শিৱসাগৰঃ জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত এচ আই টি য়ে দাখিল কৰা চাৰ্জশ্বিটক(SIT Chargesheet Zubin Garg Death) লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে । শিৱসাগৰত মংগলবাৰে এখন সংবাদ মেলত গগৈয়ে কয় যে-ছিংগাপুৰলৈ যোৱা এছ আই টিৰ বিষয়াই জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত তথ্য গোটাব নোৱাৰিলে । এছ আই টিয়ে মাত্ৰ ছিংগাপুৰৰ সাগৰৰ পৰা ৫০০ মিলিলিটাৰ পানী লৈ আহিছে লগতে এছ আই টিৰ মুৰব্বী আৰু আই পি এছ তৰুণ গোৱেলে জুবিন গাৰ্গৰ মৃত্যু হোৱা স্থানৰ এটা ভিডিঅ লৈ এখন মেপ বনাইছে । সমগ্ৰ চাৰ্জ চীটখনত ছিংগাপুৰৰ মাত্ৰ এই দুটাই তথ্য । এছ আই টিয়ে ছিংগাপুৰৰ পৰা এইকেইটা তথ্যই সংগ্ৰহ কৰি আনিছে(Akhil Gogoi statement)।
বিধায়ক গগৈয়ে লগতে কয় যে-যিখন য়টৰ পৰা জুবিন গাৰ্গে জপিয়াইছিল সেই য়টখন জব্দ কৰিব লাগিছিল । য়টৰ কেপ্টেইন আৰু তাত উপস্থিত থকা ব্যক্তি চি চি টি ভি ফুটেজ সংগ্ৰহ নকৰিলে । জুবিন গাৰ্গক চিকিৎসা প্ৰদান কৰা এম্বুলেন্সখনৰ দলটো, মৰোনোত্তৰ পৰীক্ষা সম্পাদন কৰা চিকিৎসক কেইজনৰ ভাষ্য গ্ৰহণ কৰা নহল । জুবিন গাৰ্গে নিশা কটোৱা হোটেলখনৰ কোঠাটো ছীল কিয় কৰা নহল ? (Zubin Garg death case)
জুবিন গাৰ্গ মৃত্যুৰ সময়ত কভিদ ১৯ ত ভুগি আছিল বুলি মন্তব্য কৰি গগৈয়ে কয় যে-
চি আই ডি আৰু এছ আই টিয়ে নগৈ গঁড়গাৱৰ বাতৰি দিছে । ভাৰতবৰ্ষৰ সবাতোতকৈ ডাঙৰ যিটো ধাৰা সেই ধাৰাটো প্ৰমাণ কৰিবৰ বাবে মাত্ৰ আধালিটাৰ সাগৰৰ পানী আৰু মাত্ৰ এটা ভিডিঅ এছ আই টিয়ে সংগ্ৰহ কৰিলে । বিধায়ক গগৈয়ে কটাক্ষ কৰি কয় যে-এইখন মাত্ৰ তেৰটা পৃষ্ঠাৰ এখন চাৰ্জ চীট । বাকীখিনিৰ একো কাম নাই । তেৰ পৃষ্ঠাৰ ভিতৰতো মাত্ৰ ৮ বা ৯ পেজ মানহে প্ৰকৃততে চাৰ্জ চীটখনত আছে ।
মুখ্যমন্ত্ৰীয়ে চাৰ্জ চীটখন বাৰহাজাৰ পৃষ্ঠাৰ বুলি কৈছিল । সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে চাৰ্জ চীট কেৱল মদ খুৱাই জুবিন গাৰ্গক সাতুৰিবলৈ দিয়া বুলিহে উল্লেখ আছে । লগতে লাইফ জেকেট নোহোৱাকৈ সাতুৰিবলৈ দিয়াৰ এটা অভিযোগো চাৰ্জ চীটখনত আছে । জুবিন গাৰ্গৰ মৃত্যুৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মাই টকা আত্মসাৎ কৰিব বিচাৰিছিল । জুবিন গাৰ্গৰ টকাৰে সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা আৰু হোটেল হেৰিটেজ খুলিছিল ।
সিদ্ধাৰ্থ শৰ্মাই মানুহজন সাতোৰাত বাধা থকা বুলি জনাৰ পাছতো সাতুৰিবলৈ উচতনি প্ৰদান কৰিছিল । শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গে মদ খোৱাৰ বাধা থকা বুলি জানিও এটা মদৰ বটল যোগান ধৰাৰ অভিযোগ আছে । সকলো জানিও শ্যামকানু মহন্তই পাৰ্টিটো বাতিল কৰা নাছিল । শ্যামকানু মহন্তই জুবিন গাৰ্গৰ স্বাস্থ্য সম্বন্ধীয় কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল ।
অমৃতপ্ৰভাৰ জৰিয়তে একেটা কোঠাত জুবিন গাৰ্গক মদ খোৱাৰ ব্যৱস্থা কৰিছিল শ্যামকানু মহন্তই ।
বিধায়ক গগৈয়ে কয় যে-ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া কেইজনক বচাবৰ বাবে চাৰ্জ চীটত জুবিন গাৰ্গৰ স্বাস্থ্য সম্বন্ধে থকা বাধা নিষেধ নজনোৱা বুলি উল্লেখ কৰি তেওঁলোকক বচাই দিয়া হল । ঘটনা সংঘটিত হোৱা স্থানত তদন্ত নকৰাকৈ কেনেকৈ দোষীৰ শাস্তি হব । তদন্তৰ নামত মাত্ৰ এটা বটল পানী আনি ভেকোভাওনা কৰিলে । ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা পবিত্ৰ মাৰ্ঘেৰিটা আৰু ছিংগাপুৰস্থিত ভাৰতীয় দূতাবাসৰ পৰা কোনো ধৰণৰ ভাষ্য সংগ্ৰহ কৰা নহল । এইখন এখন মহাদুৰ্বল চাৰ্জ চীট আৰু মাত্ৰ প্ৰহসন।
চাৰ্জ চীটখন পঢ়াৰ পাছত মই এটা কথা নিশ্চিত যে জুবিন দাই এইখন চাৰ্জ চীটৰ জৰিয়তে কেতিয়াও ন্যায় নাপায় ।
তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে-মানুহক দেখুৱাই হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নকলে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে মানুহে ধৰিব,গালি দিব ।২০২৬ চনত অকল জুবিনদাৰ বাবেই বিজেপি হাৰিব । সেয়ে কোনো তথ্য প্ৰমাণ ভালদৰে গোটাই নুলোৱাকৈ জুবিন দাৰ মৃত্যুৰ প্ৰসংগত চাৰ্জশ্বিট দাখিল কৰিছে ।
লগতে পঢ়ক: কোটিপতি হবলৈ গৈ অৱশেষত ACS ৰ চাকৰি হেৰুৱালে সুকন্যা বৰাই (Sukanya Bora ACS Corruption Case)

