গুৱাহাটীঃ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে নৱবৰ্ষৰ দ্বিতীয় দিনটোতে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে বছৰটোৰ প্ৰথমখন হিতাধিকাৰী আঁচনি (Udasin Bhakat Financial Assistance Scheme Assam)।
শুকুৰবাৰে গুৱাহাটীৰ দিছপুৰস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ আঁচনিৰ শুভাৰম্ভ কৰে (Himanta Biswa Sarma scheme)। ডঃ শৰ্মাই এই উদাসীন ভকতসকলে মাহে ১৫ শ টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে (Satra bhakat financial aid)।
উল্লেখযোগ্য যে, বৰপেটা জিলাৰ ১০ গৰাকী, ধুবুৰীৰ ৮ গৰাকী, গোৱালপাৰাৰ ৮ গৰাকী, গোলাঘাটৰ ৬ গৰাকী, যোৰহাটৰ ৫৪ গৰাকী, কামৰূপৰ ১৪ গৰাকী, লক্ষিমপুৰৰ ২২ গৰাকী, মাজুলীৰ ৪৭৬ গৰাকী, নগাঁৱৰ ৭ গৰাকী, নলবাৰীৰ ৬ গৰাকী, শিৱসাগৰৰ ৫ গৰাকী, শোণিতপুৰৰ ৩ গৰাকী, ওদালগুৰিৰ ৩ গৰাকী উদাসীন ভকতে এই সাহায্য লাভ কৰিব (Assam beneficiary scheme 2026)।
শুকুৰবাৰে আনুষ্ঠানিক ভাবে ৫ জন উদাসীন ভকতক এই আঁচনিৰ চেক প্ৰদান কৰা হয়। তেওঁলোক হৈছে,- সৎসংগী দামোদৰী অলগাসত্ৰ বৰকুৰিহাৰী নলবাৰীৰ বিমল ৰয়, কমলাবাৰী সত্ৰ যোৰহাটৰ বুঢ়াভকত সোণাৰাম শৰ্মা, ভোগপুৰ সত্ৰৰ উৎপল মহন্ত, বৰপেটা সত্ৰৰ অজিত কুমাৰ ডেকা আৰু কামৰূপৰ দাড়ি সত্ৰৰ কৰ্ণ অধিকাৰী ।
মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ শুভাৰম্ভ কৰি কয়,” আমি চৰকাৰে বছৰৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ মেৰুদণ্ড সত্ৰৰ সেৱাত নিজকে নিয়োজিত কৰিছো। বিগত বাজেটত সত্ৰৰ ভকতৰ আৰ্থিক সাহায্যৰ বিষয়টো সন্নিবিষ্ট কৰা হৈছিল। আজি আনুষ্ঠানিক ভাবে ইয়াক আৰম্ভ কৰিছো।”
“ৰাজ্যৰ সত্ৰ সমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক,সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হৈছে।” ভাষনত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে (Assam cultural heritage scheme)।
লগতে তেওঁ কয়,” এই আঁচনিৰ জৰিয়তে উদাসীন ভকতসকললৈ প্ৰতিমাহে ১৫০০ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে হস্তান্তৰ কৰা হ’ব। যদি কোনোবা উদাসীন ভকত বাদ পৰি গৈছে তেওঁক পৰৱৰ্তী সময়ত সংযোজিত কৰা হ’ব।”
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়,” শ্ৰীমন্ত শংকৰদেৱে হৰিগৃহ বা নামঘৰ স্থাপনৰ জৰিয়তে সংস্কৃতিৰ চৰ্চাৰ উদ্দেশ্যে সত্ৰৰ বীজ ৰোপণ কৰিছিল। সত্ৰ শব্দটো সংস্কৃত শব্দ। ভাগৱত পুৰাণত সুতৰ পৰা ভাগৱত শুনিবলৈ ২৮ হাজাৰ ঋষিয়ে সত্ৰ পাতি বহাৰ কথা উল্লেখ আছে। এই অৰ্থত সত্ৰ শব্দ সন্মিলনৰ সমাৰ্থক।”
তেওঁ কয়,” অসমত সত্ৰ সমূহ স্থায়ী অনুষ্ঠান হিচাপে গঢ়ি তোলা হৈছে।” মুখ্যমন্ত্ৰীজনে অসমৰ নৱবৈষ্ণৱ ধৰ্মত থকা বিভিন্ন সংহতিৰ বিষয়েও বাখ্যা কৰে।
তেওঁ কয়,” বৈষ্ণৱ আন্দোলনে দুই ধৰণৰ জীৱন যাত্ৰাৰ সূচনা কৰিলে। এটা হ’ল সম্পূৰ্ণ সত্ৰীয়া জীৱন যাত্রা পদ্ধতি আৰু আনটো সাধাৰণ জীৱন যাত্ৰা পদ্ধতি। সত্ৰীয়া সংস্কৃতিৰো দুটা ভাগ উদাসীন সত্ৰ আৰু গৃহস্থী সত্ৰ। উদাসীন সত্ৰৰ সকলোৱে ব্ৰহ্মচাৰ্য আচৰণ অনুগামী আৰু উদাসীন।”
উদাসীন ভকত সকললৈ সাহায্য আগবঢ়োৱাৰ জৰিয়তে সত্ৰ সমূহৰ প্ৰতি চৰকাৰ যে সংবেদনশীল এই কথা প্ৰমাণ কৰিছে বুলি তেওঁ কয়।
তেওঁ কয়,” এই আঁচনিৰ কলেৱৰ বৃদ্ধি কৰা হব। যাতে উদাসীন ভকত সকলে আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়।
অনুষ্ঠানটোত আদৰণি ভাষন প্ৰদান কৰে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰবৰ্তী উপস্থিত থাকে।

