Maharashtra Deputy Chief Minister Ajit Pawar Dies in Plane Crash Near Baramatiবিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বুধবাৰে এক বিমান দুৰ্ঘটনাত পতিতহৈ মৃত্যু হয় (Ajit Pawar plane crash death)। বিমানখনত পাৱাৰ সহ আন চাৰিজন ব্যক্তি আছিল বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, পুণেৰ বাৰামতি অঞ্চলত অৱতৰণ কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াৰ পিছতে বিমানবন্দৰ আৰু তাৰ ওচৰৰ অঞ্চলসমূহত জৰুৰীকালীন উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। দুৰ্ঘটনাস্থলীৰ পৰা পোৱা দৃশ্যসমূহত মাটিত চাৰিওফালে ছিটিকি থকা ধ্বংসাৱশেষ দেখা গৈছে। লগতে বিমানখনৰ পৰা জুই জ্বলি উঠা আৰু ডাঠ ধোঁৱা ওলোৱা পৰিলক্ষিত হৈছে। দুৰ্ঘটনাত পতিত হোৱা বিমানখন LJ45 বিমান আছিল (Maharashtra Deputy CM death)।

ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনৰ তথ্য অনুযায়ী এই বিমান দুৰ্ঘটনাত মুঠ পাঁচজন লোকৰ মৃত্যু হৈছে।

৬৬ বছৰীয়া অজিত পাৱাৰে মঙলবাৰে মুম্বাইত এখন কেবিনেট বৈঠকত অংশ লৈছিল আৰু তাৰ পিছতে পুণেৰ বাৰামতিলৈ যাত্ৰা কৰিছিল। আগন্তুক স্থানীয় নিকায় সমূহৰ নিৰ্বাচনৰ সৈতে জড়িত একাধিক বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ বাৰামতিলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জিলা পৰিষদ নিৰ্বাচনো অন্তৰ্ভুক্ত আছিল। অৱশ্যে, সেই সকলো পৰিকল্পিত কাৰ্যসূচীৰ আগতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত খবৰ অনুযায়ী অজিত পাৱাৰে এখন ব্যক্তিগতভাৱে পৰিচালিত চাৰ্টাৰ্ড বিমানত যাত্ৰা কৰি আছিল। প্ৰাৰম্ভিক তথ্য অনুসাৰে, বিমানখনত আন যাত্ৰীও উপস্থিত আছিল বুলি ধাৰণা কৰা হৈছে। অৱশ্যে, দুৰ্ঘটনাৰ সঠিক কাৰণ অথবা এই ঘটনা কেনেকৈ সংঘটিত হ’ল, সেই সন্দৰ্ভত এতিয়ালৈকে কৰ্তৃপক্ষই কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।

এই দুৰ্ঘটনাৰ পিছতে পোৱা খবৰ অনুসাৰে, সুপ্ৰিয়া সুলে, পত্নী সুনেত্ৰা পাৱাৰ আৰু পুত্ৰ পাৰ্থ পাৱাৰে দিল্লীৰ পৰা বাৰামতিলৈ ৰাওনা হোৱাৰ প্ৰস্তুতি লৈছিল। ইয়াৰ পূৰ্বে তেওঁলোক শাৰদ পাৱাৰৰ বাসভৱনত একেলগে উপস্থিত আছিল বুলি খবৰ প্ৰকাশ পাইছে।

অজিত পাৱাৰৰ বিষয়ে

অজিত পাৱাৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী। ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। মৃত্যুৰ সময়লৈকে তেওঁ একনাথ সিন্দেৰ সৈতে একেলগে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। পাৱাৰ দীৰ্ঘ সময় ধৰি মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী পদত থকা ব্যক্তি। তেওঁ পৃথ্বীৰাজ চাৱন, দেৱেন্দ্ৰ ফড়নবিশ, উদ্ধৱ থাকৰে, একনাথ সিন্দে আদিৰ মন্ত্ৰী সভাত উপমুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।
উল্লেখযোগ্য যে ১৯৮২ চনত এটা সমবায় ভিত্তিক চেনী উদ্যোগ পৰিচালনা সমিতিৰ বাবে নিৰ্বাচিতহৈ ৰাজনৈতিক পথাৰত ভৰি দিয়া পাৱাৰছ ১৯৯১ চনত মহাৰাষ্ট্ৰৰ বাৰামতি লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে সংসদলৈ নিৰ্বাচিত হৈছিল। পিচত তেওঁ এই আসনখন খুৰাক শাৰদ পাৱাৰক এৰি দিয়ে।

১৯৯১ চনৰে উপনিৰ্বাচনত বাৰামতি বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাবে অজিত পাৱাৰ বিজয়ী হয়। ১৯৯৫ চনত তেওঁ পুনৰ একেটা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাবে বিজয়ী হয়।ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ বাৰামতি বিধানসভা সমষ্টিৰ পৰাই ১৯৯৯, ২০০৪, ২০০৯, ২০১৪, ২০১৯ আৰু ২০২৪ চনৰ বিধান সভা নিৰ্বাচনত এন চি পি প্ৰাৰ্থী হিচাবে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ পৰা ১৯৯২ চনলৈকে পাৱাৰে সুধাকৰ ৰাও নাইক নেতৃত্বাধীন মন্ত্ৰীসভাত কৃষি আৰু শক্তি মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯২ চনত শাৰদ পাৱাৰ নেতৃত্বাধীন মন্ত্ৰী সভাত তেওঁ ভূমি সংৰক্ষণ, শক্তি আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৯ চনত কংগ্ৰেছ আৰু এন চি পি ৰ যুক্ত চৰকাৰত তেওঁ জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। ২০০৪ চনত তেওঁ জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল।

২০১৯ চনত অজিত পাৱাৰে এন চি পি দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ অংশ হয় আৰু উপমুখ্যমন্ত্ৰী হয়। কিন্তু কম সময়ৰ ভিতৰতে এই চৰকাৰৰ পতন ঘটিছিল।

তাৎপৰ্যপূৰ্ণ যে অজিত পাৱাৰে পূৰ্বৰ এনচিপিৰ অধিকাংশ বিধায়কৰ সমৰ্থন থকাৰ দাবী কৰি তেওঁ এনচিপি দলৰ সভাপতি পদ, দলৰ নাম আৰু নিৰ্বাচনী চিহ্নৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰে। ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতীয় নিৰ্বাচন আয়োগে অজিত পাৱাৰৰ নেতৃত্বাধীন গোষ্ঠীক এনচিপি দলৰ নাম আৰু নিৰ্বাচনী চিহ্ন প্ৰদান কৰে। ইয়াৰ পিছত শাৰদ পাৱাৰৰ নেতৃত্বাধীন গোষ্ঠীক এনচিপি (শাৰদ পাৱাৰ) নামেৰে পৰিচিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত তেওঁ উল্লেখ কৰে, ” অজিত পাৱাৰ তৃণমূল পৰ্যায়ৰ জনতাৰ সৈতে সবল সংযোগ থকা নেতা আছিল। মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাত সদায় অগ্ৰণী হৈ থকা এগৰাকী পৰিশ্ৰমী ব্যক্তি হিচাপে তেওঁ সৰ্বত্ৰ সন্মান লাভ কৰিছিল। প্ৰশাসনিক বিষয়সমূহৰ প্ৰতি তেওঁৰ গভীৰ বুজাবুজি আৰু দুখীয়া তথা পিছপৰা লোকসকলক সৱলীকৰণৰ প্ৰতি থকা তেওঁৰ আন্তৰিক আগ্ৰহ বিশেষভাৱে উল্লেখযোগ্য আছিল। তেওঁৰ অকাল মৃত্যুৱে গভীৰ শোকৰ সৃষ্টি কৰিছে। তেওঁৰ পৰিয়ালবৰ্গ আৰু অগণন গুণগ্ৰাহীৰ প্ৰতি গভীৰ সমবেদনা জনাইছোঁ।”

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে, “মহাৰাষ্ট্ৰৰ বাৰামতিত সংঘটিত হোৱা দুখজনক বিমান দুৰ্ঘটনাত মই গভীৰভাৱে শোকাহত। এই দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুৱোৱা সকলো পৰিয়ালৰ সৈতে মোৰ সমবেদনা থাকিল। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক শক্তি আৰু সাহস প্ৰদান কৰিবলৈ মই প্ৰাৰ্থনা জনাইছোঁ।”

গৃহমন্ত্ৰী অমিত শ্বাহৰ শোক প্ৰকাশঃ

অজিত পাৱাৰৰ মৃত্যুত গৃহমন্ত্ৰী অমিত শ্বাহেও শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত তেওঁ উল্লেখ কৰে, “আজি সংঘটিত হোৱা এক দুখজনক দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এনডিএৰ আমাৰ জ্যেষ্ঠ সহযোদ্ধা অজিত পাৱাৰক হেৰুৱাবলগীয়া হোৱাৰ খবৰে মোৰ মন গভীৰভাৱে ব্যথিত কৰিছে।

অজিত পাৱাৰে বিগত চাৰে তিনি দশক ধৰি মহাৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ কল্যাণৰ বাবে যিধৰণে নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰিছিল, সেয়া শব্দৰে বৰ্ণনা কৰা কঠিন। যেতিয়াই তেওঁক লগ পাইছিলোঁ, তেতিয়াই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণ সম্পৰ্কীয় বহু বিষয়ত দীৰ্ঘ আলোচনা হৈছিল। তেওঁৰ পৰলোকপ্ৰাপ্তি এনডিএ পৰিয়ালৰ লগতে মোৰ বাবেও এক ব্যক্তিগত ক্ষতি।

পাৱাৰ পৰিয়ালৰ প্ৰতি মই মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। শোকৰ এই মুহূৰ্তত সম্পূৰ্ণ এনডিএ শোকসন্তপ্ত পাৱাৰ পৰিয়ালৰ সৈতে দৃঢ়ভাৱে থিয় হৈ আছে। ঈশ্বৰে বিদেহী আত্মাক নিজৰ শ্ৰীচৰণত স্থান দিয়ক।”

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিশৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিশে এক শোক বাৰ্তাত এনেদৰে উল্লেখ কৰিছে, “মাটিৰ সৈতে জড়িত নেতা, মোৰ বন্ধু আৰু সহকৰ্মী মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যুৰ খবৰে মোৰ মন গভীৰভাৱে ব্যথিত কৰিছে। মই মোৰ এজন শক্তিশালী আৰু হৃদয়বান বন্ধু হেৰুৱালোঁ। এইটো মোৰ বাবে এক ব্যক্তিগত ক্ষতি, যি কেতিয়াও পূৰণ নহয়। এই ঘটনা মহাৰাষ্ট্ৰৰ বাবে অতি দুখজনক। মই অজিতদাদাক আন্তৰিক সন্মান জনাইছোঁ। তেওঁ আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পৰিয়ালৰ শোকত আমি সকলো একেলগে থাকিম।’

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশঃ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক শোক বাৰ্তাত উল্লেখ কৰিছে , “আজি পুৱা সংঘটিত দুৰ্ভাগ্যজনক বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ খবৰে মোক গভীৰভাৱে শোকাহত কৰিছে। তেওঁ আছিল এজন অভিজ্ঞ নেতা যি তেওঁৰ জীৱন জনসেৱা আৰু জনসাধাৰণৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ নিজৰ ৰাজ্যৰ উন্নয়ন আৰু শাসনত থকা অৱদানৰ স্থায়ী চাপ এৰি গৈছে। এই গভীৰ শোকৰ মুহূৰ্তত মোৰ চিন্তা আৰু প্ৰাৰ্থনা তেওঁৰ পৰিয়াল, সমৰ্থকসকল আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সৈতে আছে।”

মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত ৰাজ্যখনৰে আন এজন উপমুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে শোক প্ৰকাশ কৰিছে। তেওঁ এক শোক বাৰ্তাত উল্লেখ কৰে, “আজি মহাৰাষ্ট্ৰৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছে। ই এক অত্যন্ত যন্ত্রণাদায়ক আৰু দুখদায়ক দিন। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ খবৰে সমগ্ৰ মহাৰাষ্ট্ৰৰ লগতে ব্যক্তিগতভাৱেও মোকো গভীৰভাৱে আঘাত কৰিছে। আজি আমি এজন উদাৰমনৰ সহজ-সৰল, কৰ্মক্ষম, অধ্যয়নশীল আৰু স্পষ্টবাদী নেতাক হেৰুৱালোঁ। .. বিধায়ক, সাংসদ আৰু মন্ত্ৰী হিচাপে অজিতদাদাই নিজৰ কৰ্মদক্ষতাৰে এক দীঘল আৰু গৌৰৱময় ৰাজনৈতিক জীৱন গঢ়ি তুলিছিল। বিগত ৪০ বছৰে ৰাজনৈতিক ক্ষেত্ৰত দাদাই নিজৰ প্ৰভাৱ অটুট ৰাখিছিল।”

তদুপৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অজিত পাৱাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ যুদ্ধ বিমান সুৰক্ষাত মুৰ্গী মাংস


Advertisement