Rokibul Hussain says Assam misses Zubeen Garg while responding to Shankar–Ajan issueশংকৰ আজান প্ৰসংগৰ উত্তৰ দিবলৈ জুবিন গাৰ্গৰ অভাৱ অনুভৱ ৰকিবুল হুছেইনৰ

নগাঁওঃ আজি জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিছে সাংসদ ৰকিবুল হুছেইনে। শংকৰ মাধৱ আৰু শংকৰ আজান প্ৰসংগৰ উত্তৰ দিবলৈ জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰি সংবাদ মাধ্যমৰ সন্মুখত সাংসদ ৰকিবুক হুছেইনে কয়, “আজি জুবিন গাৰ্গ থকাসকলে শংকৰ আজান প্ৰসংগৰ উত্তৰ ভালকৈ দিলে হেতেন। আজি জুবিন গাৰ্গক বৰকৈ মনত পৰিছে। মুখ্যমন্ত্ৰীৰ এইসমূহ কথাৰ উত্তৰ জুবিন গাৰ্গে দিলেহেঁতেন ((Zubeen Garg political comment))। উত্তৰ দিবলৈ জুবিন গাৰ্গৰ প্ৰয়োজন আছিল। জুবিন গাৰ্গ থকা হলে আজি এইসমূহ কথা কবলৈ সংকোচ কৰিলে হেতেন। জুবিন গাৰ্গ নথকাৰ অন্যতম কাৰণ হৈছে এইসমূহ কথাৰ উত্তৰ দিয়া। জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হৈছে (Zubeen Garg controversy)।”

চৰকাৰৰ বিৰুদ্ধে সকলো জাতি জনগোষ্ঠী ক্ষোভিত হৈ আছে বুলিও উল্লেখ কৰি সাংসদ ৰকিবুল হুছেইনে কয়, “নিৰ্বাচন ঘোষণা হোৱাৰ পাছতেই এটা এটা কথাৰ উত্তৰ ৰাইজে দিব। যিকোনো জাতি জনগোষ্ঠীৰ কেইজনমান লোকক হাত কৰি বৈতৰণী পাৰ কৰিম বুলি ভাবিলেও সকলো জাতি জনগোষ্ঠী আজি ক্ষোভিত হৈ আছে (Assam political news)।”

ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ বিৰুদ্ধে নতুনকৈ গঠিত চামগুৰি সমষ্টিত বিদ্ৰোহৰ সৃষ্টি হৈ থকাৰ সময়তে পুত্ৰৰ বিবাহৰ পাছত পুত্ৰ তাঞ্জিল হুছেইনক লগত লৈ বুধবাৰে চামগুৰিত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন (Rokibul Hussain Congress)। সমষ্টিটোৰ দুটা ব্লকৰ আটাইকেইগৰাকী মণ্ডল সভাপতি, কংগ্ৰেছৰ পদবীত থকা কংগ্ৰেছী তাঞ্জিলৰ লগত থকা বুলি দাবী কৰি চামগুৰি কংগ্ৰেছত কোনো বিসম্বাদ নাই বুলিও মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে (Samaguri constituency news)।

উল্লেখযগ্য যে, বুধবাৰে চামগুৰি সমষ্টিত পুত্ৰ তাঞ্জিল হুছেইনক লগত কৈ কেইবাখনো দলীয় সভাত অংশগ্ৰহন কৰে ৰকিবুল হুছেইনে।

লগতে পঢ়কঃ Zubeen Garg death case: এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁঃ গৰিমা


Advertisement