Sela Lake Accident in Tawang: One Kerala Tourist Dead, Another Still Missingটাৱাঙৰ বৰফত এজনৰ মৃত্যু, সন্ধান পোৱা নাই আন এজন পৰ্যটকৰ

অৰুণাচলঃ সতীৰ্থক বচাবলৈ গৈ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা হ্ৰদত শুকুৰবাৰে দুজন পৰ্যটকৰ পানীত বুৰি মৃত্যু হয় (Tawang Sela Lake Tourist Death)। মৃত্যু হোৱা পৰ্যটক দুজন কেৰেলাৰ বুলি জানিব পৰা গৈছে। তেওঁলোকৰ নাম বিনু (দিনু) প্ৰকাশ (২৬) আৰু মহাদেৱ জি(২৪)। ইয়াৰে বিনু প্ৰকাশৰ ঘৰ কল্লামত আৰু মহাদেৱ জিৰ ঘৰ মালিপপুৰমত বুলিও জানিব পৰা গৈছে।

টাৱাং জিলা প্ৰশাসনৰ এক সূত্ৰে জানিব পৰা মতে, বৰফে ঢকা টাৱাঙৰ চেলা হ্ৰদটোত এজন সংগীক সহায় কৰিবলৈ গৈ পানীত বুৰি পৰ্যটক দুজনৰ মৃত্যু হয়। দলটোৰ তৃতীয় সদস্যজনে ফোনত কথা পাতি বৰফে জমা হ্ৰদৰ ওপৰদি যাওতে পিছল খাই পৰে। তেওঁক উদ্ধাৰ কৰিবলৈ সহকৰ্মী কেইজন যায় (Arunachal tourist accident)। ইয়াৰে বিনু আৰু মহাদেৱ সন্ধানহীন হয়। পিচত শুকুৰবাৰে নিশাই বিনুৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰামতে পৰ্যটকৰ দলটো গুৱাহাটীৰ পৰা টাৱাঙলৈ গৈছিল (Sela Lake accident)।

টাৱাং জিলাৰ আৰক্ষীৰ এক সূত্ৰে জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ৩ বজাৰ সময়ত আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰে। তাৰ পাছতেই দুৰ্বল প্ৰচণ্ড শীত আৰু কম পোহৰৰ মাজতো আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু এচ ডি আৰ এফ (SDRF)-ৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় (Sela Pass tragedy)।

উদ্ধাৰকাৰী দলে বিনু নামৰ পৰ্যটক জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলিও জানিব পৰা গৈছে । জাং কমিউনিটি হেল্থ চেণ্টাৰত শণিবাৰে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। পিচত গুৱাহাটীলৈ আৰু পৰৱৰ্তী সময়ত বিমানৰে মৃতদেহ কেৰেলালৈ প্ৰেৰণ কৰিব বুলিও জানিব পৰা গৈছে ।

অৰুণাচল আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে নিশা আন্ধাৰ আৰু বিপজ্জনক পৰিস্থিতিৰ বাবে মহাদেৱৰ উদ্ধাৰ অভিযান সাময়িকভাৱে স্থগিত ৰাখে। শণিবাৰে পুনৰ অভিযান আৰম্ভ কৰা হৈছে। বাতৰি লিখাৰ সময়লৈকে সন্ধানহীন পৰ্যটক জনৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে।

স্থানীয় প্ৰশাসনৰ মতে শীতকালত চেলা হ্ৰদ বৰফৰে ভৰি থাকে। ফলত আকৰ্ষণীয় এক পৰিবেশৰ সৃষ্টি হয়। কিন্তু এই বৰফৰ মানুহৰ বহন ক্ষমতা নাথাকে। প্ৰশাসনে সেয়ে পৰ্যটকক এইক্ষেত্ৰত সতৰ্ক কৰি আহিছে। সতৰ্কতামূলক চাইন ব’ৰ্ডো আঁৰি দিয়া আছে উক্ত স্থানত।

লগতে পঢ়কঃ Gulmarg Freezes Minus 7: গুলমাৰ্গত মাইনাছ ৭ ডিগ্ৰীলৈ নামিল তাপমাত্ৰা

Digital news website development
Digital news website development

Advertisement