SIR Assam Miya Vote Cut: Assam CM Says 4–5 Lakh Miya Votes to Be Deleted After SIRএচ আই আৰ আহিলে অসমত মিঞা ভোট চাৰি ৫ লাখ কাটিব লাগিবঃ মুখ্যমন্ত্ৰী

গুৱাহাটীঃ “মিঞাই অসমত যাতে ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো। কিন্তু ই এতিয়া প্ৰাথমিক পৰ্যায়তহে ব্যৱস্থা লৈছো। এচ আই আৰ আহিলে অসমত মিঞা ভোট চাৰি ৫ লাখ কাটিব লাগিব (SIR Assam Miya Vote Cut)।” -মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মংগলবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। তেওঁ কয়, ” কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। মোৰ কাম হৈছে মিঞাক কষ্ট দিয়া। যদি মিঞাই কষ্ট নাপায় মিঞা দুলিয়াজানো পৰ্যন্ত পাবগৈ। তিনিচুকীয়াও আহিব। মই কেইদিনমান আগতে তিনিচুকীয়াত দেখিলো হিন্দুৱে ভূমি বিক্ৰী কৰা বেছি আৰু মিঞাই ক্ৰয় কৰা বেছি। ইয়াৰ অৰ্থ ডিগবৈ তিনিচুকীয়া, দুলিয়াজান আদিলৈকে মিঞা আহি গ’ল। এতিয়াই যদি আমি সাৱধান নহও কেতিয়া সাৱধান হম? গতিকে এচ আৰ ত কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই (Himanta Biswa Sarma Statement)।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা অসমীয়াৰ গৌৰৱৰ চানেকি সম্বলিত অংগবস্ত্ৰ ডিঙিত আঁৰি সন্মান নজনোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰসংগত তেওঁ কয়, “আমাৰ অসমীয়াৰ সন্মানৰ চানেকি অংগ বস্ত্ৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ অতিথি সকলক দিয়া ৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা অতিথি সকলো আছিল।

সকলোৱে সন্মানৰে এই অংগবস্ত্ৰ গ্ৰহণ কৰিলে। কিন্তু ৰাহুল গান্ধীয়ে অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে আৰু অন্য অংগ বস্ত্ৰও নিপিন্ধিলে। এই ঘটনাই সকলোকে দুখ দিছে। কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিচেও ৰাহুল গান্ধীয়ে অসমৰ গামোচাক অপমান কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যদিও গুজৰাটৰ মানুহ তেওঁ বিদেশতো গামোচা লৈ ফুৰে। ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল’বলৈ ইচ্ছা নকৰে। মই ভাবো অসমৰ ৰাইজে চাই আছে আৰু পূৰ্বতে দিয়াৰ দৰে ভৱিষ্যতেও ৰাহুল গান্ধীক শিক্ষা দিব।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সমালোচনা

২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত পতাকা উত্তোলন কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ নকৰা বিষয়ত সাংবাদিকে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰীয়ে কয়, “গৌৰৱ গগৈ ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত কেতিয়াও অসমত নাথাকে। তেওঁৰ ঘৰৰ তিনিজন মানুহেই বিদেশী। তেওঁনো কেনেকৈ স্বদেশী হ’ব? ৰাজনীতিত নথকা হ’লে তেওঁৱো ইমান দিনে বিদেশী হলহেঁতেন।”

মোক মিঞাই ভাল পায়ঃ হিমন্ত

মিঞাক কষ্ট দিম বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰস্পৰ বিৰোধী মন্তব্য কৰে। তেওঁ কয়, ” মোক দুখীয়া মিঞাই ভাল পায় (Miya Vote Assam)। সকলো মিঞাৰ ছোৱালীয়ে মোক ভাল পায়। মোৰ লগত কথা পাতি বহু মিঞা ছোৱালীয়ে কৈছে মামা আমি দুটাতকৈ বেছি সন্তান জন্ম নিদিও। আপোনালোক কেতিয়াবা ধিং, ৰূপহীত যাব কলেজত মোৰ সমান কোনো পপুলাৰ নাই। সেই কাৰণে অৰুণোদয় দিও। দুখীয়া মানুহক দিগদাৰি নিদিও। ভোট খুজিলে ভোটো মোক দিব (Assam Political News)।

লগতে পঢ়কঃ মিঞাসকল কষ্ট পায়েই থাকিব: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


Advertisement