Assam Government Takes Special Steps for Zubeen Garg Death Justiceজুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ

গুৱাহাটীঃ বিদায় লোৱা অভিশপ্ত ২০২৫ বৰ্ষত ৰাজ্যবাসীক ম্ৰিয়মান কৰি এক ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। আজিও জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিভিন্নজনে দাবী উত্থাপন কৰি আহিছে। ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত গঠন হোৱা এছ আই টিয়ে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আদালতত দাখিল কৰিছে ১২ হাজাৰ পৃষ্ঠাজোৰা অভিযোগনামা (Zubeen Garg death justice)।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া ইতিমধ্যেই ন্যায়ালয়ৰ মজিয়া পোৱাৰ পাছত ন্যায়ালয়তো বিশেষ পাব্লিক প্ৰচিকিউট নিয়োগ কৰি নিৰ্দিষ্ট সময়ত ন্যায় লাভ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ইংৰাজী নৱ-বৰ্ষৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma statement)।

ইংৰাজী নৱ-বৰ্ষৰ প্ৰথম দিনা সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিদায় লোৱা ২০২৫ বৰ্ষটো অসমীয়া জাতিটোৰ বাবে এটা দুৰ্ভাগ্যজনক বর্ষ হিচাপে চিহ্নিত হৈ থাকিব। কাৰণ এই বৰ্ষটোত আমি জুবিন গাৰ্গৰ দৰে এগৰাকী মহান শিল্পীক হেৰুৱালোঁ। তেখেতৰ মৃত্যু হোৱাৰ পাছত সৃষ্টি হোৱা পৰিবেশ আৰু অসম আৰক্ষীয়ে তিনিমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰা ঘটনাও স্মৰণীয় হৈ থাকিব (Zubeen Garg SIT investigation)।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, “অসমবাসীৰ আৱেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই গোটেই ঘটনাৰ ন্যায় নিৰ্দিষ্ট সময়ত যাতে বাস্তৱসন্মত হ’ব পাৰে তাৰ বাবে বিশেষ পাব্লিক প্ৰচিকিউট নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (Special Public Prosecutor Assam)। অহা ১২ জানুৱাৰীৰ পৰা বিশেষ পাব্লিক প্ৰচিকিউট নিয়োগ কৰি সমগ্ৰ ঘটনা ন্যায়ালয়ত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ তিনিগৰাকী অপৰাধ বিশেষ অধিবক্তাৰ সৈতে আলোচনা চলি আছে। অহা ৫ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ নাম প্ৰকাশ কৰা হ’ব।”

লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰতিষ্ঠাৰ বাবে বিশেষ আদালত গঠনৰ বাবেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনোৱাৰ কথাও উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam government decision)।

লগতে এক অভিলেখ গঢ়িবলৈ সক্ষম হোৱা জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰা কৰৰ ২ কোটি ৯০ লাখ টকা জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা কলাগুৰু ফাউণ্ডেশ্যনক প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়কঃ Zubeen Garg death case: এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁঃ গৰিমা


Advertisement