Garo Hills Violence: Two Killed in Police Firing as Tension Grips Meghalayaমেঘালয়ৰ গাৰো হিলছত উত্তপ্ত পৰিস্থিতি

মেঘালয়ঃ নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা কেন্দ্ৰ কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো হিলছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ শাম কটা নাই। ইতিমধ্যে প্ৰশাসনে গাৰো হিলছ পাঁচখন জিলাৰ ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়ে (Garo Hills Violence)। তদুপৰি অহা ১৩ মাৰ্চলৈকে সান্ধ্য আইন বলবৎ কৰে। ইয়াৰ লগতে ব’ৰ্ড পৰীক্ষা আৰু স্থানীয় পৰিষদৰ নিৰ্বাচনো স্থগিত ৰাখে।

কি হৈছিল ঘটনাটো

জানিব পৰা মতে গাৰো হিলছ স্বায়ত্তশাসিত জিলা পৰিষদ (Garo Hills Autonomous District Council)ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি জনজাতি আৰু অজনজাতি বিষয়কলৈ দুটা গোটৰ মাজত উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত দুজন লোক নিহত হয়। ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। এই হিংসাত্মক পৰিস্থিতিৰ পিছত অঞ্চলটোত সেনা নিয়োগ কৰা হয় আৰু গাৰো হিলছৰ পাঁচখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত কৰা হয়। উত্তেজিত লোকে বি এচ এফৰ এখন গাড়ী জ্বলাই দিয়ে।

কোন কোন জিলাত ইন্টাৰনেট সেৱা বন্ধ

গাৰো হিলছৰ পাঁচখন জিলা ক্ৰমে পশ্চিম গাৰো হিলছ, পূব গাৰো হিলছ, দক্ষিণ গাৰো হিলছ, উত্তৰ গাৰো হিলছ আৰু দক্ষিণ-পশ্চিম গাৰো হিলছ জিলাত ইন্টাৰনেট সেৱা বন্ধ থাকিব। তদুপৰি পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে ই বলবৎ থাকিব।

সেনা মোতায়েন

জিলা প্ৰশাসনৰ তথ্য অনুসাৰে, পশ্চিম গাৰো হিলছত প্ৰশাসনক সহায় কৰিবলৈ সেনাৰ পাঁচটা বেটেলিয়ন মোতায়েন কৰা হৈছে। ইয়াৰ ভিতৰত তিনিটা বেটেলিয়ন টুৰা চহৰত আৰু আন দুটা চিবিনাং অঞ্চলত মোতায়েন কৰা হৈছে। এই চিবিনাং অঞ্চলতে আৰক্ষীৰ গুলীচালনাত দুজন লোক নিহত হৈছিল। ইয়াৰ উপৰিও সংবেদনশীল ঠাইসমূহত Rapid Action Force (RAF) ৰ জোৱান আৰু অতিৰিক্ত ৰাজ্যিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ বাসস্থান ত্যাগ নকৰাৰ ঘোষণা

গাৰো হিলছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে সম্ভাব্য আক্ৰমণৰ আশংকাৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাক সুৰক্ষিত ঠাইলৈ যাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে ঘৰৰ পৰা নোযোৱাৰ সিদ্ধান্ত লয়। গাৰো সমাজৰ সদস্য হোৱা চাংমাই শান্তিৰ আহ্বান জনাই কয় যে টুৰাত তেওঁৰ ঘৰ আৰু পৰিয়ালৰ ওপৰত সম্ভাব্য জনতাৰ আক্ৰমণৰ ভাবুকি থকাৰ পিছতো তেওঁ ভয় নকৰে আৰু ঘৰ এৰি নাযায়।

পৰিষদ নিৰ্বাচন স্থগিত

গাৰো হিলছত হোৱা হিংসাত্মক ঘটনাৰ পিছত মুখ্যমন্ত্ৰী চাংমাই জিলাখনত অনুষ্ঠিত হ’বলগীয়া Garo Hills Autonomous District Council ৰ নিৰ্বাচন স্থগিত কৰা বুলি ঘোষণা কৰিছে। পূৰ্বে ১০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচন আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে পিছুৱাই দিয়া হৈছে।

উচ্চতৰ মাধ্যমিক পৰীক্ষা স্থগিত

অশান্ত পৰিস্থিতিৰ বাবে মেঘালয় শিক্ষা পৰিষদ (MBOSE) এ ১১ আৰু ১২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা স্থগিত কৰিছে। ৰাজ্যিক ব’ৰ্ডৰ বিষয়াই জনোৱা অনুসাৰে, ১১ মাৰ্চৰ সংগীত আৰু ১২ মাৰ্চৰ নৃতত্ত্ব (Anthropology) বিষয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেৱল পশ্চিম গাৰো হিলছ জিলাত বাতিল কৰা হৈছে। এই পৰীক্ষাসমূহ নতুন তাৰিখত পুনৰ অনুষ্ঠিত কৰা হ’ব।

ঘটনাৰ সূত্ৰপাত

ঘটনাৰ সূত্ৰপাত সম্পৰ্কত জানিব পৰা মতে গাৰো হিলছ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত অ-গাৰো (non-Garo) সমাজৰ লোকৰ অংশগ্ৰহণক লৈ জিলাখনত আপত্তি উত্থাপিত হয়। যোৱা সোমবাৰে ফুলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ইষ্টামুৰ মমিনিনক টুৰাত উপ-আয়ুক্তৰ কাৰ্যালয়ত গাৰো হিলছ স্বায়ত্ত শাসিত পৰিষদৰ (GHADC) ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল।

অঞ্চলটোৰ প্ৰতিবাদকাৰীয়ে দাবী জনাই আহিছে যে এই নিৰ্বাচনত অজনজাতি (non-tribal) লোকক প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি দিব নালাগে। ইয়াকে কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে গাৰো হিলছ স্বায়ত্ত শাসিত পৰিষদ (GHADC) ৰ নিৰ্বাচন মূলত গাৰো জনগোষ্ঠীৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে অনুষ্ঠিত হয়। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অনুসৰি এই পৰিষদে গাৰো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।
তথাপিও, যোগ্য ভোটাৰ হিচাপে নাম অন্তৰ্ভুক্ত থাকিলে কিছুমান অ-গাৰো লোককো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে।

শান্তি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

সকলো পক্ষকে শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সামাজিক মাধ্যমত তেওঁ উল্লেখ কৰে, “আজি টুৰাৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি চহৰজুৰি চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ খবৰ লওঁ। ধ্বংসৰ পৰিমাণ প্ৰত্যক্ষ কৰাটো সঁচাকৈয়ে হৃদয়বিদাৰক। ব্যক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ ক্ষতি দেখি মৰ্মাহত হৈছোঁ। এনেকুৱা সময়ত আমাৰ মানৱতা সমস্যাৰ উৰ্দ্ধত উঠিবই লাগে। মই মোৰ সকলো লোকক বিনম্ৰভাৱে আহ্বান জনাওঁ যে শান্তি, সন্মান আৰু ভাতৃত্ববোধৰ মনোভাৱ বজাই ৰাখিবলৈ যি আমাক সংজ্ঞায়িত কৰে। আহক আমি একেলগে যি নিৰ্মাণ কৰিছো সেয়া ৰক্ষা কৰো আৰু ভংগবাদ আৰু আক্ৰমণাত্মক কাৰ্যৰ পৰা বিৰত থাকো। এটা জাতি হিচাপে আমাৰ শক্তি আমাৰ একতা আৰু ইজনে সিজনৰ প্ৰতি সহানুভূতিতে নিহিত আছে।”

লগতে পঢ়কঃ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম


Advertisement