Tata Ernakulam Express FireTata Ernakulam Express Fire: অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুর্ঘটনা, দুটা ডবা সম্পূৰ্ণৰূপে ভস্মীভূত, ১ জনৰ মৃত্যু

নিউজ ডেস্কঃ অন্ধ্ৰ প্ৰদেশত যাত্ৰীবাহী চলন্ত ৰেলত ভয়ংকৰ আগ্নিকাণ্ডৰ ঘটনা। অন্ধ্ৰ প্ৰদেশৰ অনাকাপল্লী জিলাৰ ইলামঞ্চিলীৰ সমীপত সোমবাৰে পুৱাই টাটা–এৰ্ণাকুলম এক্সপ্ৰেছৰ দুটা ডবাত হঠাৎ ভয়ংকৰ আগ্নিকাণ্ড সংঘটিত হয় (Tata Ernakulam Express Fire)।

প্ৰাপ্ত তথ্য অনুসাৰে, ৰাতিপুৱাৰ এই সময়চোৱাত অধিকাংশ যাত্ৰী গভীৰ নিদ্ৰাত আছিল, যিসময়ত ৰেলখনৰ B1 আৰু M2 ডবাত জুইৰ সূত্ৰপাত ঘটে। ৰেলখনত ধোঁৱা আৰু জুই দেখি মুহূৰ্ততে ৰেলৰ ভিতৰত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় (Indian Railways fire incident)।

সময়মতে লোকো পাইলটৰ তৎপৰতা

লোকো পাইলটে আগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰেই ৰেলখন তৎক্ষণাৎ ৰখাই আৰু যাত্ৰীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে। এই তৎপৰতাৰ ফলতেই এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা উদ্ধাৰ পৰা বুলি ৰে’লৱে সূত্ৰই জানিবলৈ দিয়ে।

দুটাকৈ ডবা সম্পূৰ্ণৰূপে ভস্মীভূত

জানিব পৰা অনুসৰি, অতি কম সময়ৰ ভিতৰতে জুইয়ে ৰেলখনৰ দুটা ডবা সম্পূৰ্ণভাৱে আঁৱৰি ধৰে। জুই নিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ৰেলখনৰ দুয়োটা ডবা প্ৰায় সম্পূৰ্ণভাৱে ভস্মীভূত হয় (Railway accident today)।

(Andhra Pradesh train accident) এই ঘটনাত বহু যাত্ৰীৰ লগত থকা সামগ্ৰীসমূহ জুইত জ্বলি ছাই হৈ যায়।

এজন যাত্ৰীৰ মৃত্যু

অনাকাপল্লী জিলাৰ আৰক্ষী অধীক্ষক তুহিন সিনহাই জানিবলৈ দিয়ে যে এই দুৰ্ঘটনাত চন্দ্ৰশেখৰ সুন্দৰম নামৰ এজন যাত্ৰীৰ মৃত্যু হয়। মৃতদেহটো B1 ডবাৰ পৰা উদ্ধাৰ কৰা হৈছে (Anakapalli train fire)।
উল্লেখযোগ্য যে, B1 ডবাত ৮২ গৰাকী আৰু M2 ডবাত ৭৬ গৰাকী যাত্ৰী আছিল। ইয়াৰে একাংশ যাত্ৰী কম বেছি পৰিমানে অগ্নিদগ্ধ হোৱাৰ খবৰো পোৱা গৈছে।

ফৰেনচিক তদন্ত আৰম্ভ

ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে দুটা ফৰেনচিকৰ দল নিয়োগ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ক্ষতিগ্ৰস্ত ডবা দুটা বিচ্ছিন্ন কৰি দিয়াৰ পাছত ৰেলখন এৰ্ণাকুলমৰ দিশে আগবঢ়ে।

ইফালে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক গন্তব্যস্থানলৈ পঠিয়াবৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ৰে’লৱে কৰ্তৃপক্ষই সদৰি কৰিছে(Tata Ernakulam Express news) ।

লগতে পঢ়কঃ Elephant Train Accident Assam: ৩৫ কিলোমিটাৰ দূৰত্বত ৯ বছৰত ১৫ টা বন্যহস্তীৰ মৃত্যু


Advertisement