নগাঁও: কাইলৈ অৰ্থাৎ মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ মধ্য অসমত চলিব উচ্ছেদ অভিযান। আঢ়ৈ শ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিব নগাঁও জিলা প্ৰশাসনে(Three Day Eviction Drive in Nagaon)। বৃহৎ উচ্ছেদৰ বাবে ইতিমধ্যেই প্ৰশাসনে সাজু কৰিছে কেইবাখনো বুল্ড’জাৰ। বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু হোৱা প্ৰশাসনে নাভাঙে এটাও ঘৰ। তেন্তে কেনেধৰণৰ হ’ব এই উচ্ছেদ অভিযান?
আচলতে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ কেবাটাও এলেকাত এটা সময়ত আছিল পানী বৈ যোৱাৰ সুঁতি। ধিঙৰ শালনাবড়ী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ হৈ মাগুৰমাৰি বিললৈকে প্ৰাকৃতিক ভাবে পানী চলাচলৰ সূতি আছিল । কিন্তু এই সূঁতি একাংশ বেদখলকাৰীয়ে বিভিন্ন ঠাইত বান্ধ বনাই পুখুৰী আৰু ফিচাৰি বনাই বেদখল কৰি আহিছে। চৰকাৰী মাটিৰ সুঁতি বন্ধ কৰি পুখুৰী নিৰ্মানেৰে মৎস্য পালন কৰি স্থানীয় গাঁৱৰ লোকসকলক কৃত্ৰিম বানৰ সৃষ্টি বিপদৰ সন্মুখলৈ ঠেলি দি আহিছে। যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই এলেকাৰ গাৱঁৰ ৰাইজৰ লগতে বাট-পথৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছিল।

এইসকল লোকৰ চৰকাৰী ভূমি বেদখলে বিপদ মাতি অনা কৃষক ৰাইজৰ অভিযোগৰ ভিত্তিত আঢ়ৈ শ বিঘা চৰকাৰী ভূমি উচ্ছেদ কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন। এই কথা দ্যা নিউজ ছৰ্চক জানিবলৈ দি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, “কাইলৈ পুৱাৰ পৰা তিনিদিনীয়াকৈ উচ্ছেদ চলিব ধিং ৰাজহ চক্ৰৰ অধীনৰ আঢ়ৈ শ বিঘা ভূমিত। ধিঙৰ শালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিলত তিনিদিনীয়াকৈ উচ্ছেদ চলাই পুখুৰীসমূহৰ বান্ধ কাটি জমা হোৱা পানী ব্ৰক্ষ্মপুত্ৰলৈ বোৱাই দিয়াৰ পৰিকল্পনা কৰা হৈছে। যাৰ ফলত অঞ্চলটোৰ কৃত্ৰিম বানৰ সমস্যা নোহোৱা হ’ব।
লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প

