Black Box Recovered from Ajit Pawar Plane Crash; Probe Focuses on Visibility and Missing GAGAN Systemঅজিত পাৱাৰৰ মৃত্যু হোৱা অভিশপ্ত বিমানৰ ব্লেক বক্স উদ্ধাৰ

নেশ্যনেলডেস্কঃ যিখন অভিশপ্ত বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ সহ মুঠ পাঁচজন লোকে প্ৰাণ হেৰুৱাইছিল সেই বিমানখনৰ ব্লেক বক্স উদ্ধাৰ হৈছে। উল্লেখযোগ্য যে বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ বাৰামতিত লিয়াৰজেট ৪৫ নামৰ বিমানখন অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল (Ajit Pawar Plane Crash Black Box)। বিমানখন প্ৰচণ্ড বিস্ফোৰণৰে অগ্নিদগ্ধহৈ ভস্মীভূত হোৱাত বিমানখনৰ যাত্ৰী হিচাপে থকা মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ, কেপ্টেন সুমিত কাপুৰ, ফাষ্ট অফিচাৰ শাম্ভৱী পাঠক, কেবিন ক্রু পিঙ্কী মালি আৰু নিৰাপত্তা ৰক্ষী বিদীপ যাদৱ ।

কি এই ব্লেক বক্সঃ

ব্লেক বক্স হৈছে ফ্লাইট ৰেকৰ্ডাৰ। ই হৈছে বিমানত স্থাপন কৰা এটা ইলেক্ট্ৰনিক ৰেকৰ্ডিং যন্ত্ৰ। যাৰ মূল উদ্দেশ্য হৈছে বিমান দুৰ্ঘটনা বা ঘটনাৰ তদন্তত সহায় কৰা। এই যন্ত্ৰটোক সাধাৰণতে “ব্লেক বক্স” বুলি কোৱা হয়, যদিও ইয়াৰ ৰং ক’লা নহয়। দুৰ্ঘটনাৰ পাছত সহজে উদ্ধাৰ কৰিব পৰাকৈ এই যন্ত্ৰবিধক উজ্জ্বল কমলা (orange) ৰঙেৰে ৰং কৰা হয়।

এই ব্লেক বক্স দুই ধৰণৰ। এবিধ হৈছে ডিজিটেল ফ্লাইট ডাটা ৰেকৰ্ডাৰ (DFDR)-। যি বিমানৰ উৰণৰ সাম্প্ৰতিক তথ্য সংৰক্ষণ কৰে। অৰ্থাৎ
ডিএফডিআৰৰ ভিতৰত বিমানখনৰ সকলো যন্ত্ৰ-পাতিৰ তথ্য সংৰক্ষিত থাকে। সেয়ে কোনো যান্ত্ৰিক ত্ৰুটিৰ ফলত যদি দুৰ্ঘটনা ঘটে, তেন্তে ডিএফডিআৰৰ তথ্যৰ পৰা সেয়া সহজে বুজিব পৰা যায়। আনবিধ হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ (CVR)। যি ককপিটৰ শব্দসমূহ সংৰক্ষণ কৰে, য’ত পাইলটসকলৰ কথোপকথনো অন্তৰ্ভুক্ত থাকে।

ডি এফ ডি আৰ আৰু চি ভি আৰ কেতিয়াবা এটা যন্ত্ৰতে সংযুক্ত হৈ থাকে। একেলগে FDR আৰু CVR-এ বিমানখনৰ উৰণ ইতিহাস নথিভুক্ত কৰে। যিয়ে পিছত কোনো তদন্তত সহায় কৰিব পাৰে।

গগন( GAGAN) ব্যৱস্থা সংযুক্ত নাছিল বিমানখনত

মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত বিমানখনত GAGAN ব্যৱস্থা নাছিল । লিয়াৰেজেট ৪৫ নামৰ এই বিমানখন ২০২১ চনৰ ২ তাৰিখে পঞ্জীয়ন হৈছিল। ইয়াৰ ২৮ দিনৰ পিচত নতুন নিয়ম কাৰ্যকৰী হয়। য’ত নতুনকৈ পঞ্জীয়ন হোৱা বিমান সমূহত GAGANৰ দৰে উপগ্ৰহ-ভিত্তিক নেভিগেশ্যন আৰু এপ্ৰ’চ ব্যৱস্থা বাধ্যতামূলক কৰা হয়। ২৮ দিনৰ ব্যৱধানৰ বাবে বিমানখনক উন্নীতকৰণ কৰাটো বাধ্যতামূলক নাছিল।

কি এই GAGAN ব্যৱস্থা

GAGAN হৈছে ভাৰতৰ আঞ্চলিক উপগ্ৰহ-ভিত্তিক অগমেণ্টেশ্যন ব্যৱস্থা। যিটো ISRO আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ (AAI)-এ যৌথভাৱে বিকাশ কৰিছে। যাতে বিমানৰ বাবে GPS-ৰ সঠিকতা বৃদ্ধি পায়। অৱস্থান তথ্য অধিক নিখুঁত কৰি আৰু প্ৰেছিজন এপ্ৰ’চ সমৰ্থন কৰি এই ব্যৱস্থাই বিশেষকৈ কুঁৱলী, বৰষুণ বা ধোঁৱা-ধূলিৰ পৰিস্থিতিত, য’ত পৰম্পৰাগত Instrument Landing System (ILS) নাথাকে, তেনে বিমানবন্দৰত অধিক সুৰক্ষিত অৱতৰণত পাইলটসকলক সহায় কৰে। কিন্তু GAGAN-ৰ নিৰ্দেশনা ব্যৱহাৰ কৰিবলৈ বিমানখনত উপযুক্ত এভিয়’নিক্স সঁজুলি থাকিব লাগিব—তদন্তকাৰীসকলৰ মতে দুৰ্ঘটনাগ্ৰস্ত লিয়াৰজেটখনত সেই সুবিধা নাছিল।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়(MoCA)ৰ তদন্ত আৰম্ভ

মহাৰাষ্ট্ৰৰ বাৰামতিত সংঘটিত বিমান দুৰ্ঘটনা দুৰ্ভাগ্যজনক আখ্যা দিছে অসামৰিক বিমান পৰিচালনা মন্ত্ৰালয়ে। Xত তেওঁলোকে উল্লেখ কৰে, “বাৰামতীৰ ওচৰত সংঘটিত এই দুৰ্ভাগ্যজনক বিমান দুৰ্ঘটনাৰ পাছতে সকলো প্ৰয়োজনীয় সঁহাৰি আৰু তদন্ত ব্যৱস্থা তৎক্ষণাত সক্ৰিয় কৰা হৈছিল। এটা সম্পূৰ্ণ, স্বচ্ছ আৰু সময়সীমাৰ ভিতৰত তদন্ত নিশ্চিত কৰাটোক অগ্ৰাধিকাৰ দিয়া হৈছে।

MoCA উল্লেখ কৰে ,” এএআইবি (AAIB) দিল্লীৰ তিনিজন বিষয়াৰ এটা দল আৰু ডিজিচিএ (DGCA) মুম্বাই আঞ্চলিক কাৰ্যালয়ৰ আন তিনিজন বিষয়াৰ এটা দল ২৮ জানুৱাৰীত দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল। একে দিনাই এএআইবি-ৰ মহাপৰিচালকো ঘটনাস্থলীত উপস্থিত হৈছিল। তদন্ত তৎপৰতাৰে আগবাঢ়ি আছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে।”

“অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় (MoCA) নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰক্ৰিয়া SOP আৰু নিৰ্ধাৰিত নিৰ্দেশনাসমূহ
মানি সম্পন্ন কৰা হ’ব। এই তদন্ত এএআইবি (AAIB) বিধি, ২০২৫-ৰ বিধি ৫ আৰু ১১ অনুসৰি আৰম্ভ কৰা হৈছে।” X ত এনেদৰে উল্লেখ কৰে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ মন্তব্য

মহাৰাষ্ট্ৰৰ প্ৰয়াত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ অন্যতম কাৰণ আছিল দৃশ্যমান হীনতা। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে. ৰামমোহন নাইডুৱে এই দাবী উত্থাপন কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে. ৰামমোহন নাইডুৱে জনায় যে প্ৰাথমিক তথ্য অনুসাৰে, সংশ্লিষ্ট বিমানখনৰ পাইলটে স্পষ্টকৈ নেদেখাৰ বাবে ৰানৱে দেখা পোৱা নাই বুলি অৱগত কৰিছিল। এয়াৰ ট্ৰাফিক কণ্ট্ৰোলক জনাই তেওঁ অৱতৰণ নকৰি আকাশতে উৰি থাকে। পিছত ৰানৱে দেখা পোৱা গৈছে বুলি জনাই পাইলটে অৱতৰণৰ অনুমতি বিচাৰে।

দৃশ্যমান হীনতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনালেও, এই বিষয়ত তদন্ত এতিয়াও চলি আছে বুলিও কে. ৰামমোহন নাইডুৱে উল্লেখ কৰিছে। তাৎপৰ্যপূৰ্ণ বাৰামতি বিমান বন্দৰ সৰু বিমানবন্দৰ। ডাঙৰ বিমানবন্দৰৰ দৰে উন্নত লেণ্ডিং ব্যৱস্থা ইয়াত নাই। বুধবাৰে পুৱা কুঁৱলীৰ বাবে দৃশ্যমানতা কমি গৈছিল। পাইলটে প্ৰথমবাৰৰ বাবে অৱতৰণ কৰিবলৈ চেষ্টা কৰিও বিফল হয় আৰু পুনৰ চেষ্টা কৰে। পুৱা ৮:৪৩ মিনিটত তেওঁ ৰানৱে দেখা পোৱা বুলি কণ্ট্ৰোল ৰুমত জনাইছিল বুলি তদন্তকাৰী বিষয়াসকলে জনাইছে। কিন্তু ঠিক কেইছেকেণ্ডৰ মাজতেই বিমানখন ৰানৱেৰ কাষতে আচাৰখাই পৰে আৰু তাৎক্ষণিক ভাবে অগ্নিদগ্ধ হয়।

লগতে পঢ়কঃ Ajit Pawar plane crash death: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু


Advertisement