Special Public Prosecutor Appointed in Zubeen Garg CaseZubeen Garg case Special Public Prosecutor: জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ বিশেষ লোক অধিবক্তা নিয়োগ

গুৱাহাটীঃ জনতাৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ড সম্পৰ্কত বিশেষ তদন্তকাৰী গোটে অভিযোগনামা (Chargesheet) দাখিলৰ পিচত সমগ্ৰ বিষয়টো সম্প্ৰতি আদালতৰ বিচাৰাধীন। ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়াল আৰু তেওঁৰ অনুৰাগী চৰকাৰী পক্ষক শক্তিশালী অধিবক্তা নিয়োগৰ বাবে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কেবিনেটৰ সিদ্ধান্ত মৰ্মে বিশেষ লোক অধিবক্তাৰ দল নিয়োগ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল (Zubeen Garg case Special Public Prosecutor)। সেই অনুযায়ী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটৰ সিদ্ধান্ত মৰ্মে বিশেষ লোক অধিবক্তা (Special Public Procecutor) ৰ দল গঠন কৰাৰ কথা সদৰী কৰে (Special Public Procecutor Assam)।

এক সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয়,” জুবিন গাৰ্গৰ গোচৰ ন্যায়ালয়ত আগবঢ়াই নিবৰ বাবে বিশেষ লোক অধিবক্তাৰ দল গঠন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে বিশেষ লোক অধিবক্তা হিচাপে দায়িত্ব পালন কৰিব। তদুপৰি অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰীয়ে অতিৰিক্ত বিশেষ লোক অধিবক্তা হিচাপে, অধিবক্তা কিশোৰ দত্তই সহকাৰী লোক অধিবক্তা হিচাপে, অধিবক্তা প্ৰাঞ্জল দত্তই সহকাৰী লোক অধিবক্তা হিচাপে আৰু অধিবক্তা বিকাশ জামাৰে সহকাৰী লোক অধিবক্তা হিচাপে কাম কৰিব ((High Court advocate team)। এই পাঁচজন অধিবক্তাৰে গঠিত দলটোৱে ন্যায়িক প্ৰক্ৰিয়া আগুৱাই লৈ যাব (Zubeen Garg justice)।

জুবিন ন্যাসলৈ চৰকাৰৰ ৫ কোটি টকা সাহায্যঃ

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মেলত জুবিন ন্যাসক চৰকাৰে আদৰণি জনোৱাৰ কথা উল্লেখ কৰি কয়, “জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ন্যাস গঠনৰ যি প্ৰক্ৰিয়া হাতত লৈছে সেইটোত কেবিনেটে আদৰণি জনাইছে। এই ন্যাসলৈ ৰাজ্য চৰকাৰে ৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত ন্যাসে আন আঁচনি দিলেও চৰকাৰে সহায় কৰিব (Assam Cabinet decision)।”

বড়ো সাহিত্য সভাকো সহায়ঃ

মুখ্যমন্ত্ৰীয়ে বড়ো সাহিত্য সভাক এটা বহুমুখী প্ৰকল্পৰ বাবে বেতকুছিত এবিঘা মাটি দিয়া হব বুলিও সদৰী কৰে। তদুপৰি মৰিগাঁও, ডিব্ৰুগড়, কাছাৰত বিভিন্ন ব্যক্তিক মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমি প্ৰদান কৰা সম্পৰ্কেও কেবিনেটত আলোচনা হোৱা বুলি তেওঁ কয়।

বাগৰুম্বাত ভাগ লব ৮-১০ হাজাৰ শিল্পীয়েঃ

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেবিনেটত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত অসম ভ্ৰমণ সম্পৰ্কে আলোচনা হোৱাৰ বিষয়ে উল্লেখ কৰি সংবাদমেলত কয়, ” প্ৰধানমন্ত্ৰী ১৭ তাৰিখে বিয়লি গুৱাহাটীত উপস্থিত হব। অসমৰ সাংস্কৃতিক জীৱনৰ আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত ভাগ লব।এই অনুষ্ঠানত ৮-১০ হাজাৰ শিল্পীয়ে সৰু সজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়েঃ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ১৭ জানুৱাৰীত গুৱাহাটীলৈ অহা প্ৰধানমন্ত্ৰীয়ছ ১৮ জানুৱাৰীৰ ৰাতিপুৱা কলিয়াবৰৰ মৌচন্দা পথাৰত ৰাজহুৱা সভাত ভাগ লব। শুকুৰবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে সদৰী কৰি কয় ,” ৰাজহুৱা সভাতে কলিয়াবৰৰ পৰা বোকাখাটালৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে কেবিনেটে ৬ হাজাৰ ৯৫৭ কোটি টকা অনুমোদন কৰিছে। ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে নিবিদাৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়লৈ নিছে। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত গাড়ীৰ খুন্দাত বণ্যপ্ৰাণী নিহত হোৱা ঘটনা নোহোৱা হব। এই এলিভেটেড কৰিডৰ হোৱাৰ ফলত ২০ মিনিটত জখলাবন্ধাৰ পৰা বোকাখাট যাব পাৰিম‌। ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্বও হ্ৰাস পাব।”

গুৱাহাটী-কলিকতাৰ মাজত বন্দে ভাৰত ৰেলং

“গুৱাহাটী আৰু কলিকতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ ৰেল চলিব।” মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সংবাদমেলত এই কথা সদৰী কৰে। তেওঁ কয়, “১৭ জানুৱাৰীত কলিকতাৰ পৰা প্ৰধানমন্ত্ৰীয়ে এই ৰেল উদ্বোধন কৰিব। ১৮ তাৰিখে আন দুখন ৰেল প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। এখন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ আৰু আনখন গুৱাহাটীৰ পৰা নতুন দিল্লী। কলিয়াবৰৰ মৌচন্দা পথাৰৰ ৰাজহুৱা সভাৰ পৰাই এই উদ্বোধন কৰিব।

চাহ শ্ৰমিকক ৫০০০ টকা সাহায্যঃ

চাহ উদ্যোগৰ ২০০ বছৰ হোৱা বাবে প্ৰতিজন চাহ শ্ৰমিকক চৰকাৰৰ পৰা ৫০০০ টকা উপহাৰ দিয়া হব। ২৫ জানুৱাৰীত ডুমডুমাত এই কাৰ্যসূচী আৰম্ভ হব।- মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এই কথা সদৰী কৰে। তেওঁ লগতে কয় ,” ২৯ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত অসম বিধান সভাৰ দ্বিতীয়টো চৌহদ।নিৰ্মাণৰ কাম আৰম্ভ হব । তদুপৰি ১১ তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিব।”

লগতে পঢ়কঃ Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ


Advertisement