Srimanta Sankardev Sangha BongaigaonSrimanta Sankardev Sangha Bongaigaon: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চলিত বৰ্ষৰ অন্তিম কাৰ্য্যনিৰ্বাহক

বঙাইগাঁওঃ উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতি, শিক্ষা আদিকে ধৰি অন্যতম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জিলা নামঘৰ আৰু কাৰ্য্যালয়ত এক ভোজনালয় গৃহৰ লাইখুটা তথা আধাৰশিলা স্থাপন কৰে বঙাইগাঁও নগৰ প্ৰাথমিক শাখাৰ সংগী আৰু দাতা সুন্দৰ দাস আইগৰাকীয়ে (Srimanta Sankardev Sangha Bongaigaon)।

মুলতঃ সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চলিত বৰ্ষৰ শেষৰটো কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ইয়াৰ লগত সংগতি ৰাখি উক্ত ভোজনালয় গৃহৰ আধাৰশিলা স্থাপনত জিলা সভাপতি -সম্পাদক ,শৰণ সদস্য কেন্দ্ৰীয় সদস্য তথা মূলৰ সদস্যকে ধৰি কেইবাজনো আমন্ত্ৰিত অতিথি বাপ-বান্ধৱ আৰু আই সকলে সহযোগ কৰি আধাৰশিলা স্থাপন কৰে (Bongaigaon District News) ।

ইয়াৰ পিছতে জিলা সভাপতি অনিল চন্দ্ৰ ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাত উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক নমল শৰণীয়া বাপে। পাছত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে জিলা সম্পাদক বাপ জনাই (Religious Event Assam) । উক্ত প্ৰতিবেদনৰ ওপৰত মূলৰ সদস্য অজিত সৰকাৰ বাপ,অভয়াপুৰী আঞ্চলিক সম্পাদক মাণিক চন্দ্ৰ দাস বাপ,কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য কুঞ্জ ৰায় বাপ, শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপ ,প্ৰাক্তন প্ৰচাৰ সম্পাদক তথা জিলা সদস্য প্ৰফুল্ল দাস বাপ আদিয়ে পৰামৰ্শমূলক আলোকপাত কৰি একোটাকৈ সাৰুৱা ভাষণ দিয়ে। ইফালে উক্ত সভাতেই সৃজনগ্ৰাম আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া আগন্তুক ৪১ সংখ্যক বাৰ্ষিক অধিবেশনৰ আমন্ত্ৰণ শৰাই আগবঢ়াই আদৰণি সমিতিয়ে (Srimanta Sankardev Sangha Assam) ।

আনহাতে উক্ত সভাৰ মাজতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতিকে অনুগামী তথা সুভাকাংক্ষী বঙাইগাঁও সমষ্টিৰ বিধায়িকা দিপ্তীময়ী চৌধুৰী আই উপস্থিত হৈ কেতবোৰ উন্নয়ন মূলক কাৰ্য্যত সহযোগিতা আৰু পৰামৰ্শ দিয়ে। শেষত গুৰুৰ বন্দনাৰে সভা অন্ত পৰে (District Conference Assam)।

লগতে পঢ়কঃ Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ


Advertisement