱা পত্ৰখনত ভাৰতীয় জনতাৰ পাৰ্টিৰ প্ৰতি জনতাৰ ক্ষোভ বৃদ্ধি পোৱা বুলি উল্লেখ আছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়াঃ
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ভূৱা পত্ৰখনলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ আছে এনেদৰে, “আমাৰ দৃষ্টিগোচৰ হৈছে যে- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে। এয়া উদ্দেশ্য প্ৰণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ।
ইয়াৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে। এই বিষয়ত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে, আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত আগবঢ়াই দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে উক্ত চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে ৰচনা কৰা হৈছে। জনসাধাৰণ আৰু সংবাদ মাধ্যমক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী উৎসৰ জৰিয়তেহে তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
লগতে পঢ়কঃ Rajen Gohain on Sonowal Himanta: সোণোৱালৰ প্ৰশংসা,হিমন্তক তুলাধূনা ৰাজেন গোহাঁইৰ
