গুৱাহাটী: ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি (Zubeen Garg Statue) উন্মোচন। গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি স্থাপন কৰা হ’ল এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি। এই সন্দৰ্ভত অনুভৱ ব্যক্ত কৰিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে।
সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁ আজিও সকলোৰে হৃদয়ত জীয়াই আছে। অভিশপ্ত ১৯ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছিল। কোনেও কাহানিও পাহৰিব নোৱাৰা এই শিল্পীগৰাকীক স্মৰণ কৰি ৰাজ্যজুৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি তেওঁক জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত আছে।
ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি (Zubeen Garg Memorial)। ১৭ ডিচেম্বৰ বুধবাৰে নিশা বিশ্ববিদ্যালয় চৌহদত উন্মোচন কৰা হয় প্ৰায় দহ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো।
শিল্পী লক্ষ্যজিৎ বৰাই তিনিগৰাকী সহযোগীক লৈ প্ৰায় দুমাহজোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে প্ৰতিমূৰ্তিটো। ফাইবাৰেৰে নিৰ্মিত এই প্ৰতিমূৰ্তিটোক ব্ৰঞ্জৰ পৰশ দিয়া হৈছে।
নিশা জুবিন গাৰ্গৰ প্ৰিয় গীত “মায়াবিনী” বজাই প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ (Zubeen Garg Sister Palmee Borthakur), শিক্ষাবিদ অধ্যাপক প্ৰদীপ আচাৰ্যসহ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে (Royal Global University Guwahati)।
অনুষ্ঠানত উপস্থিত থাকি পামী বৰঠাকুৰে কয়—
“মোৰ কৰ্মস্থলীত এই প্ৰতিমূৰ্তিটো স্থাপন হোৱাৰ বাবে মোৰ যথেষ্ট ভাল লাগিছে। বিশ্ববিদ্যালয়ত দাদাৰ সৃষ্টি, কৰ্ম, মানৱীয়তা আৰু গৱেষণাৰ চৰ্চা সদায় চলি থাকিব। এই প্ৰতিমূৰ্তিটো তাৰেই প্ৰতীক।”
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰা শিক্ষানুষ্ঠানৰ এই পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে।
লগতে পঢ়ক: Zubeen Garg Murder Case: ২২ ডিচেম্বৰত আদালতত হাজিৰ হ’ব লাগিব জুবিন হত্যাৰ অভিযুক্ত

