ইণ্টাৰনেশ্যনেল ডেস্ক: আমেৰিকাই জব্দ কৰা ৰাছিয়াৰ তেলবাহী জাহাজ ‘মেৰিনেৰা’ৰ (Marinera) কৰ্মচাৰীসকলৰ ভিতৰত তিনিগৰাকী ভাৰতীয় নাগৰিক থকা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে ৰাছিয়াই ৱাশ্বিংটনক সামুদ্ৰিক যাতায়তৰ স্বাধীনতা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিবলৈ আহ্বান জনায়। একে সময়তে মস্কোৱে আমেৰিকাৰ এই কাৰ্যক তেওঁলোকৰ ‘নব্য-ঔপনিৱেশিক’ (neo-colonist) মানসিকতা বুলি তীব্ৰ সমালোচনা কৰে।
ৰাছিয়াই লগতে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে ইতিমধ্যে আমেৰিকাক ‘মেৰিনেৰা’ নামৰ টেংকাৰখনৰ বিষয়ে পূৰ্বেই অৱগত কৰিছিল। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই জব্দ কৰা জাহাজখনত থকা কৰ্মচাৰীসকলৰ ভিতৰত তিনিগৰাকী ভাৰতীয়ও আছিল।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিছে যে, পূৰ্বে ‘বেলা ১’ (Bella 1) নামেৰে জনাজাত আৰু বুধবাৰে উত্তৰ আটলাণ্টিকত আমেৰিকাৰ উপকূলৰক্ষী বাহিনীয়ে জব্দ কৰা ‘মেৰিনেৰা’ টেংকাৰখনৰ বিষয়ে আমেৰিকাক বাৰে বাৰে অৱগত কৰা হৈছিল। ‘ৰাছিয়া টুডে’ (RT)-এ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে, “মেৰিনেৰাৰ কৰ্মচাৰীসকলৰ ভিতৰত ১৭ গৰাকী ইউক্ৰেইনৰ নাগৰিক, ৬ গৰাকী জৰ্জিয়াৰ নাগৰিক, ৩ গৰাকী ভাৰতীয় নাগৰিক আৰু ২ গৰাকী ৰাছিয়াৰ নাগৰিক আছে।”
বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, “আমি ৱাশ্বিংটনক আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক যাতায়তৰ মৌলিক নীতি-নিয়মসমূহ মানি চলিবলৈ আৰু ‘মেৰিনেৰা’ টেংকাৰ তথা সাগৰৰ বুকুত বৈধ কাৰ্যকলাপত নিয়োজিত আন জাহাজসমূহৰ বিৰুদ্ধে চলোৱা এনে অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ।”
মস্কোৱে জনোৱা মতে, আমেৰিকাই তেওঁলোকৰ ৰাষ্ট্ৰীয় “নিষেধাজ্ঞা আইন”ৰ (sanctions legislation) উদ্ধৃতি দি জাহাজখন জব্দ কৰাটো সম্পূৰ্ণ ভিত্তিহীন। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে গুৰুত্ব দি কয় যে, “কিছুমান আমেৰিকান বিষয়াৰ মন্তব্য অনুসৰি ‘মেৰিনেৰা’ জব্দ কৰাটো ভেনিজুৱেলাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত ৱাশ্বিংটনৰ সীমাহীন কৰ্তৃত্ব স্থাপনৰ এক বৃহৎ কৌশলৰ অংশ। এনে মন্তব্য অত্যন্ত অপমানজনক আৰু আমি আমেৰিকাৰ এনে ‘নব্য-ঔপনিৱেশিক’ মানসিকতাক তীব্ৰভাৱে প্ৰত্যাখ্যান কৰিছোঁ।”
বিবৃতিটোত লগতে কোৱা হৈছে যে আমেৰিকা তথা অন্যান্য পশ্চিমীয়া দেশসমূহে আৰোপ কৰা একপক্ষীয় নিষেধাজ্ঞাসমূহ অবৈধ আৰু ইয়াৰ জৰিয়তে কোনো জাহাজৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰা বা সাগৰৰ বুকুত জাহাজ জব্দ কৰাটো কেতিয়াও যুক্তিপূৰ্ণ হ’ব নোৱাৰে।
জাহাজখনৰ কৰ্মচাৰীসকলৰ সৈতে মানৱীয় আৰু মৰ্যাদাপূৰ্ণ আচৰণৰ দাবী জনাই বিবৃতিতে কোৱা হয়: “আমি পুনৰবাৰ আমেৰিকাক দাবী জনাইছোঁ যাতে টেংকাৰখনত থকা ৰাছিয়াৰ নাগৰিকসকলৰ প্ৰতি মানৱীয় আৰু মৰ্যাদাপূৰ্ণ আচৰণ সুনিশ্চিত কৰা হয়। লগতে তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থসমূহ কঠোৰভাৱে সুৰক্ষিত কৰাৰ লগতে যিমান পাৰি সোনকালে তেওঁলোকক নিজ দেশলৈ উভতি যোৱাত কোনো বাধাৰ সৃষ্টি নকৰিবলৈও আমি আহ্বান জনাইছোঁ।”
ৰাছিয়াই তেলবাহী জাহাজখনৰ বিৰুদ্ধে আমেৰিকাই সামৰিক শক্তি প্ৰয়োগ কৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে, যাৰ বিষয়ে ইতিমধ্যে আমেৰিকাক সম্পূৰ্ণ তথ্য যোগান ধৰা হৈছিল। বৈদেশিক মন্ত্ৰালয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাছিয়াৰ বিধি অনুসৰি ২৪ ডিচেম্বৰত ৰাছিয়াৰ পতাকাৰ অধীনত যাত্ৰা কৰিবলৈ অস্থায়ী অনুমতি লাভ কৰা ‘মেৰিনেৰা’ জাহাজখনে উত্তৰ আটলাণ্টিকৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাৰে শান্তিপূৰ্ণভাৱে ৰাছিয়াৰ এটা বন্দৰ অভিমুখে আগবাঢ়ি আছিল।”
মস্কোৱে জোৰ দি কয় যে আমেৰিকা চৰকাৰক ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা বাৰে বাৰে জাহাজখনৰ ৰাছিয়ান মূলৰ পৰিচয় আৰু ইয়াৰ অসামৰিক স্থিতিৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰা হৈছিল।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্টকৈ কয় যে, “ৰাছিয়াই আমেৰিকাৰ এই কাৰ্যত কোনো সন্মতি প্ৰদান কৰা নাই। ইয়াৰ বিপৰীতে, যোৱা কেইবা সপ্তাহ ধৰি আমেৰিকাৰ উপকূলৰক্ষী বাহিনীৰ জাহাজে ‘মেৰিনেৰা’ক অনুসৰণ কৰি থকাৰ বিৰুদ্ধে ৰাছিয়াই আমেৰিকা চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এই কাৰ্যকলাপসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু ৰাছিয়াৰ জাহাজখনৰ কেপ্তেইনৰ ওপৰত কৰা অবৈধ দাবীসমূহ প্ৰত্যাহাৰ কৰিবলৈ জোৰ দি আহিছোঁ।”
মন্ত্ৰালয়ে লগতে কয় যে এনে পৰিস্থিতিত সাগৰৰ মাজত এখন অসামৰিক জাহাজত আমেৰিকাৰ সামৰিক জোৱানৰ প্ৰৱেশ, জাহাজখনৰ লগতে ইয়াৰ কৰ্মচাৰীসকলক কাৰাগাৰৰ দৰে আৱদ্ধ কৰি ৰখা কাৰ্যই কেৱল আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইন আৰু যাতায়তৰ স্বাধীনতাৰ মৌলিক নীতি তথা নিয়মসমূহৰ এক ঘোৰ উলংঘন হিচাপেহে গণ্য কৰিব পাৰি।
লগতে পঢ়ক: ৰাছিয়াৰ তেলবাহী জাহাজ জব্দ কৰিবলৈ ট্ৰাম্পক ‘সহায়ক সমৰ্থন’ যুক্তৰাজ্যৰ

