Zubeen Garg Velaghar Built in Assam as a Tribute During Bhogali BihuZubeen Garg Velaghar: জুবিনৰ মুখাবয়বৰ আৰ্হিত ভেলাঘৰ, ভোগালীত জুবিন ক্ষেত্ৰ

ৰহাঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা তিনিমাহ অতিক্ৰম কৰিলে। ২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত জনতাৰ শিল্পীজনৰ ছিংগাপুৰত আকস্মিক মৃত্যুৱে যেন স্থবিৰ কৰি তুলিলে অসমৰ জনজীৱন। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ৰ নিভৃত কোণত থকা প্ৰাণৰ শিল্পীজনৰ মৃত্যুক মানুহে আজিও পাহৰিব পৰা নাই। সেয়ে কোনোবা ভাস্কৰ্য শিল্পীয়ে যদি তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, কোনোবাই তেওঁৰ কৰ্মজীৱনৰ ওপৰত কিতাপ লিখিছে। কোনোবাই আকৌ ঘৰতে তেওঁৰ প্ৰতিচ্ছবি সংৰক্ষণ কৰি প্ৰিয় শিল্পীজনলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ইয়াৰ মাজতে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই চলিছে ভোগালী উদযাপনৰ প্ৰস্তুতি (Zubeen Garg Velaghar)। মধ্য অসমত জুবিন গাৰ্গৰ স্মৃতিত বিশেষ ভোগালী উদযাপনৰ প্ৰস্তুতি চলাইছে কেইজনমান উদীয়মান যুৱকে। প্ৰৱেশদ্বাৰৰ পৰা ভেলাঘৰলৈকে সকলোতে থাকিব জুবিন গাৰ্গৰ স্মৃতি। ব্যতিক্ৰমী ৰূপত নিৰ্মাণ হৈ আছে ভেলাঘৰ (Zubeen Garg Bhogali Bihu)।

কি আছে ভেলাঘৰটোত

জনতাৰ শিল্পীজনৰ প্ৰতি অসমৰ ৰাইজৰ ভালপোৱা, শ্ৰদ্ধা যে অসীম সেইয়া প্ৰতিফলিত হ’ল মাঘৰ বিহুৰ ভেলাঘৰতো। নগাঁও জিলাৰ ৰহা দীঘলদৰিৰ কেইজনমান যুৱকে প্ৰিয় শিল্পীজনৰ স্মৃতিত তেওঁৰ মুখাবয়বৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। দীঘলদৰীৰ মিলনপুৰৰ ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত ৬ খন গাঁৱৰ ১৪ জন জুবিনপ্ৰেমী যুৱকে এই অভিনৱ ভেলাঘৰতো নিৰ্মাণ কৰি উলিয়াইছে। ভেলাঘৰটোৰ প্ৰৱেশদ্বাৰত নিৰ্মাণ কৰা হৈছে দুখন গীটাৰ। তদুপৰি সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আৰ্হিত শ্ৰদ্ধাঞ্জলি মণ্ডপো নিৰ্মাণ কৰিছে (Zubeen Garg Tribute Assam)। য’ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আছে। ৰাইজে সেই স্থানত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাব পাৰিব। তাত We LoVe ZG বুলি লিখিছে। স্থানীয় ৰাইজে যুৱক কেইজনৰ এই প্ৰয়াসক শ্ৰদ্ধা জনাইছে। অন্যহাতেদি জুবিনদাৰ প্ৰিয় বগলী উদাসীন গাৰ্গো নিৰ্মাণ কৰিছে তেওঁলোকে (Assam Velaghar News)।

জুবিন গাৰ্গৰ স্মৃতিত ভোগালী উদযাপনৰ প্ৰস্তুতি

পূৰ্বতেও নিৰ্মাণ কৰিছিল অভিনৱ শৈলীৰ ভেলাঘৰ

উল্লেখযোগ্য যে পূৰ্বতেও তেওঁলোকে বিচিত্র শৈলীৰ ভেলাঘৰ নিৰ্মাণ কৰি আহিছে। প্ৰথমে মৃত্যুঞ্জয় মহামন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিল। বিগত বৰ্ষত যোগীনাথ মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিল।

কি ক’লে নিৰ্মাণ কাৰ্যত জড়িত যুৱকে

যুৱককেইজনে জনোৱা মতে বিগত বৰ্ষ সমূহত ভেলাঘৰৰ স্থানত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হৈছিল। অৱশ্যে এইবোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে যদিও জুবিন গাৰ্গৰ গীত বজোৱা হব (Bhogali Bihu 2026 Assam)।

জুবিন গাৰ্গৰ স্মৃতিত ভোগালী উদযাপনৰ প্ৰস্তুতি

তেওঁলোকে লগতে কয়, “এই ভেলাঘৰটো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে নিৰ্মাণ কৰা হৈছে। কাষত পৰম্পৰা ৰক্ষা কৰি অন্য ভেলাঘৰ বা মেজি থাকিব । যোৱা ১৫ ডিচেম্বৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। ভেলাঘৰটোৰ উচ্চতা ৩০ ফুট।”

লগতে পঢ়কঃ Zubeen Garg Velaghar Tribute: জুবিন গাৰ্গৰ অন্তিম স্মৃতিত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে ভেলাঘৰ


Advertisement