কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাম অঞ্চলত সোমবাৰে উচ্ছেদৰ দাবীক কেন্দ্ৰ কৰি ভয়ংকৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। অবৈধ দখলকাৰীৰ বিৰুদ্ধে সংৰক্ষিত চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাবলৈ দাবী জনাই চলি থকা প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাত আৰক্ষীয়ে গুলীচালনা কৰাৰ পৰিৱেশ সৃষ্টি হয়। এই ঘটনাত কমেও ৩ জন প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ডংকামকাম অঞ্চলত বিগত কেইবাদিন ধৰি স্থানীয় লোকে অবৈধ দখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ (KAAC)ক তৎক্ষণাৎ ব্যৱস্থা ল’বলৈ দাবী জনাই ১৬ ডিচেম্বৰৰ পৰা প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচীও আৰম্ভ কৰিছিল (Eviction drive in Assam)।
সোমবাৰে প্ৰতিবাদকাৰীসকলে নিজৰ দাবী পূৰণৰ বাবে ব্যাপক পথ অৱৰোধ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক ছটিয়াবলৈ চেষ্টা কৰে যদিও সেই সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে। আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতেই অঞ্চলজুৰি উত্তেজনা অধিক বৃদ্ধি পায় (Karbi Anglong Autonomous Council)।
উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে অৱশেষত গুলীচালনা কৰিবলগীয়া হয়, যাৰ ফলত কমেও তিনিজন প্ৰতিবাদকাৰী আহত হয়। আহতসকলক তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও জানিব পৰা গৈছে।
ইফালে, ক্ষোভিত প্ৰতিবাদকাৰীসকলে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পিতৃগৃহত অগ্নিসংযোগ কৰে। এই ঘটনাই অঞ্চলটোত আতংক আৰু উত্তেজনাৰ পৰিৱেশ অধিক কৰি তোলে (Assam law and order situation)।
বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে অতিৰিক্ত আৰক্ষী আৰু নিৰাপত্তা বাহিনী ঘটনাস্থলীত মোতায়েন কৰিছে। অঞ্চলজুৰি সতৰ্কতা বৃদ্ধি কৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনে। যদিও এই মুহূৰ্তলৈকে পৰিস্থিতি নিয়ন্ত্ৰণকৈ অহা নাই।
এই ঘটনাক লৈ সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অবৈধ দখল, উচ্ছেদ আৰু স্বায়ত্ত্বশাসিত পৰিষদৰ ভূমিকা সন্দৰ্ভত পুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে।

