নিউজ ডেস্কঃ ডিঙিত ক’লা শ্ব’ল আৰি, বগা শাৰী পৰিধান কৰি বুধবাৰে উচ্চতম ন্যায়ালয়ত অগ্নিবৰ্ষা যুক্তি আগবঢ়াই বংগবাসী বহুজনৰ ‘দিদি’ মমতা বেনাৰ্জীয়ে। স্বৰূপাৰ্থত ক’বলৈ গ’লে উচ্চতম ন্যায়ালয়ৰ গোচৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জয় হয় (Mamata Banerjee Supreme Court Victory)।
বুধবাৰে উচ্চতম ন্যায়ালয়ত এচ আই আৰ সম্পৰ্কীয় শুনানি হয়। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ বেঞ্চত এই শুনানি হয়। উল্লেখযোগ্য যে পশ্চিম বংগৰ এচ আই আৰ সম্পৰ্কৰ তিনিটা গোচৰৰ আজি শুনানি হয়। ইয়াৰে তৃণমূল সাংসদ ডেৰেক অ’ব্ৰায়েন আৰু তৃণমূল সাংসদ ডোলা সেনে দাখিল কৰা গোচৰৰ শুনানি প্ৰধান ন্যায়াধীশৰ বেঞ্চৰ ১ নম্বৰ কক্ষত, এই একেই বিষয়ত মমতা বেনাৰ্জীয়ে দাখিল কৰা আন এখন আবেদনৰ শুনানিও প্ৰধান ন্যায়াধীশৰ বেঞ্চৰ ১ নম্বৰ ন্যায়ালয়ত হোৱাৰ লগতে কবি জয় গোস্বামীৰ এই সম্পৰ্কীয় গোচৰৰো শুনানিৰ হয়।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দাখিল কৰা গোচৰত তেওঁৰ অধিবক্তা শ্যাম দেৱানে যুক্তি আগবঢ়ায়। শুনানিৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হাতযোৰ কৰি নিজে যুক্তি দৰ্শাবলৈ ৫ মিনিট সময় বিচাৰে। ন্যায়াধীশসকলে তেওঁক যুক্তি দৰ্শাবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ পিছতে ন্যায়ালয়ত তেওঁ বলিষ্ঠ যুক্তিৰে এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত সাধাৰণ জনতা কি ধৰণৰে হাৰাশাস্তিৰ সন্মুখীন হৈছে, সেইয়া দাঙি ধৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, “মহামান্য ন্যায়াধীশ, মই পশ্চিমবংগৰ সাধাৰণ মানুহৰ হৈ ক’ব বিচাৰো। মই ক’তো ন্যায় পোৱা নাই। অনুগ্ৰহ কৰি মোক কথা ক’বলৈ দিয়ক। মানুহে অত্যন্ত কষ্ট পাই আছে। মই পশ্চিমবংগৰ পৰা আহিছোঁ, সমগ্ৰ পৰিস্থিতিটো বৰ্ণনা কৰিব বিচাৰো।”
লগতে মমতাই আৰু কয়, “অধিবক্তা সকলে সদায় গোচৰটো লৈ যুঁজ দিয়ে, কিন্তু সকলো শেষ হোৱাৰ পাছতো যেতিয়া আমি ন্যায় নাপাওঁ তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ উদ্ধৃতি দি ক’ব বিচাৰো ‘ন্যায়ে বন্ধ দুৱাৰৰ পিছফালে কান্দি আছে। ” মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এগৰাকী সাধাৰণ ব্যক্তি হিচাপে যুক্তি আগবঢ়োৱা বুলি ন্যায়ালয়ত উল্লেখ কৰে।
এছ আই আৰ পদ্ধতিৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম বাতিল কৰাৰ প্ৰক্ৰিয়া চলি আছে বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, “কোনো যুৱতী অন্য ঠাইলৈ বিবাহ হৈ যোৱাৰ বাবেই তেওঁৰ নাম কৰ্তন কৰা হৈছে। কোনোবাই যদি আন ঠাইত ফ্লেট ক্ৰয় কৰি তাতেই বাস কৰিবলৈ লৈছে, তেওঁলোকৰো নামো বাদ পৰিছে।
আমি বিচাৰোঁ যাতে কোনো বৈধ ভোটাৰৰ নাম বাদ নপৰে। ইয়াৰ বাবে আমাৰ অধিবক্তা সকলে আদালতত সংগ্ৰাম কৰি আছে। এই বিষয়ত মই নিৰ্বাচন আয়োগলৈ ৬খন চিঠি লিখিছোঁ, কিন্তু এখনৰো উত্তৰ পোৱা নাই। মই এজনী সাধাৰণ মানুহ, হয়তো মই তেনেই গুৰুত্বপূৰ্ণ নহওঁ। কি হৈ আছে একো বুজি নাপাওঁ। সুবিচাৰৰ বাবে মই কন্দিছোঁ।” মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে পশ্চিম বংগত এচ আই আৰৰ নামত নিয়ম উলংঘা কৰি সূক্ষ্ম পৰ্যবেক্ষক (Micro Observer) নিযুক্তি দিয়া হৈছে বুলিও অভিযোগ কৰে । তেওঁ কয়, “কেৱল পশ্চিমবংগতহে মাইক্র’ অবজাৰ্ভাৰ নিযুক্তি দিয়া হৈছে। বিজেপিৰ লোকক মাইক্র’ অবজাৰ্ভাৰ হিচাপে পঠিওৱা হৈছে। তেওঁলোকে ভোটাৰ তালিকাৰ পৰা বৈধ লোকৰ নাম কাটি পেলাইছে। নিৰ্বাচন আয়োগ এতিয়া হোৱাটছএপ আয়োগ হৈ পৰিছে। হোৱাটছএপৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে।”
বেনাৰ্জীয়ে পশ্চিমবংগত এছ আই আৰ প্ৰক্ৰিয়াটো কেৱল ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবেই কৰা হৈছে বুলি উচ্চতম ন্যায়ালয়ত অভিযোগ কৰে। তেওঁ কয়, “যিটো কাম কৰিবলৈ সাধাৰণতে দুবছৰ লাগে, সেইটো কাম দুমাহত কৰিবলৈ বিচৰাৰ ফলত সাধাৰণ মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত, সাধাৰণ জনতাৰ অধিকাৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন আবেদন জনোৱাৰ বাহিৰে গত্যন্তৰ নাই।”
মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়, “আসন্ন নিৰ্বাচনৰ বাবেই পশ্চিমবংগক লক্ষ্য কৰি লোৱা হৈছে। চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব। বিগত ২৪ বছৰৰ পাছত হঠাৎ কিয় ইমান খৰখেদা কিয়। যিটো কামৰ বাবে দুবছৰৰ প্ৰয়োজন সেই কামটো তিনি মাহৰ ভিতৰত শেষ কৰিবলৈ কিয় চেষ্টা কৰা হৈছে? এই সময় উৎসৱৰ সময়ত, কৃষি কৰ্মৰ সময়। মানুহ অন্য ঠাইলৈ ফুৰিবলৈ গৈছে। তেনে সময়তে জাননী জাৰি কৰিছে। চাৰ, ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বিএলঅ’ সকলেও প্ৰাণ হেৰুৱাইছে। বহু লোক এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। বি এল অ সকলৰ আত্মহত্যাৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া জগৰীয়া। মানুহক সুৰক্ষা দিয়ক চাৰ।”অসমত কিয় এছ আই আৰ হোৱা নাই বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মাইক্ৰ’ অবজাৰ্ভাৰ নিযুক্তি দিয়া সম্পৰ্কত উত্থাপন কৰা অভিযোগৰ উত্তৰত নিৰ্বাচন আয়োগৰ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে স্পষ্টীকৰণ দাঙি ধৰে। তেওঁ কয়, “আমি বহু চিঠি লিখি এছ ডি এম পদমৰ্যাদাৰ বিষয়া বিচাৰিছিলোঁ। কিন্তু নাপালো। মাত্ৰ ৮০ জন তৃতীয় বৰ্গৰ কৰ্মচাৰী দিয়া হৈছে। সেয়েহে বাধ্য হৈ মাইক্র’ অবজাৰ্ভাৰ নিযুক্তি কৰিবলগীয়া হ’ল। ৰাজ্যই সহযোগিতা কৰা নাই। আমাৰ অন্য উপায় নাছিল। আমি আইন অনুসৰি পৰ্যবেক্ষক নিযুক্তি দিছো।”
এই অভিযোগসমূহ নস্যাৎ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ওলোটাই কয়, “আমাৰ যিমান সংখ্যাৰ ব্যৱস্থা আছে, সেই অনুসাৰেই এছডিএম নিযুক্তি দিয়া হৈছে।”
ইপিনে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধিবক্তা শ্যাম দেৱানে যুক্তি আগবঢ়াই কয়, “চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হবলৈ মাত্ৰ ১১ দিন সময় বাকি আছে। প্ৰায় ১ কোটি ৩৬ লাখ লোকক যুক্তিসংগত বিসংগতিৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। ৬৩ লাখ লোকৰ শুনানি বাকী আছে। এই শুনানিৰ বাবে মাত্ৰ ৪ দিন সময় আছে। ৮৩০০ জন মাইক্র’ অবজাৰ্ভাৰ নিযুক্ত কৰা হৈছে। ৭০ লাখ লোকৰ নামত বানান ভুল আছে বুলি তেওঁলোকক সন্দেহৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। এই অৱস্থাত কেনেকৈ পশ্চিমবংগত এছ আই আৰ সম্পূৰ্ণ হ’ব?” তেওঁ লগতে কয়, “এনে পৰিস্থিতিত নিৰ্ধাৰিত সময়ৰ ভিতৰত শুনানি সম্পূৰ্ণ কৰিব লাগিলে প্ৰতিদিনে প্ৰায় ১৫.৫ লাখ লোকৰ শুনানি কৰিব লাগিব, যিটো সম্পূৰ্ণৰূপে অসম্ভৱ।”
সকলো অভিযোগ আৰু দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছত, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক অধিক সংবেদনশীল হ’বলৈ পৰামৰ্শ দিয়ে।
মাইক্ৰ’ অবজাৰ্ভাৰ নিযুক্তিৰ প্ৰসংগত মুখ্য ন্যায়াধীশে কয়, “ৰাজ্যই সহযোগিতা কৰিলে মাইক্র’ অবজাৰ্ভাৰৰ প্ৰয়োজন নাই। কোনো বৈধ ভোটাৰৰ নাম বাদ পৰাটো আমি নিবিচাৰোঁ।”
মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, “কোনো নিৰ্দোষ নাগৰিকক বঞ্চিত হ’বলৈ দিয়া নহব। ম্যাডাম মমতা, আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ আবেদনৰ জৰিয়তে প্ৰকৃত সমস্যা জানিব পাৰিলোঁ। কোনো ব্যক্তিক কেৱল বাংলা ভাষাত লিখাৰ বাবে বাদ দিব নোৱাৰিব। কোনো ব্যক্তিক তেওঁলোকৰ দায়িত্ব পালন নকৰি পলাবলৈও দিয়া হ’ব ।”
তদুপৰি উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক পশ্চিমবংগত চলি থকা এছ আই আৰ প্ৰক্ৰিয়া প্ৰসংগত কি কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই বিষয়ে ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বিপৰীতে, এছ আই আৰ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰে কিমানসংখ্যক বিষয়া নিয়োগ কৰিব পাৰিব, সেই বিষয়টোও ন্যায়ালয়ক জনাবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে সুনেত্ৰা পাৱাৰৰ শপতগ্ৰহণ
