CPI ML Calls Nationwide Strike on February 12 Against Union Budget and India–US Trade Deal১২ ফেব্ৰুৱাৰীত চি পি আই (এম এল)ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান

নিউজ ডেস্কঃ কেন্দ্ৰীয় বাজেটক অন্তঃসাৰশূন্য বাজেট আখ্যা দি অহা ১২ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে চি পি আই ( এম এল) এই (CPI ML nationwide strike February 12)। বুধবাৰে কলিকতা অনুষ্ঠিত এখন সংবাদমেলত চি পি আই (এম এল)ৰ সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্যই উল্লেখ কৰে যে, এই বাজেটখনে দেশৰ সাধাৰণ নাগৰিকৰ ওপৰৰ পৰা কৰৰ বোজা হ্ৰাস কৰাৰ সলনি, ডাঙৰ ব্যৱসায়ীসকলকহে ৰেহাই দিছে। ইয়াৰ বিৰুদ্ধে সকলো বিৰোধী ৰাজনৈতিক দলে তীব্ৰ প্ৰতিবাদ কৰা উচিত। তদুপৰি, মোদী চৰকাৰৰ ভাৰত–আমেৰিকা বাণিজ্য চুক্তি (India-US trade deal)ৰ নেতিবাচক প্ৰভাৱ ভাৰতৰ কৃষকৰ ওপৰত পৰিব। সেয়ে ইয়াৰ প্ৰতিবাদ স্বৰূপে ১২ ফেব্ৰুৱাৰীত চি পি আই (এম এল)এই সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ (strike) আহ্বান জনাইছে ।

চি পি আই (এমএল)-ৰ পক্ষে সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharya)ই কয়, “আমেৰিকা সূত্রে জানিব পৰা গৈছে যে ভাৰতৰ সৈতে বাণিজ্য চুক্তি ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াত মোদী চৰকাৰ আৰু আমেৰিকাৰ বক্তব্য ভিন্ন। ভাৰতৰ পক্ষৰ পৰা এনে ধৰণে জনোৱা হৈছে যেন তেওঁলোকে বিশ্ব জয় কৰি আহিছে। কিন্তু ট্রাম্পৰ ফালৰ পৰা যি বিবৃতি দিয়া হৈছে, তাত স্পষ্ট দেখা গৈছে যে ইয়াত আমেৰিকাৰহে সম্পূৰ্ণ লাভ হ’ব। ভাৰতৰ সামগ্ৰীৰ ওপৰত ১৮ শতাংশ শুল্ক থাকিব। আৰু যি সামগ্ৰী আমেৰিকাই ভাৰতত বিক্ৰী কৰিব, আনকি কৃষিক্ষেত্ৰৰ সামগ্ৰীও, তাত শুল্ক শূন্য হব। অৰ্থাৎ আমাৰ শূন্য, তেওঁলোকৰ ১৮।”

তেওঁ লগতে উল্লেখ কৰে,” এই চুক্তি অনুযায়ী ৰাছিয়াৰ পৰা তেল অহা বন্ধ হ’ব। এতিয়া তেল আমেৰিকাৰ পৰা আহিব। তেল ভেনেজুৱেলাৰ পৰা আহিব। য’ত নিয়ন্ত্ৰণ থাকিব আমেৰিকাৰ। সম্পূৰ্ণ চুক্তি সন্দৰ্ভত যি কথা শুনা গৈছে, সেইবোৰ অতি উদ্বেগজনক। ভাৰতৰ বাবে আপত্তিজনক। ভাৰত চৰকাৰে এতিয়া স্পষ্ট কৰি দিওক যে কোন চৰ্তত এই চুক্তি কৰা হৈছে।”

বাজেট সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি ভট্টাচাৰ্যই কয়, “বাজেটত আমি দেখিছোঁ যে এনে সময়ত যেতিয়া টকাৰ মূল্য ক্রমাগত হ্ৰাস পাইছে আৰু সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতৰ ভূমিকা অত্যন্ত সংকটজনক অৱস্থাত আছে। তেতিয়াই বাজেটত সৰ্বাধিক কৃতিত্ব দিয়া হৈছে—আমাৰ খৰচ কমাই দিছে। খৰচ কমিলে আৰু আয় বৃদ্ধি নহ’লে, ৰাজহ কমিব। মুখ্য বিষয় আছিল আয় বৃদ্ধি কৰাৰ।

জিএছটি (GST) আৰু সাধাৰণ মানুহৰ আয়কৰ (income tax) চৰকাৰৰ মুখ্য আয়ৰ উৎসত পৰিণত হৈছে। অন্যহাতেদি কৰ্পৰেট টেক্স বৃদ্ধি কৰি আয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে, কৰ্পৰেট টেক্স কমোৱা হৈছে। আনফালে, যি ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰাৰ প্ৰয়োজন আছিল, সেই ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰা হোৱা নাই। শিক্ষাৰ ক্ষেত্ৰত জিডিপি-ৰ ৬ শতাংশ খৰচ কৰা উচিত, যি বহুদিন ধৰি হোৱা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত জিডিপি-ৰ ৫ শতাংশ খৰচ কৰাৰ কথা আছিল, কিন্তু বৰ্তমান মাথোঁ ২ শতাংশ মানহে খৰচ কৰা হৈছে।”

আমেৰিকা-ভাৰত বাণিজ্য চুক্তিৰ দ্বাৰা মোদী চৰকাৰে ট্ৰাম্পৰ মেগা এজেণ্ডাৰ ওচৰত ভাৰতৰ স্বাৰ্থক বন্ধকত ৰাখিলেঃ

অন্যহাতেদি আমেৰিকা-ভাৰত বাণিজ্য চুক্তিৰ দ্বাৰা মোদী চৰকাৰে ট্ৰাম্পৰ মেগা এজেণ্ডাৰ ওচৰত ভাৰতৰ স্বাৰ্থক বন্ধকত ৰাখিলে বুলি অভিযোগ কৰিছে চি পি আই (এম এল ) এই।

এক বিবৃতিত দলটোৰ কেন্দ্ৰীয় সমিতিয়ে উল্লেখ কৰে যে, “আমেৰিকা আৰু ভাৰতৰ মাজত হোৱা বুলি প্ৰচাৰ কৰা তথাকথিত “বাণিজ্য চুক্তি” সম্পৰ্কত প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেহে সামাজিক মাধ্যমত সদৰী কৰে। ইয়াৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X (পূৰ্বতে টুইটাৰ)ত নিৰ্দিষ্ট আৰু অসম্পূৰ্ণ তথ্যহে প্ৰকাশ কৰে। দেশৰ ভৱিষ্যতৰ সৈতে জড়িত এনে গুৰুত্বপূৰ্ণ বিষয়ত এইধৰণৰ আচৰণ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা।”

বিবৃতিটোত ট্ৰাম্প–মোদী বুজাবুজিৰ প্ৰকৃত চৰ্তসমূহ এতিয়াও স্পষ্ট নহয় বুলি অভিযোগ কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে কেৱল ভাৰতীয় সামগ্ৰীৰ ওপৰত ১৮ শতাংশ শুল্কৰ কথা কয়। কিন্তু ট্ৰাম্পে নিজেই কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰি আমেৰিকা আৰু ভেনেজুৱেলাৰ পৰা তেল আমদানি বৃদ্ধি কৰিবলৈ সন্মত হৈছে। আমেৰিকাই ভেনেজুৱেলাৰ তেল সম্পদ নিজৰ নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা চলাই থকাৰ সময়ত এই সিদ্ধান্ত বিশেষভাৱে উদ্বেগজনক।”

ভাৰতে আমেৰিকান সামগ্ৰী, বিশেষকৈ কৃষিজাত উৎপাদনৰ বাবে শূন্য শুল্কত নিজৰ বজাৰ খুলিবলৈ সন্মত হৈছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেট কৰা দাবী সম্পৰ্কত উনুকিয়াই বিবৃতিটোত উল্লেখ কৰে, ” আমেৰিকাৰ কৃষিমন্ত্ৰী ব্ৰুক ৰ’লিন্সে ৰাজহুৱাভাৱে ট্ৰাম্পক ধন্যবাদ জনাইছে যে এই ব্যৱস্থাই আমেৰিকান কৃষকসকলৰ বাবে ডাঙৰ লাভ নিশ্চিত কৰিলে। তেন্তে প্ৰশ্ন উঠে—এই চুক্তিৰ পৰা লাভ কাৰ হৈছে? মোদী চৰকাৰে কিয় ভাৰতীয় কৃষক আৰু দেশৰ স্বাৰ্থক ট্ৰাম্পৰ মেগা এজেণ্ডাৰ ওচৰত বন্ধকত ৰাখিলে?”

বিবৃতিটোত উল্লেখ কৰে যে, “যদি আমেৰিকান মাকৈ, ছয়াবিন, ইথানল, দুগ্ধজাত সামগ্ৰী, মাংস আৰু প্ৰস্তুত খাদ্য সামগ্ৰী ভাৰতীয় বজাৰত অবাধভাৱে সোমাবলৈ দিয়া হয়, তেন্তে ইয়াৰ ফলত ভাৰতীয় কৃষিখণ্ড ভীষণ সংকটত পৰিব। ইতিমধ্যে ব্যয় বৃদ্ধি আৰু চৰকাৰী সাহায্য হ্ৰাসৰ ফলত সমস্যাত থকা লাখ লাখ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু অধিক বিপদত পৰিব।
ইফালে ইস্পাত আৰু এলুমিনিয়ামৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ এই তথাকথিত পাৰস্পৰিক শুল্ক ব্যৱস্থাৰ বাহিৰত ৰখা হৈছে। ফলত এই খণ্ডসমূহত ভাৰতীয় ৰপ্তানিকাৰকসকলে আগৰ দৰেই উচ্চ শুল্ক ভৰিব লাগিব। ট্ৰাম্পে আগবঢ়োৱা আগ্ৰাসী শুল্ক নীতিৰ আগতে আমেৰিকাত গড় শুল্ক মাত্ৰ ২.৫% আছিল, যি পাছত ৫০% পৰ্যন্ত বৃদ্ধি পায়। এই পৰিস্থিতিত ১৮% শুল্কৰ এই চুক্তি ভাৰতৰ বাবে কোনো লাভজনক চুক্তি নহয়।”

চি পি আই (এম এল)ৰ মতে, মোদী চৰকাৰে যাক ডাঙৰ সাফল্য বুলি প্ৰচাৰ কৰিছে, বাস্তৱত ই দেশৰ আধাতকৈ অধিক জনসংখ্যা নিৰ্ভৰ কৰা গ্ৰাম্য ভাৰতক গভীৰ অৰ্থনৈতিক সংকটলৈ ঠেলি দিব। MSMEসমূহক বৃহৎ আমেৰিকান কোম্পানীৰ সৈতে যুঁজ দিব লাগিব, যাৰ ফলত “মেক ইন ইণ্ডিয়া” আৰু “মেড ইন ইণ্ডিয়া” উদ্যোগ ভাঙি পৰাৰ আশংকা আছে।”

এই চুক্তিৰ দ্বাৰা আমেৰিকাৰ ভূ-ৰাজনৈতিক স্বাৰ্থৰ ওচৰত ক্ৰমান্বয়ে ভাৰতৰ সাৰ্বভৌমত্ব ক্ষুন্ন হোৱাটো প্ৰকাশ কৰে বুলি উল্লেখ কৰি বিবৃতিটোত কয়, ” বিগত এটা বছৰত ভাৰতৰ তেল আমদানিত আমেৰিকাৰ অংশ প্ৰায় দুগুণ হৈছে। এনে অৱস্থাত আমেৰিকাৰ নিৰ্দেশত ভেনেজুৱেলাৰ পৰা তেল কিনা বা ৰাছিয়া-ইৰাণৰ পৰা তেল নিকিনাৰ প্ৰতিশ্ৰুতি দিয়াটো ভাৰতৰ সাৰ্বভৌমত্বৰ ওপৰত আঘাত।”

এই চুক্তি আৰু ভাৰত–ইউৰোপীয় সংঘৰ সৈতে হোৱা বাণিজ্য চুক্তিৰ সম্পূৰ্ণ তথ্য চৰকাৰে তৎক্ষণাৎ জনসাধাৰণৰ আগত প্ৰকাশ কৰিব লাগিব বুলি দাবী উত্থাপন কৰি বিবৃতিটোত উল্লেখ কৰে যে, দেশৰ কৃষক, শ্রমজীৱী জনতা আৰু সাৰ্বভৌমত্ব ক্ষুণ্ণ কৰা যিকোনো পদক্ষেপৰ চি পি আই (এম এল) এ বিৰুদ্ধে দৃঢ়ভাৱে প্ৰতিবাদ গঢ়ি তোলা হ’ব।

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ত অগ্নিবৰ্ষা যুক্তি বংগবাসীৰ ‘দিদি’ মমতাৰ


Advertisement