Sonia Gandhi Hospitalised: Former Congress President Admitted to Delhi's Sir Ganga Ram Hospital Due to Breathing Issuesদিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত চিকিৎসাধীন প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী

নতুন দিল্লী: শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক (Sonia Gandhi Hospitalised)। এই খবৰে ৰাজনৈতিক মহলত উদ্বেগৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১০ বজাত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ এক বিশেষ দলৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসা কৰি থকা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও কেইবাটাও পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰা হৈছে।

চিকিৎসকে কি কয় ?

ছাৰ গংগা ৰাম হাস্পতালৰ অধ্যক্ষ ডা° অজয় স্বৰূপে জনোৱা মতে, ছোনিয়া গান্ধীয়ে উশাহ-নিশাহ লোৱাত কিছু অসুবিধা অনুভৱ কৰিছিল। প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষাত ধৰা পৰে যে অত্যধিক ঠাণ্ডা আৰু বায়ু প্ৰদূষণৰ মিলিত প্ৰভাৱৰ বাবে তেওঁৰ ‘ব্ৰংকিয়েল এজমা’ (Bronchial Asthma) সমস্যাটো পুনৰ বৃদ্ধি পাইছে।

এই কাৰণতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়, যাতে স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায়।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনে আছে ?

ডা° অজয় স্বৰূপে স্পষ্ট কৰিছে যে বৰ্তমান ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱস্থা সম্পূৰ্ণৰূপে সুস্থিৰ। তেওঁক বৰ্তমান এন্টিবায়োটিকৰ লগতে আন প্ৰয়োজনীয় ঔষধ প্ৰদান কৰা হৈছে আৰু চিকিৎসাৰ ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি ঘটিছে।

চিকিৎসকৰ মতে, স্বাস্থ্যৰ উন্নতি যদি এনেদৰে অব্যাহত থাকে, তেন্তে আগন্তুক এদিন বা দুদিনৰ ভিতৰতে তেওঁক হাস্পতালৰ পৰা ছুটী (Discharge) দিয়াৰ সম্ভাৱনা আছে।

পূৰ্বেও অসুস্থ হৈছিল ছোনিয়া গান্ধী

উল্লেখ্য যে, ২০২৫ চনৰ ৭ জুনত হিমাচল প্ৰদেশ ভ্ৰমণৰ সময়ত চিমলাত থাকোতেই ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। সেই সময়ত তেওঁক প্ৰথমে চিমলাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বেও নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ছোনিয়া গান্ধীক একাধিকবাৰ এই হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক নেতা আৰু সমৰ্থকে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

লগতে পঢ়ক: Raijor Podulit Raijor Congress: ৩ জানুৱাৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ তৃতীয় পৰ্যায়ৰ জনসংযোগ অভিযান আৰম্ভ


Advertisement