নগাঁও: ৰাজ্যবাসীৰ হৃদয় কপোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰে অগ্ৰগতি লাভ কৰিছে আদালতত(Zubeen Garg Murder Case)। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তৰ চূড়ান্ত শাস্তি দাবী কৰি আহিছে সমগ্ৰ ৰাজ্যবাসীয়ে।
১৯ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহিছিল দুসংবাদটো। চিংগাপুৰত অনুষ্ঠান পৰিবেশনৰ বাবে গৈ সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হৈছিল অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ(Zubeen Garg death)। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল।
ৰাজ্য চৰকাৰেও তৎপৰতাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰিছিল এছ আই টি (SIT investigation Assam)। জ্যেষ্ঠ আই পি এছ বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰি দিয়া এছ আই টিয়েও তৎপৰতাৰে সাক্ষ্য গ্ৰহণ কৰি ১২ ডিচেম্বৰত তদন্তৰ অন্তত আদালতত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল। আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বিট দাখিল কৰাৰ পাছত গোচৰটোৰ শুনানিৰ বাবে চি জে এম আদালতে প্ৰেৰণ কৰে সত্ৰ ন্যায়াধীশ আদালতে।
কামৰূপ সত্ৰ ন্যায়াধীশ আদালতেও গোচৰটোৰ শুনানিৰ বাবে ধাৰ্য কৰিছে ২২ ডিচেম্বৰৰ দিনটো(Kamrup Sessions Court)। অহা ২২ ডিচেম্বৰত শুনানিৰ বাবে জুবিন গাৰ্গ হত্যাৰ অভিযুক্তক সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আদালতে।
সম্প্ৰতি বাক্সা আৰু হাফলং কাৰাগাৰত বন্দী হৈ থকা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীসহ আটাইকেইজন অভিযুক্তই হাজিৰ হ’ব লাগিব সত্ৰ ন্যায়াধীশ আদালতত (Zubeen Garg murder hearing)।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা এছ আই টিয়ে ইতিমধ্যেই আদালতত দাখিল কৰিছে প্ৰায় ১২হাজাৰ পৃষ্ঠাৰ অভিযোগনামা। য’ত প্ৰতিটো পৃষ্ঠাতে সন্নিৱিষ্ট কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰতিটো দিশ। এতিয়া ২২ ডিচেম্বৰৰ পৰা কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হ’ব জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানি।
লগতে পঢ়ক: এছ আই টিৰ চাৰ্জশ্বিট সম্পৰ্কত বিধায়ক অখিল গগৈৰ বিস্ফোৰণ

