নগাঁও: লুণ্ঠন আৰু দুৰ্নীতিগ্ৰস্ত বিভাগ হিচাপে পৰিগণিত হোৱা বন বিভাগক স্বচ্ছ কৰিবলৈ  অহৰহ চেষ্টা অব্যাহত ৰাখিছে নতুনকৈ বন বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।  কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো যেন কেৰেপ নকৰা হৈছে নগাঁৱৰ বন বিভাগে।  বিভাগটোক দুৰ্নীতিমুক্ত কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তো  নগাঁও বন বিভাগে অব্যাহত ৰাখিছে অনিয়ম আৰু লুণ্ঠন।  অবৈধভাৱে তথা অতিৰিক্ত বোজা কঢ়িওৱা শিল বালিৰ ডাম্পাৰৰ  দৌৰাত্ম এতিয়াও অব্যাহত আছে নগাঁও জিলাত।  বিশেষকৈ লুণ্ঠনৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হোৱা নগাঁৱৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ  নাকৰ তলে দিয়ে দৈনিক পাৰ হয় শিল বালি কঢ়িওৱা ডাম্পাৰ।  এখন চালানেৰেই তিনিদিন চাৰিদিন পৰ্যন্ত ডাম্পাৰে শিল বালি কঢ়িয়াব পাৰে নগাঁও জিলাত।  এয়া কেৱল সম্ভৱ হৈছে নগাঁও তথা কামপুৰ বন বিভাগৰ আশীৰ্বাদত। 


 বন বিভাগটোৰ নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো অন্ধকাৰত ৰাখি অবৈধ শিল বালি কঢ়িয়াবলৈ সুবিধা দিয়া কামপুৰ তথা নগাঁও বন বিভাগৰ মুখা খুলিলে এইবাৰ খোদ চৰকাৰৰ পৰিবহণ বিভাগে।  বন বিভাগৰ স্বৰূপ উদঙাই এইবাৰ নগাঁৱৰ পৰিবহণ বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে কেইবাখনো শিল বালি কঢ়িওৱা ডাম্পাৰ। 


 নগাঁও আৰু কাৰ্বি-আংলং সীমান্তৰ পৰা প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰি আছে শিল আৰু বালি ভৰ্তি অভাৰ লোডিং ট্ৰাক - ড্ৰাম্পাৰ। কিন্তু নগাঁও তথা কামপুৰ বন বিভাগৰ চকুত ধূলি দি পৰিবহণ কৰা অভাৰ লোডিং ড্ৰাম্পাৰ এইবাৰ পৰিল নগাঁও জিলা পৰিবহণ পৰ্দশষকৰ জালত। 


বৃহস্পতিবাৰে পুৱতি নিশাই বন বিভাগৰ আৰ্শীবাদত চলি থকা দুখনকৈ শিল ভৰ্তি ড্ৰাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও জিলা পৰিবহণ বিভাগে।  পৰিবহণ বিভাগৰ তৎপৰতাতেই  বন বিভাগে দেখা নোপোৱা অভাৰলোডিং শিল বালি কঢ়িওৱাৰ দাম পাৰ জব্দ হয় নগাঁৱত।


 এফালে চৰকাৰৰ ৰাজহ বৃদ্ধিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চেষ্টা অব্যাহত ৰাখিছে আনফালে এখন চালানেৰেই অথবা অতিৰিক্ত বোজা কঢ়িয়াই শিল বালিৰ বেহা অব্যাহত ৰাখিছে একাংশ ব্যৱসায়ীয়ে।   এয়াও কেৱল সম্ভৱ হৈছে নগাঁও তথা কামপুৰ বন বিভাগৰ দুৰ্বলতাৰ বাবেই। 


স্মৰ্তব্য, সকলো জানি শুনিও নেদেখাৰ ভাওধৰা বন বিভাগে এইবাৰ কি উত্তৰ দিব বিভাগীয় মন্ত্ৰীগৰাকীক?  নগাঁও তথা কামপুৰ বন বিভাগৰ এনে ৰহস্যজনক ভূমিকাৰ বাবেই শিল বালিৰ অবৈধ বেহা চলি থকা কাৰ্যৰ বিৰুদ্ধে  এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই?