গুৱাহাটীঃ অল ইণ্ডিয়া মজলিছ এ ইত্তেহাদুল মুছলিমীন (AIMIM) ৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছীয়ে মহাৰাষ্ট্ৰৰ চোলাপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত কৰা দেশৰ প্ৰধানমন্ত্ৰী পদ সম্পৰ্কীয় এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহু কেইগৰাকী নেতাই এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। -Owaisi Hijab PM Remark
কি কৈছিল আছাদুদ্দিন ওৱেইছীয়েঃ
মহাৰাষ্ট্ৰ চোলাপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ওৱেইছীয়ে ভাৰতৰ সংবিধানক পাকিস্তানৰ সংবিধানৰ সৈতে তুলনা কৰে। তেওঁ ভাষন প্ৰসংগত কয়, “পাকিস্তানৰ সংবিধানত লিখা আছে এটা ধৰ্মৰ লোকহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হব পাৰে। কিন্তু বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধান মতে যি কোনো ভাৰতীয় নাগৰিক প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী অথবা মেয়ৰ হব পাৰে। মোৰ এটা সপোন আছে, এদিন হয়তো আমি নাথাকিম। কিন্তু এগৰাকী হিজাব পৰিধান কৰা কণ্যা ভাৰতৰ প্ৰধানমন্ত্ৰী হব।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াঃ
আছাদুদ্দিন ওৱেইছীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, ” সংবিধান অনুসৰি বাধা নাই। যিকোনো ব্যক্তিয়েই প্ৰধানমন্ত্ৰী হব পাৰে। কিন্তু ভাৰতবৰ্ষ হিন্দু জাতি, হিন্দু সভ্যতা। গতিকে আমি সদায় বিশ্বাস কৰো আৰু অধিক আত্মবিশ্বাসৰে কও ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় এজন হিন্দু ধৰ্মৰ ব্যক্তি হব।”
মহাৰাষ্ট্ৰ মন্ত্ৰী নীতিশ ৰাণেৰ প্ৰতিক্ৰিয়াঃ
ওৱেইছীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতিশ ৰাণেয়ে। তেওঁ কয়, ” “আছাদুদ্দিন ওৱেইছীয়ে আমাৰ হিন্দু ৰাষ্ট্ৰত এনে মন্তব্য কৰাৰ সাহস কৰিব নোৱাৰে। এইখন আমাৰ হিন্দু ৰাষ্ট্ৰ, য’ত ৯০ শতাংশ জনসংখ্যাই হিন্দু। হিজাব বা বুৰ্খা পিন্ধা মহিলা কেতিয়াও দেশৰ প্ৰধানমন্ত্ৰী বা মুম্বাইৰ মেয়ৰ হ’ব নোৱাৰে।”
তেওঁ লগতে কয়, “যিসকলে এনে পদত অধিষ্ঠিত হ’ব বিচাৰে, তেওঁলোকে নিজৰ ইছলামিক দেশসমূহলৈ, যেনে কৰাচীলৈ যাওক। ইয়াত তেওঁলোকৰ কোনো স্থান নাই। হিজাব বা বুৰ্খা পিন্ধা মহিলা মুম্বাইত কেতিয়াও প্ৰধানমন্ত্ৰী বা মেয়ৰ হ’ব নোৱাৰিব।”
বিজেপিৰ মুখপাত্ৰ শেহজাদ পুণাৱাল্লাইৰ প্ৰতিক্ৰিয়াঃ
বিজেপিৰ মুখপাত্ৰ শেহজাদ পুনাৱাল্লাই ওৱেইছীক প্ৰত্যাহ্বান জনাই X ত এনেদৰে উল্লেখ কৰিছে- ” ওৱেইছীয়ে কয় যে হিজাব পিন্ধা মহিলা প্ৰধানমন্ত্ৰী হ’ব। সংবিধানে কাকো বাধা নিদিয়ে, কিন্তু মই তোমাক প্ৰত্যাহ্বান জনাইছো। প্ৰথমে AIMIM দলৰ সভাপতি হিচাপে এজন পাসমান্দা বা এগৰাকী হিজাব পিন্ধা মহিলাক নিযুক্তি দিয়া।”
লগতে পঢ়ক: মনোৰঞ্জন দিবলৈ ফেচবুক লাইভ দিয়ে অখিল গগৈয়ে: মুখ্যমন্ত্ৰী

