US to Run Venezuela Until Safe Transition: Trump After Maduro Captureসুৰক্ষিত আৰু সঠিক পৰিৱর্তন নোহোৱা পৰ্যন্ত ভেনিজুৱেলা চলাব আমেৰিকাই

ইণ্টাৰনেশ্যনেল ডেস্ক: ভেনিজুৱেলাত আমেৰিকাই চলোৱা সামৰিক অভিযানক আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক শক্তিশালী আৰু ফলপ্ৰসূ সামৰিক প্ৰদৰ্শন বুলি আখ্যা দি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, আমেৰিকাই যি সাধন কৰিছে, সেয়া বিশ্বৰ আন কোনো দেশেই কৰিব পৰা নাই। – Venezuela US Military Operation

ফ্ল’ৰিডাৰ পাম বিচত আয়োজিত সংবাদমেলত ট্ৰাম্পে জানিবলৈ দিয়া মতে, এই সামৰিক অভিযানত ভেনিজুৱেলাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক আটক কৰি দেশৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছে।

ট্ৰাম্পে স্পষ্টকৈ কয় যে,
“ভেনিজুৱেলাত সুৰক্ষিত আৰু সুসংগঠিত ক্ষমতাৰ পৰিৱর্তন সম্পন্ন নোহোৱা পৰ্যন্ত দেশখন আমেৰিকাৰ নিয়ন্ত্ৰণত থাকিব”

তেওঁৰ ভাষ্য মতে, এই অভিযানৰ লক্ষ্য আছিল “আইনভংগকাৰী শাসক নিকোলাছ মাদুৰোক ন্যায়ৰ সন্মুখলৈ অনা।”

ট্ৰাম্পে কয়,
“মোৰ নিৰ্দেশত কালি নিশা আৰু আজি পুৱতি নিশা আমেৰিকাৰ সামৰিক বাহিনীয়ে ভেনfজুৱেলাৰ ৰাজধানী কাৰাকাছত এক ব্যতিক্ৰমী সামৰিক অভিযান চলাইছিল। আকাশ, স্থল আৰু সমুদ্ৰ — সকলো দিশৰ পৰা আমেৰিকাৰ বৃহৎ সামৰিক শক্তি ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এনে দৃশ্য মানুহে কেতিয়াও দেখা নাই।”

তেওঁ দাবী কৰে যে, কাৰাকাছৰ মাজমজিয়াত অৱস্থিত এটা শক্তিশালী সামৰিক ঘাঁটিত আক্রমণ চলাই মাদুৰোক আটক কৰা হয়, আৰু এই অভিযানত ভেনিজুৱেলাৰ সকলো সামৰিক ক্ষমতা অচল কৰি দিয়া হয়।

ট্ৰাম্পে লগতে ঘোষণা কৰে যে,
ভেনিজুৱেলাৰ ভাঙি-পৰা তেল উদ্যোগ পুনৰুজ্জীৱিত কৰিবলৈ আমেৰিকাৰ বৃহৎ তেল কোম্পানীসমূহে বিলিয়ন ডলাৰ বিনিয়োগ কৰিব।

তেওঁ কয়,
“ভেনিজুৱেলাত বহুদিন ধৰি তেল উৎপাদন, সংৰক্ষণ আৰু পৰিবহণৰ সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণভাৱে ভাঙি-পৰিছিল। এতিয়া আমেৰিকাৰ বৃহৎ তেল কোম্পানীসমূহে তাত গৈ তেল উদ্যোগৰ অবকাঠামো পুনৰ নিৰ্মাণ কৰিব আৰু দেশখনৰ অৰ্থনীতিৰ বাবে লাভ সৃষ্টি কৰিব।”

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে,
“ভেনিজুৱেলাৰ মহান জনগণৰ বাবে আমেৰিকাই শান্তি, ন্যায় আৰু স্বাধীনতা বিচাৰে।”

ট্ৰাম্পে এইটোও স্পষ্ট কৰি দিয়ে যে,
“যদি ভুল লোকৰ হাতলৈ ভেনিজুৱেলাৰ ক্ষমতা যায়, তেন্তে দেশবাসীৰ কল্যাণ কেতিয়াও নহয়। সেই বিপদ আমেৰিকাই কেতিয়াও মানি ল’ব নোৱাৰে।”

তেওঁ জানিবলৈ দিয়ে যে,
নিকোলাছ মাদুৰো আৰু চিলিয়া ফ্ল’ৰেছৰ বিৰুদ্ধে নিউয়ৰ্কৰ Southern District আদালতত আমেৰিকাৰ বিৰুদ্ধে হোৱা নাৰ্কো-সন্ত্ৰাসবাদৰ কাৰ্যসূচী অনুসৰি গোচৰ ৰুজু কৰা হৈছে।”

ইফালে, শনিবাৰে ট্ৰাম্পে নিজৰ Truth Social একাউণ্টত
USS Iwo Jima যুদ্ধজাহাজত বন্দী অৱস্থাত থকা মাদুৰোৰ প্ৰথমখন ফটো প্ৰকাশ কৰিছে।

ট্ৰাম্পে পোষ্টত লিখে,
“Nicolas Maduro on board the USS Iwo Jima.”

উল্লেখযোগ্য যে, মাদুৰোৰ আটকৰ ঘটনাই আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত এতিয়ালৈ চলি থকা উত্তেজনা আৰু অধিক তীব্ৰ কৰি তুলিছে।

লগতে পঢ়ক: India Bangladesh border security: ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাৰতীয় সেনাৰ সতৰ্ক দৃষ্টি


Advertisement