নগাঁও/ কামপুৰঃ বুধবাৰে নগাঁৱত মন্ত্ৰী পীযূষ হাজৰিকাই দুখন উদ্যান, এখন বজাৰ আৰু পদসেতু উদ্বোধন কৰে। মন্ত্ৰী হাজৰিকাই সন্ধিয়া নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মান কৰা জুবিন উদ্যান উদ্বোধন কৰে (Zubeen Udyan Nagaon)। একে সময়তে মন্ত্ৰীজনে কলঙৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰি নিৰ্মাণ কৰা তথা কবি হীৰেন ভট্টাচাৰ্যৰ নামত নামকৰণ কৰা হীৰেন ভট্টাচাৰ্য পদসেতু উদ্বোধন কৰে।
উল্লেখযোগ্য নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নিৰ্মাণ হৈছে এই জুবিন উদ্যান আৰু হীৰেন ভট্টাচাৰ্য পদসেতু। জুবিন উদ্যানখনত জনতাৰ শিল্পী জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে তেওঁৰ চিতা ভস্ম সংস্থাপিত কৰা হৈছে। তদুপৰি উদ্যানখনত শিল্পীজনৰ প্ৰিয় নাহৰ গছো ৰোপণ কৰা হৈছে। উদ্যানখনত ৱাকিং জ’ন, অপেন জিম আদি উপলব্ধ হ’ব।
এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, জনতাৰ শিল্পী জুবিন গাৰ্গৰ চিতা ভস্ম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে জুবিন গাৰ্গে ভালপোৱা এটা স্থানত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰতিশ্ৰুতি দিছিলো। জুবিনে কলং ভাল পাইছিল। গতিকে কলঙৰ পাৰতে জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। জুবিন গাৰ্গে কলঙৰ পিনে চাই আছে। এই প্ৰতিমূৰ্তিটো ভাস্কৰ্য শিল্পী জ্যোতিষ ভট্টাচাৰ্য্যই নিৰ্মাণ কৰিছে। এই উদ্যানৰ কাষতে কবি হীৰেন ভট্টাচাৰ্যৰ নামত এখন পদ সেতু নিৰ্মাণ কৰা হৈছে। সেইখনো আজি উদ্বোধন হয়। জুবিন গাৰ্গৰ লগত কবি হীৰেন ভট্টাচাৰ্যৰ এক বিশেষ সম্পৰ্ক আছিল। তেওঁৰ কেইবাটাও গীত জুবিন গাৰ্গে গাইছিল।” বিধায়ক শৰ্মাই নগাঁৱত নিৰ্মিয়মান ভূপেন হাজৰিকা কলাতীৰ্থত অসমৰ স্বনামধন্য শিল্পী সকলৰ গীত, কবি সকলৰ কবিতা সংৰক্ষণ কৰা হব বুলিও কয়। তেওঁ মৰিকলঙত নিৰ্মাণ হোৱা উদ্যান আৰু কলঙৰ পাৰত নিৰ্মাণ হোৱা জুবিন উদ্যানৰ প্ৰৱেশ বিনামূলীয়া হব বুলিও ঘোষণা কৰে। জুবিন উদ্যানত সন্ধিয়া জুবিন গাৰ্গৰ গীত শুনোৱা হব বুলিও তেওঁ কয়।
ইপিনে মন্ত্ৰী পীযূষ হাজৰিকাই জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ প্ৰাণত আছে বুলি মন্তব্য কৰি কয়, জুবিন গাৰ্গে অসমীয়াক তেখেতৰ গীত তথা সুৰেৰে মোহাচ্ছন্ন কৰি ৰাখিছিল। অনুষ্ঠানটোত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাইও ভাষন প্ৰদান কৰে।
অন্যহাতেদি নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ কামপুৰত কামপুৰ পৌৰসভাই নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ”কামপুৰ ৰেলৱে কলনি পাৰ্কখন মন্ত্ৰী হাজৰিকাই বুধবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । মন্ত্ৰী গৰাকীয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে এক মাংগলিক পৰিৱেশত এই উদ্যান খনৰ শুভ উদ্বোধন কৰি পাৰ্কখন জুবিন গাৰ্গৰ নামত উচৰ্গা কৰে । তাৰ পাছত নৱনিৰ্মিত পাৰ্কখনৰ সমীপত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মন্ত্ৰী হাজৰিকাই অংশগ্ৰহণ কৰে ।
কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই আঁত ধৰা সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়ায় । আদৰণি ভাষণত বিধায়ক জিতু গোস্বামীয়ে কয় যে বৃহত্তৰ কামপুৰৰ ৰাইজৰ বহুদিনীয়া আশা আৰু এটা অভাৱৰ পূৰণ হ’ল । এই পাৰ্কখন আগন্তুক দিনত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হব বুলি বিধায়ক গৰাকীয়ে ঘোষণা কৰে । মন্ত্ৰী পীযূষ হাজৰিকাৰ তৎপৰতাত জলসম্পদ বিভাগে কপিলী আৰু নিশাৰী নৈৰ পাৰত মথাউৰি নিৰ্মাণ কৰাৰ ফলত সমষ্টিটো বানমুক্ত হৈ পৰিছে বুলি ধৰা গোস্বামীয়ে আদৰণি ভাষণত উল্লেখ কৰি মন্ত্ৰী গৰাকীৰ এই মহানতাৰ বাবে শলাগ লয় ।
গোস্বামীৰ পাছতে মন্ত্ৰী হাজৰিকাই ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায় । তেওঁ পাৰ্কখন উদ্বোধন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিবলৈ পাই নথৈ আনন্দিত হোৱা দেখা বুলি মন্তব্য কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ প্ৰথমবাৰ ৰহা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল আৰু সেইবাবে সমগ্ৰ অসম মধ্য অসমৰ বাবে বিশেষ ত্ৰাণ আছে । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে সৰ্ব দিশতে এক নতুন ৰূপ গতি লাভ কৰিছে আৰু অনাগত দিনত অসমে শীৰ্ষ পাঁচ উন্নত ৰাজ্যৰ ভিতৰত স্থান দখল লাভ কৰিব বুলি হাজৰিকাই ঘোষণা কৰে ।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জুবিন গাৰ্গৰ বাবে আৰম্ভ কৰা কামবোৰৰ লাহে লাহে শুভাৰম্ভণি হৈছে বুলি তেওঁ মন্তব্য কৰে । ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে অগপই টিকট পালে বিজেপি উবুৰি খাই পৰিব আৰু বিজেপিয়ে টিকট পালে অগপ উবুৰি খাই পৰিব । মন্ত্ৰী হাজৰিকাই বঢ়মপুৰ সমষ্টিৰ ননৈত নিৰ্মাণ কৰা ‘মামা বজাৰ’ৰো উদ্বোধন কৰে।আজিৰ এই অনুষ্ঠান সমূহত কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা, উপ-পৌৰপতি জয়ন্ত ফুকন, ৱাৰ্ড কমিচনাৰ সকলৰ লগতে কামপুৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লোকসকলো উপস্থিত থাকে।
লগতে পঢ়কঃ কলিয়াবৰত জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ সমৃদ্ধ বিজ্ঞান প্ৰকল্পৰ উদ্বোধন

