গুৱাহাটীঃ জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বিট দাখিলৰ পাছত শনিবাৰে গুৱাহাটীৰ আদালতত শুনানি গ্ৰহণ কৰাৰ পাছত গুৰুত্বপূৰ্ণ মন্তব্য মন্তব্য কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে (Zubeen Garg death hearing)। শনিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তসকলৰ মুখত কোনো অনুশোচনা দেখা নাই বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে কয়, “এইকেইটা মানুহ নহয়। দোষী বুলি কলেও এইকেইটা মানুহ বুলি কোৱা হ’ব। সেইকাৰণে এইকেইটাক অসুৰ বুলি কৈছোঁ।”
জুবিন গাৰ্গ সকলোৰে আৱেগ আছিল বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে আৰু কয়, “জুবিন গাৰ্গ সককোৰে আৱেগ আছিল, কেৱল মোৰ স্বামী নাছিল। জুবিন গাৰ্গৰ মৃত্যুত জড়িত অসুৰকেইটাই শাস্তি পাবই লাগিব। অসুৰ বধ হ’বই লাগিব (Garima Saikia Garg statement)।”
শনিবাৰে জুবিন গাৰ্গ মৃত্যুৰ অভিযুক্তসকলৰ হৈ অধিবক্তা নিয়োগ কৰাৰ কথাও উল্লেখ কৰে গৰিমা শইকীয়া গাৰ্গে।
গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰা অনুসৰি অমৃত প্ৰভা মহন্তৰ হৈ আনন্দ ভূঞা, সিদ্ধাৰ্থ শৰ্মাৰ হৈ অনিল বিশ্বাস, শ্যামকানু মহন্ত ৰ হৈ কলিকতাৰ অধিবক্তাৰ দল আহিছে। লগতে শ্বেখৰ গোস্বামীৰ হৈ বাহিৰৰ এছ কলিতা নামৰ অধিবক্তা নিয়োগ কৰা হৈছে বুলিও উল্লেখ কৰে গৰিমা শইকীয়া গাৰ্গে।
ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিত এগৰাকী চৰকাৰী অধিবক্তা নিয়োগ কৰাৰ উপৰিও গৰিমা শইকীয়া গাৰ্গে পৰিয়ালৰ হৈ এগৰাকী অধিবক্তা নিয়োগ কৰে (Justice for Zubeen Garg)।
অভিযুক্তৰ হৈ শনিবাৰে আদালতত জামিন কৰাৰ আপত্তি দৰ্শোৱাৰ বাবে আদালতে পুনৰ তাৰিখ ধার্য্য কৰে (Assam court hearing)।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে চাৰি পাঁচ গৰাকী পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰাৰ কথা পহিলা জানুৱাৰীতেই ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Public Prosecutor appointment)।
লগতেঃ Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ

