Weather Climate Agriculture Awareness Meetingকৃষকসকলৰ বাবে বতৰ-জলবায়ু সজাগতা সভা

ছফিকুৰ ৰহমান, নগাঁও: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক গৱেষণা কেন্দ্র, চিলঙনীৰ গ্রামীন কৃষি মৌচম সেৱা, ভাৰত চৰকাৰৰ ভাৰত বতৰ বিজ্ঞান বিভাগৰ সৌজন্যত শুক্ৰবাৰে ‘বতৰ, জলবায়ু আৰু কৃষি’ বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হয় (Weather Climate Agriculture Awareness Meeting)।

হোজাই জিলাৰ উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত লংকাৰ ২নং পিপল পুখুৰী গাঁৱত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে মাণ্ডলিক গৱেষণা কেন্দ্র, চিলঙণীৰ পৰা যোৱা বিজ্ঞানী সকলক সর্ম্বধনা জনোৱা হয়। শতাধিক কৃষক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত সভাপতিত্বত কৰে ২ নং পিপল পুখুৰী গাঁৱৰ কৃষক বিপ্লৱ দাসে(Assam Agriculture Awareness Program)।

গাম্ভীৰ্যপূৰ্ণ সভাখনত কৃষি বতৰ বিজ্ঞানী ড০ নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও বর্তমান সময়ত পৰিবর্তিত জলবায়ুৰ বাবে জলবায়ু সহনশীল জাত আৰু প্রযুক্তিৰ ব্যৱহাৰ আৰু গ্রামীন কৃষি মৌচম সেৱাৰ যোগেদি বতৰৰ পূর্ব্বানুমানৰ ওপৰত ভিত্তি কৰি কৃষক সকলৰ বাবে প্রস্তুত কৰা কৃষি বতৰ পৰামর্শাৱলীৰ দ্বাৰা কৃষকসকল কিদৰে উপকৃত হব পাৰে তাৰ বিষয়ে বিষদ ভাবে বিৱৰণ দাঙি ধৰে ।

সভাত অংশ গ্রহণ কৰি জেষ্ঠ বিজ্ঞানী ড০ জ্যোতিৰেখা হাজৰিকাই বতৰ আৰু জলবায়ুৰ লগত খাপ খোৱাকৈ উন্নত মানৰ জাত নির্বাচন কৰি বৈজ্ঞানিক পদ্ধতিৰে খেতিক আগুৱাই নিয়াৰ লগতে খৰাং বতৰৰ অনুকুলে বিভিন্ন পথাৰ শস্য যেনে কণিধান আদিৰ যোগেদি কৃষি পৰিকল্পনা হাতত লোৱা বাবে আহ্বান জনায়(Weather Based Farming Advisory)।

ইয়াৰ উপৰিও জেষ্ঠ বিজ্ঞানী ড০ হিৰণ্য কুমাৰ দেবনাথে বর্তমানৰ বতৰ আৰু জলবায়ুৰ বাবে হব পৰা সম্ভাব্য বেমাৰৰ ওপৰত আলোকপাত কৰে আৰু পথাৰ শস্য যেনে ধান, সৰিয়হ, মাহজাতীয় ইত্যাদি শস্যৰ বিভিন্ন বেমাৰৰ ওপৰত কৃষক সকলৰ লগত আলোচনা কৰে(Climate Resilient Agriculture Assam)।

আনহাতে বতৰ বিজ্ঞানী ড০ নৱজ্যোতি ডেকাই ভাৰত চৰকাৰৰ ভাৰত বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা উদ্ভাৱন কৰা বতৰৰ পৰামর্শাৱলী পাবলৈ ‘মেঘদুত’ আৰু ঢেৰেকণিৰ বিষয়ে আগতীয়াকৈ জানিবলৈ ‘ডামিনি’, মৌচম আদি মোবাইল সেৱাৰ সমুহৰ জৰিয়তে কৃষক সকল কি দৰে উপকৃত হব পাৰি তাৰ ওপৰত আলোকপাত কৰে(IMD Meghdoot App Farmers)।

লগতে পঢ়ক: অসমৰ তৃতীয় বছৰৰ বাবে উদ্ধোধন টৰিয়া সৰিয়হৰ মেঘা প্ৰজেক্ট


Advertisement