Zubeen Garg Death Probe: Singapore Court Reveals Shocking DetailsZubeen Garg drowning Singapore: মদ্যপান কৰি লাইফ জেকেট অবিহনে সাগৰত নমাৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল

নিউজ ডেস্ক: যোৱা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰৰ লাজাৰাছ দ্বীপৰ ওচৰত সাগৰত ডুবি মৃত্যু হোৱা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এতিয়া এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ছিংগাপুৰৰ কোৰোনাৰ আদালতত (Coroner’s Court) চলি থকা তদন্তত এইটো স্পষ্ট হৈছে যে সেই সময়ত জুবিন গাৰ্গে অত্যাধিকভাৱে মদ্যপান কৰি আছিল। ছিংগাপুুৰৰ প্ৰকাশিত The straight times ৰ এক প্ৰতিবেদনত এইদৰে উল্লেখ কৰা হৈছে ।

The straight times ৰ প্ৰতিবেদনটোত উল্লেখ কৰা অনুসৰি – আদালতত দাখিল কৰা তথ্য অনুসৰি, জুবিন গাৰ্গে লাইফ জেকেট পিন্ধিবলৈ দিয়া প্ৰস্তাৱ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল আৰু সুৰাসক্ত অৱস্থাতে সাগৰত সাঁতুৰিবলৈ নামি পৰিছিল। অতিমাত্ৰা মদ্যপান কৰাৰ বাবে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁ সাগৰৰ পানীত ডুবি মৃত্যুক সাৱটি ল’বলগীয়া হয় বুলি তদন্তত প্ৰকাশ পাইছে।

প্ৰতিবেদনটোৰ অনুসৰি, এই হৃদয়বিদাৰক ঘটনাই অসমৰ লগতে সমগ্ৰ দেশত শোকৰ ছাঁ পেলাইছিল। আদালতৰ এই শেহতীয়া তথ্যই প্ৰমাণ কৰিছে যে সামান্য অসতৰ্কতা আৰু নিৰাপত্তাৰ নিয়ম উলংঘন কৰাৰ বাবে সকলোৰে হাৰ্টথ্ৰৱগৰাকীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল।

পোহৰলৈ আহিছে মৰ্মান্তিক তথ্য

ছিংগাপুৰ আৰক্ষীৰ কোষ্ট গাৰ্ডৰ সহকাৰী আৰক্ষী অধীক্ষক ডেভিড লিমে ১৪ জানুৱাৰী (২০২৬) তাৰিখে আদালতত দিয়া সাক্ষ্য অনুসৰি, সেইদিনা জুবিন গাৰ্গে মদ্যপান কৰাৰ পাছত এখন বিলাসী নাও অৰ্থাৎ ইয়টৰ পৰা সাগৰৰ পানীত নামিছিল। ইয়টখনত থকা আন লোকসকল আৰু জাহাজৰ কেপ্তেইনে জুবিন গাৰ্গক বহুবাৰ লাইফ জেকেট পিন্ধিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেখেতে সেই অনুৰোধলৈ অলপো কাণষাৰ দিয়া নাছিল। – এইদৰে উল্লেখ কৰা হৈছে The straight times ৰ প্ৰতিবেদনটোত ।

অত্যাধিক মদ্যপানৰ প্ৰভাৱ:

আদালতৰ তথ্যমতে, জুবিন গাৰ্গৰ তেজত প্ৰতি ১০০ মিলিলিটাৰত ৩৩৩ মিলিগ্ৰাম এলকহ’ল পোৱা গৈছে। উল্লেখ্য যে ছিংগাপুৰত মদ্যপান কৰি গাড়ী চলোৱাৰ বৈধ সীমা হৈছে মাত্ৰ ৮০ মিলিগ্ৰাম। অৰ্থাৎ তেওঁৰ শৰীৰত ইয়াৰ সীমা বহু গুণ বেছি আছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে ইমান বেছি পৰিমাণৰ এলকহ’লে তেখেতৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল।

ঘটনাৰ দিনা কি হৈছিল?

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গে প্ৰায় ১৫ জন বন্ধুৰ সৈতে এখন ইয়টত উঠি সাগৰ ভ্ৰমণলৈ গৈছিল। দুপৰীয়া প্ৰায় ২:৩০ বজাত ইয়টখন লাজাৰাছ দ্বীপৰ ওচৰ পাইছিল। জুবিন গাৰ্গে প্ৰথমে লাইফ জেকেট পিন্ধিয়েই পানীত নামিছিল, কিন্তু কিছু সময়ৰ পাছত জেকেটটো বেছি ডাঙৰ বুলি কৈ পানীৰ মাজতেই তেওঁ সেইটো খুলি পেলাইছিল। এইদৰে সুৰাসক্ত অৱস্থাত নিৰাপত্তাৰ নিয়ম উলংঘন কৰাই তেওঁৰ বাবে কাল হৈ পৰিল।

শেষ মুহূৰ্তত কি হৈছিল?

সাক্ষ্যৰ পৰা জনা গৈছে যে সাগৰত কিছু সময় সাঁতুৰাৰ পাছত জুবিন গাৰ্গ পুনৰ নাৱত (ইয়টত) উঠিছিল। সেই সময়ত তেখেতক অত্যন্ত ভাগৰুৱা দেখা গৈছিল আৰু তেওঁ উশাহ লোৱাত কষ্ট পাইছিল। তথাপিও তেওঁ পুনৰ সাঁতুৰিবলৈ ইচ্ছা কৰে আৰু এইবাৰো লাইফ জেকেট পিন্ধিবলৈ অস্বীকাৰ কৰে। ইয়াৰ অলপ পাছতেই তেওঁ সাগৰৰ পানীত হঠাতে নিস্তেজ হৈ পৰে আৰু মুখখন পানীৰ ফালে কৰি ভাঁহি থাকে। এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সেই সময়ত তেওঁৰ মুখৰ পৰা ফেন ওলাইছিল।

উদ্ধাৰ আৰু চিকিৎসাৰ প্ৰচেষ্টা:

লগে লগে তেওঁক পানীৰ পৰা উদ্ধাৰ কৰি নাৱত উঠোৱা হয় আৰু জৰুৰীকালীন প্ৰাথমিক চিকিৎসা (CPR) দিয়া হয়। আবেলি ৩:৩৬ বজাত সাহায্য বিচাৰি ফোন কৰা হয় আৰু মাত্ৰ ১০ মিনিটৰ ভিতৰতে আৰক্ষীৰ কোষ্ট গাৰ্ডৰ নাও ঘটনাস্থলীত উপস্থিত হয়। তেওঁক ততাতৈয়াকৈ এখন দ্ৰুতবেগী নাৱেৰে পাৰলৈ আনি তাৰ পৰা ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ সকলো প্ৰচেষ্টা বিফল কৰি সন্ধিয়া ৫:১৩ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আদালতৰ গুৰুত্বপূৰ্ণ মন্তব্য:

The straight times ৰ প্ৰতিবেদনটোৰ অনুসৰি, এই দুৰ্ভাগ্যজনক ঘটনাৰ তদন্ত কৰি ছিংগাপুৰৰ আদালতে স্পষ্ট কৰি দিছে যে এয়া কোনো আত্মহত্যাৰ ঘটনা নাছিল। লগতে তেওঁক কোনোবাই কিবা কৰিবলৈ বাধ্য কৰা বা বলপ্ৰয়োগ কৰাৰো কোনো প্ৰমাণ পোৱা হোৱা নাই। নাৱৰ কেপ্তেইন আৰু কৰ্মীসকলে জনাইছে যে জুবিন গাৰ্গক কোনেও মদ্যপান কৰিবলৈ বা পানীত নামিবলৈ জোৰ কৰা নাছিল; তেওঁ নিজৰ ইচ্ছামতেই এইবোৰ কৰিছিল।

বিতৰ্ক আৰু আদালতৰ পৰৱৰ্তী পদক্ষেপ

উল্লেখ্য যে, জুবিন গাৰ্গ ছিংগাপুৰত অনুষ্ঠিত ‘নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল’ত অংশগ্ৰহণ কৰিবলৈ গৈছিল। ২০ ছেপ্টেম্বৰত তেখেতে তাত গীত পৰিৱেশন কৰাৰ কথা আছিল, কিন্তু তাৰ এদিন পূৰ্বেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে, এই ঘটনাক লৈ সমগ্ৰ অসমতে জুবিন গাৰ্গৰ মৃত্যুক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈ আছে। অসম আৰক্ষীৰ তদন্তকাৰী সংস্থাই ইতিমধ্যে অনুষ্ঠানটোৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গকে ধৰি সাতজন অভিযু্ক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি চলোৱা তদন্তৰ অন্তত আটাইকে ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । চিংগাপুৰৰ আদালতৰ শুনানিতো এই বিষয়টো উত্থাপন হৈছে। অৱশ্যে আদালতে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ তদন্তৰ মূল লক্ষ্য কোনো পক্ষক দোষাৰোপ কৰা নহয়, বৰঞ্চ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতিহে স্পষ্ট কৰা।

এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত (২০২৬) পুনৰ অনুষ্ঠিত হ’ব

অসমৰ সংগীত জগতৰ মহীৰূহ সকলোৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এনে আকস্মিক আৰু মৰ্মান্তিক বিয়োগ অসমবাকীৰ বাবে এক অপূৰণীয় ক্ষতি। শেহতীয়াকৈ ছিংগাপুৰৰ আদালতত পোহৰলৈ অহা নিৰাপত্তাজনিত গাফিলতি আৰু পৰিস্থিতিয়ে এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে। এতিয়া ৩ ফেব্ৰুৱাৰীৰ শুনানিত আৰু কি নতুন তথ্য ওলাই বা তদন্তকাৰী সংস্থাৰ গোচৰে কি মোৰ লয়, তাৰ ওপৰতে এতিয়া দৃষ্টি থাকিব সকলোৰে।

লগতে পঢ়ক: Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ


Advertisement