নিউজ ডেস্কঃ পঞ্জাৱৰ জলন্ধৰৰ মডেল টাউন এলেকাৰ এটা গুৰুদ্বাৰৰ সন্মুখত শুকুৰবাৰে পুৱা এজন ৰাজনৈতিক নেতাক অজ্ঞাত আততায়ীয়ে গুলীয়াই নিহত কৰে (AAP leader Lucky Oberoi murder)। নিহত ৰাজনৈতিক নেতাজন আম আদমী পাৰ্টিৰ নেতা লাকী অৱেৰয় বুলি জানিব পৰা গৈছে।
আম আদমী পাৰ্টিৰ নেতাজন নিজৰ গাড়ী পাৰ্ক কৰা অৱস্থাতেই অজ্ঞাত আততায়ীয়ে তেওঁ উদ্দেশ্যি কেইহাজাৰ গুলী বৰ্ষণ কৰে। সেই সময়ত অৱেৰয় গাড়ীত বহি আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আততায়ী দুজন মটৰ চাইকেলত অহা বুলি প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় সংবাদ মাধ্যমত মন্তব্য কৰিছে।
গুৰুতৰভাৱে আহত লাকী অৱেৰয়ক পিচত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে লাকী অৱেৰয়ৰ পত্নীয়ে ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিৰ হৈ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজিত হৈছিল।
আমি আৰ্মী পাৰ্টিৰ নেতাজনৰ মৃত্যুৰ প্ৰসংগত ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে পঞ্জাৱৰ বিৰোধী দলৰ নেতা প্ৰতাপ সিং বাজৱাই। বিৰোধী দলৰ নেতাজনে X হেণ্ডেলত লিখিছে, “ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰৰ শাসনকালত পঞ্জাবত আইন-শৃংখলা সম্পূৰ্ণৰূপে ভাঙি পৰিছে।
জলন্ধৰত এটা গুৰদ্বাৰৰ বাহিৰত আম আদমী পাৰ্টীৰ নেতা লাকি ওবেৰইক দিন-দুপৰতে চাঞ্চল্যকৰ ভাবে হত্যা কৰা ঘটনাই ভয়ংকৰ পৰিবেশক উন্মোচিত কৰিছে। যদি শাসকীয় দলৰ নেতাসকলেই সুৰক্ষিত নহয়, তেন্তে সাধাৰণ নাগৰিকৰ বাবে সুৰক্ষা ক’ত ?” তেওঁ পঞ্জাবত হত্যা, হিংসা আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰি প্ৰশাসনিক অচলাৱস্থা বিৰাজ কৰিছে বুলি কয়।
একেদৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শেহজাদ পুনৱালাইও পঞ্জাৱত আইন-শৃংখলা সম্পূৰ্ণৰূপে অচল হৈ পৰিছে বুলি মন্তব্য কৰে। পঞ্জাৱৰ শিৰোমণি আকালী দলৰ নেতা বিক্ৰম সিং মাঝিথিয়াইও চৰকাৰক সমালোচনা কৰে।
লগতে পঢ়কঃ মেঘালয়ৰ অবৈধ কয়লা খনিত ১০ জন শ্ৰমিকৰ মৃত্যু
