গুৱাহাটী: নাম সুকন্যা। কাম কু কন্যাৰ দৰে। আমি ক’ব বিচাৰিছোঁ দুৰ্নীতিৰ ধনেৰে কোটিপতি হবলৈ গৈ অৱশেষত ACS ৰ দৰে চাকৰি হেৰুওৱা সুকন্যা বৰাৰ কথা(Sukanya Bora ACS Corruption Case)। কামৰূপ জিলাৰ তদানীন্তন অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক বিভাগীয় তদন্তৰ অন্তত বৰ্খাস্ত কৰা হয় চাকৰিৰ পৰা(Assam ACS corruption)।
কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্তৰ দায়িত্বত থকা সময়তে ২০১৮ চনত মুখ্যমন্ত্ৰী তদাৰকী শাখাই দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল সুকন্যা বৰাক(CM Vigilance Assam)। সেই সময়তেই চাকৰিৰ পৰাও নিলম্বিত কৰা হৈছিল এইগৰাকী সুকন্যা বৰাক। মাত্ৰ সাত বছৰীয়া চাকৰি কালতেই গুৱাহাটী মহানগৰকে ধৰি কেইবাখনো জিলাত মাটি সম্পত্তি ক্ৰয় কৰিবলৈ সক্ষম হৈছিল সদ্য বৰ্খাস্ত হোৱা ACS বিষয়া সুকন্যা বৰা। চি এম ভিজিলেঞ্চৰ জালত পৰাৰ পাছতেই সুকন্যা বৰাৰ বিৰুদ্ধে আৰম্ভ হৈছিল বিভাগীয় তদন্ত। আনকি ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিবৰ নেতৃত্বত গঠিত তদন্ত কমিতিয়েও দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন। তদন্ত কমিটিৰ প্ৰতিবেদনত প্ৰমাণিত হৈছিল সুকন্যা বৰাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ।
ACS বিষয়া পদবীৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱা সুকন্যা বৰাৰ বিৰুদ্ধে আছিল সাংসদ পুঁজিৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ(MP fund scam Assam)। কোনো কাম নকৰাকৈয়ে আঁচনিৰ সমূদায় ধন আত্মসাত কৰাৰো অভিযোগ উঠিছিল সুকন্যা বৰাৰ বিৰুদ্ধে(Sukanya Bora dismissal)।
উত্থাপিত একাধিক অভিযোগৰ ভিত্তিত তদন্ত সমিতিয়ে কৰা তদন্তৰ অন্তত দাখিল কৰা প্ৰতিবেদনত অভিযোগ সত্য প্ৰমাণিত হোৱাত অৱশেষত নিলম্বিত হৈ থকা ACS বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰাই বৰ্খাস্ত কৰা হয়(Assam bureaucracy corruption)।
লগতে পঢ়ক: পেহেলগাম কাণ্ড সম্পৰ্কত এন আই এ ৰ ১৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল – Pahalgam Terror Attack Case

