নেশ্যনেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ তথা আমেৰিকাৰ মাজত সংঘটিত যুদ্ধৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বজাৰত কু প্ৰভাৱ পৰিছে। ভাৰতবৰ্ষতো ৰন্ধন গেছ, খাৰুৱা তেল আদিৰ দাম বৃদ্ধি পাইছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। ঘৰুৱা আৰু বাণিজ্যিক দুই প্ৰকাৰৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম শনিবাৰৰ পৰা বৃদ্ধি পাইছে (LPG Price Hike in India)।
জানিব পৰামতে, ১৪.২ কেজি ওজনৰ ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম সমগ্ৰ দেশতে ৬০ টকা বৃদ্ধি কৰা হৈছে। একেদৰে, ১৯ কেজি ওজনৰ বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দামো শনিবাৰৰ পৰা ১১৫ টকা বৃদ্ধি হৈছে।
দিল্লী, মুম্বাই, কলিকতা, চেন্নাইত বৃদ্ধি হৈছে ৰন্ধন গেছৰ দামঃ
দিল্লী, মুম্বাই, কলিকতা, চেন্নাই আদি মহানগৰত ৰন্ধন গেছৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে। দিল্লীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮৫৩ টকাৰ পৰা বৃদ্ধি পাই ৯১৩ টকা হৈছে। মুম্বাইত আগতে ৮৫২.৫০ টকা থকা দাম এতিয়া বৃদ্ধি পাই ৯১২.৫০ টকা হৈছে। কলকাতাত এই দাম ৮৭৯ টকাৰ পৰা বৃদ্ধি পাই ৯৩৯ টকা হৈছে, আৰু চেন্নাইত ৮৬৮.৫০ টকাৰ পৰা বৃদ্ধি পাই ৯২৮.৫০ টকা হৈছে। এই নতুন মূল্যসমূহ শনিবাৰৰ পৰা কাৰ্যকৰী হৈছে।
বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰো দামঃ
একেদৰে, ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহৃত ১৯ কেজি ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো বৃদ্ধি কৰা হৈছে। দিল্লীত ১৭৬৮.৫০ টকাৰ পৰা বৃদ্ধি পাই ১৮৮৩ টকা হৈছে। মুম্বাইত ১৭২০.৫০ টকাৰ পৰা বৃদ্ধি পাই ১৮৩৫ টকা হৈছে। কলকাতাত ১৮৭৫.৫০ টকাৰ পৰা বৃদ্ধি পাই ১৯৯০ টকা হৈছে আৰু চেন্নাইত ১৯২৯ টকাৰ পৰা বৃদ্ধি পাই ২০৪৩.৫০ টকা হৈছে।
খাৰুৱা তেল আৰু ৰন্ধন গেছৰ নাটনি হোৱাৰ উৰাবাতৰিঃ কেন্দ্ৰীয় মন্ত্ৰীৰ অস্বীকাৰঃ
মধ্য প্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰন্ধন গেছ আৰু খাৰুৱা তেলৰ নাটনি হব বুলি সামাজিক মাধ্যমত উৰাবাতৰি বিয়পিছে। অৱশ্যে ইয়াক অস্বীকাৰ কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইতিপূৰ্বে দেশত শক্তিৰ কোনো অভাৱ নাই আৰু গ্ৰাহকসকলে যোগান ব্যাহত হোৱাৰ ভয় কৰিব নালাগে বুলি মন্তব্য কৰে। তেওঁ Xত এটা পোষ্টত উল্লেখ কৰা মতে, “আমাৰ মুখ্য অগ্ৰাধিকাৰ হৈছে নাগৰিকসকলৰ বাবে সুলভ ইন্ধনৰ যোগান নিশ্চিত কৰা। আমি এই কাম সুচাৰুৰূপে কৰি আছোঁ। ভাৰতত শক্তিৰ কোনো অভাৱ নাই আৰু শক্তি ব্যৱহাৰকাৰীসকলৰ চিন্তা কৰাৰ কোনো কাৰণ নাই”।
ইফালে, ভাৰতীয় তেল নিগমেও Xত প্ৰকাশ কৰা এটা বিবৃতিত উল্লেখ কৰে, “ভাৰতত পৰ্যাপ্ত ইন্ধনৰ মজুত আছে আৰু যোগান আৰু বিতৰণ ব্যৱস্থা সাধাৰণভাৱে চলি আছে। সমগ্ৰ দেশজুৰি নিৰবিচ্ছিন্ন ইন্ধন যোগান বজাই ৰাখিবলৈ ভাৰতীয় তেল নিগম প্ৰতিশ্ৰুতিবদ্ধ। নাগৰিকসকলক আতংকিত নহ’বলৈ আৰু পেট্ৰ’ল পাম্পত ভিৰ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত ভৰসা কৰিবলৈ আহ্বান জনোৱা হৈছে।”
শুক্ৰবাৰে চৰকাৰী সূত্রসমূহে জনাইছিল যে ভাৰতত বৰ্তমান ক্ৰুড তেল, পেট্ৰ’লিয়াম সামগ্ৰী আৰু ৰন্ধন গেছ যোগান সঠিকভাৱে চলি আছে। কিন্তু ষ্ট্ৰেইট অৱ হৰমুজৰ জৰিয়তে এই যোগানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে। কিন্তু ভাৰতৰ খাৰুৱা তেল আৰু ৰন্ধন গেছৰ যোগানক মধ্য প্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত প্ৰভাৱিত হব পৰাতকৈ অধিক মজুত আছে।
কি এই ষ্ট্ৰেইট অৱ হৰমুজঃ
ষ্ট্ৰেইট অৱ হৰমুজ হৈছে এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ। ইয়াৰ এটা দিশত আছে ইৰাণ আৰু আনটো দিশত আছে ওমান আৰু ইউনাইটেড আৰব এমেৰিটাছ। এই সামুদ্ৰ পথে পশ্চিম এছিয়াৰ গুৰুত্বপূৰ্ণ উপসাগৰ পাৰচিয়ান গলফ আৰু গলফ অৱ ওমানক সংযোগ কৰে। তথ্য মতে ষ্ট্ৰেইট অৱ হৰমুজৰ মাধ্যমেৰে মধ্যপ্ৰাচ্যৰ তেল টেংকাৰসমূহ বিশ্বৰ বিভিন্ন দেশলৈ যায়। বিশ্বৰ সামগ্ৰিক ক্ৰুড তেল বাণিজ্যৰ প্ৰায় ২০% অংশ এই পথটোৰে পাৰ হয় বুলি ধৰা হয়।
মধ্যপ্ৰাচ্যৰ দেশসমূহ (যেনে চৌদি আৰৱ, ইৰাক, কুৱেইট)ৰ তেল এই পথটোৰে বিশ্ব বজাৰলৈ যায়। ইৰাণ আৰু ইজৰাইল তথা আমেৰিকাৰ যুদ্ধৰ ফলত এই পথৰে জাহাজ চলাচলত বাধ জন্মিছে্ এই পথৰ উত্তৰ দিশে ইৰাণ অৱস্থিত। যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই পথৰে জাহাজ চলাচলত ইৰাণে বাধা দিছে। ফলত গলফৰ তেল বিশ্ব বজাৰলৈ যোৱাত বাধা জন্মিছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল, ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে। ইয়াৰ প্ৰভাৱ পৰিছে ভাৰততো।
লগতে পঢ়কঃ ২০২৫ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ অসমৰ তিনিজনৰ স্থান লাভ

