নিউজ ডেস্কঃ কেন্দ্ৰ চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে আজি (বৃহস্পতিবাৰে) ১০ টাতকৈও অধিক বাণিজ্য আৰু কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰায় ৩০ কোটিৰো অধিক শ্ৰমিক, কৰ্অংমচাৰীয়ে অংশগ্ৰহণ কৰিব (Bharat Bandh 12 February 2026)। অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ (AITUC)-ৰ সাধাৰণ সম্পাদক অমৰজীত কৌৰে সংবাদ মাধ্যমক এই বিষয়ে সদৰী কৰি জনায় যে, ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৯ জুলাইত হোৱা প্ৰতিবাদত প্ৰায় ২৫ কোটি শ্ৰমিকে অংশগ্ৰহণ কৰিছিল। এই ধৰ্মঘটৰ প্ৰভাৱ দেশৰ ৬০০ খনতকৈও অধিক জিলাত পৰিব।”
উল্লেখযোগ্য যে শ্ৰমিক-কৃষক সংগঠনসমূহে কেন্দ্ৰ চৰকাৰৰ “শ্ৰমিক-বিৰোধী, কৃষক-বিৰোধী আৰু কৰ্পোৰেট-পক্ষপাতী নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী আহ্বান কৰিছে । কৃষক সংগঠন, কৃষি শ্ৰমিক ইউনিয়ন, ছাত্ৰ সংগঠন, যুৱ সংগঠন আৰু অন্যান্য ফেডাৰেচনসমূহেও এই আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে।
কিহৰ ওপৰত পৰিব বন্ধৰ প্ৰভাৱঃ
১/ ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কাৰ্যালয়সমূহ
২/ ৰাজ্যিক পৰিবহণ সেৱা (কিছুমান ৰাজ্যত বাছ সেৱা)
৩/ চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ
৪/ ঔদ্যোগিক ইউনিট আৰু উৎপাদন কেন্দ্ৰসমূহ
৫/ কয়লা, ইস্পাত আৰু অন্যান্য মুখ্য খণ্ডসমূহ (স্থানীয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰি)
৬/ প্ৰতিবাদ চলি থকা অঞ্চলসমূহত এমজিএনৰেগা (MGNREGA) আঁচনিৰ অধীনত হোৱা কাযকাজত
বন্ধৰ পৰা ৰেহাই দিয়া ব্যৱস্থা সমূহঃ
১/ চিকিৎসালয় আৰু জৰুৰীকালীন সেৱাসমূহ
এম্বুলেন্স আৰু অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা
২/ মেট্ৰো সেৱা (স্থানীয় প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি)
ব্যক্তিগত কাৰ্যালয় আৰু আইটি কোম্পানীসমূহ (অঞ্চলভেদে)
৪/ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত চলি থকা পৰীক্ষা সমূহ
৫/ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ (ৰাজ্যভিত্তিক সিদ্ধান্ত অনুসৰি)
৬/ গাখীৰ আৰু ঔষধালয় আদি অত্যাৱশ্যকীয় যোগান
১২ ফেব্ৰুৱাৰীৰ সাধাৰণ ধৰ্মঘটক ‘গ্ৰামীণ ধৰ্মঘট’ ৰূপে পালন কৰিবলৈ আহ্বান সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰঃ
১২ ফেব্ৰুৱাৰীত আহ্বান জনোৱা দেশব্যাপী সাধাৰণ ধৰ্মঘটক ‘গ্ৰামীণ ধৰ্মঘট’ ৰূপে পালন কৰিবলৈ আহ্বান জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই।
সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে, “কেন্দ্ৰৰ বিজেপি চৰকাৰে শ্রমিক সকলে বহু ত্যাগ আৰু সংগ্ৰামৰ জৰিয়তে অৰ্জন কৰা শ্ৰম আইন সমূহ ধ্বংস কৰি চাৰিটা শ্ৰম সংহিতা প্ৰণয়ন কৰি কোম্পানী ৰাজ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত শ্ৰমিকৰ স্থায়ী কামৰ অধিকাৰ , ন্যূনতম বেতনৰ অধিকাৰ, সংগঠিত হোৱা আৰু ধৰ্মঘট সংগঠিত কৰাৰ অধিকাৰক কবৰ দি গোলামীৰ ফৰমান জাৰি কৰিছে ।”
বিজ্ঞপ্তিত নেতাদ্বয়ে উল্লেখ কৰা মতে, “গাঁৱৰ দুখীয়া -ভূমিহীন ৰাইজৰ জীৱন -জীৱিকাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, ভূমিৰ অধিকাৰক ধ্বংস কৰি আম্বানী -আদানীৰ দৰে কিছুমান ডাঙৰ বণিয়াৰ স্বাৰ্থত নামমাত্ৰ মজুৰিত কাম কৰোৱাই পুঁজিপতি-মালিকৰ ভঁৰাল টনকিয়াল কৰিবলৈ উচ্ছেদ আৰু বুলডোজাৰ চলাইছে। তদুপৰি ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ আৰু বিশেষ পুনৰীক্ষণৰ নামত মুছলমান , দৰিদ্ৰ আৰু দলিত সম্প্ৰদায়ৰ ৰাইজৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি সকলো নাগৰিক অধিকাৰ কাঢ়ি লৈছে।”
নেতাদ্বয়ে অভিযোগ কৰে যে, “গ্ৰামীণ দৰিদ্ৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ আইন মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আইনৰ জৰিয়তে ১০০ দিন কাম পোৱাৰ নিশ্চয়তা আৰু কাম দিব নোৱাৰিলে নিবনুৱা ভাট্টা প্ৰদান তথা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে সকলো নিৰ্ণয় কৰাৰ ক্ষমতা আছিল। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে বিকশিত ভাৰত গ্ৰামজী আঁচনি আনি তাৰ দ্বাৰা কাম পোৱাৰ নিশ্চয়তাৰ আইনী অধিকাৰকেই ধ্বংস কৰিছে। গ্ৰামীণ দৰিদ্ৰ ৰাইজৰ ওপৰত এক ডাঙৰ মাধমাৰৰ সোধাই এই বছৰৰ কেন্দ্ৰীয় বাজেটত বিজেপি চৰকাৰে বিকশিত ভাৰত গ্ৰামজী আঁচনিত ৯৫৬৯২.৩১ কোটি টকা আবণ্টনেৰে মাত্ৰ ৫২ দিনৰ কাম দিব পৰাৰ ব্যৱস্থা কৰিছে।”
বিজেপি চৰকাৰ দৰিদ্ৰ ৰাইজৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে থিয় দিছে বুলি অভিযোগ কৰি গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতাদ্বয়ে কয় যে, ” ৰহস্যময় কাৰণত আমেৰিকাৰ ওচৰত আত্মসমৰ্পন কৰি ভাৰতৰ সম্পূৰ্ণ কৃষি ক্ষেত্ৰ আৰু কৃষকৰ জীৱন -জীৱিকালৈ মৃত্যুঘণ্টা মাতিছে।”
দেশৰ সাধাৰণ ধৰ্মঘটক ‘ গ্ৰামীণ ধৰ্মঘট’ হিচাপে পালনৰ আহ্বান জনাই নেতাদ্বয়ে কয় যে, “ৰাইজৰ ভৱিষ্যত ৰক্ষাৰ বাবেই কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচন সমূহৰ যৌথমঞ্চৰ দ্বাৰা আহ্বান জনোৱা তথা সংযুক্ত কিষাণ ম’ৰ্চাই প্ৰদান কৰা সমৰ্থন কৰা ১২ ফেব্ৰুৱাৰী , ২০২৬ তাৰিখৰ দেশব্যাপী সাধাৰণ ধৰ্মঘটক ‘গ্ৰামীণ ধৰ্মঘট’ হিচাপে সফল কৰি তুলিবলৈ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে বিনম্ৰ অনুৰোধ জনায়।”
লগতে পঢ়কঃ ১২ ফেব্ৰুৱাৰীত চি পি আই (এম এল)ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান

