Pravin Togadia’s Statement Sparks Massive Political and Social Controversy in Assamদুমাহৰ ভিতৰত সকলো বাংলাদেশী মিঞাক ডিটেশ্বন কেম্পত ৰখাৰ দাবী প্ৰৱীণভাই টোগাৰীয়াৰ

নগাঁওঃ অসমত থকা বাংলাদেশী মিঞাক তুৰন্তে ডিটেশ্বন কেম্পত ৰাখি দুমাহৰ ভিতৰত বহিস্কাৰৰ দাবী জনাইছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ প্ৰবীণ ভাই টোগাৰীয়াই (Pravin Togadia Assam Statement)। সোমবাৰে নগাঁও চহৰৰ জ্যেষ্ঠ আৰ এছ এছ সংগঠক ধনপত ঘেৰাৱতৰ ঘৰত আতিথ্য গ্ৰহণ কৰি হিন্দুত্ববাদী নেতা জনে কয় যে মই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ,ৰাষ্ট্ৰীয় বজৰংগ দল ,ৰাষ্ট্ৰীয় মহিলা পৰিষদ , যশৱনী এই চাৰিটা সংগঠনৰ জৰিয়তে ৮ দিনীয়া অসম ভ্ৰমণত আছোঁ।

অসমত মুছলমান জনসংখ্যা বৃদ্ধি হোৱাটো চিন্তনীয় বিষয়। আমাৰ সংকল্প হ’ল অসমক মুছলমান অনুপ্ৰৱেশৰ পৰা মুক্ত কৰা। ১৯৭৯ চনৰ পৰা প্ৰায় ৪৫ বছৰ হ’ল যদিও মুছলমান অনুপ্ৰৱেশকাৰী মুক্ত কৰাটো সহজ হৈ উঠা নাই। ইয়াৰ মুল কাৰণ হ’ল।তেওঁলোকে অসমত ভুৱা নথি- পত্ৰ ,আধাৰ কাৰ্ড , ভুল নথি পত্ৰ দেখুৱাই ভাৰতীয় নাগৰিক বুলি দাবী কৰে।

নিজকে ৫০ বছৰীয়া চিকিৎসক বুলি দাবী কৰি তেওঁ কয় যে এটোপাল তেজেৰে এশ শতাংশ বাংলাদেশী মুছলমান বুলি তেওঁলোকক প্ৰমাণ কৰিব পাৰিম‌। এইক্ষেত্ৰত কোনো।নথি পত্ৰৰ প্ৰয়োজন নাই। বাংলাদেশী মুছলমান সকলৰ ডি এন এ পৰীক্ষাৰ দাবী জনাই তেওঁ কয় যে বাংলাদেশী নাগৰিক সকলো ভুল নথিপত্ৰ দি এন আৰ চিত ভাৰতীয় নাগৰিক হৈছিল ,সেই সকলে প্ৰমাণ দিব নোৱাৰিলে তেওঁলোকৰ ডি এন এ টেষ্ট কৰাব লাগে।

তেওঁ লগতে কয় যে মই হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰো। আমি চাৰিজন লোক নৰেন্দ্ৰ ভাই ,মোৰ ডাঙৰ দাদা মোৰ ঘৰত ৰঙা চাহ খাইছিল। অমিত ভাই মোৰ সৰু ভাইটি, তেৱোঁ মোৰ ঘৰত ৰঙা চাহ খাইছিল। হিমন্ত বিশ্বশৰ্মা মামা আৰু মই খুড়া। সেয়ে আমি চাৰিওজন, ডাঙৰ ভাই, সৰু ভাই, মামা আৰু খুড়াই একেলগে বাংলাদেশীক খেদিম।

যদি কোনোবাই কয়, “অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াওক, আমি তেওঁলোকক সমৰ্থন কৰিম।” হিন্দুৱেই জয়ী হ’ব। এজন লাচিত বৰফুকন আহিব তেতিয়া অসমৰ প্ৰতিখন গাঁৱৰ পৰা এজন লাচিতৰ উন্মেষ ঘটিব। বাংলাদেশী মিঞা সতৰ্ক হোৱা বুলি কৈ তেওঁ কয় যে লাচিত আহি আছে। আমি সদায় বুলডজাৰৰ সমৰ্থক হৈ আহিছো; বুলডজাৰ হৈছে শান্তিৰ প্ৰতীক।

প্ৰৱীণ ভাই টোগাৰীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া গণতন্ত্ৰ সুৰক্ষা মঞ্চ আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ

হিন্দুত্ববাদী নেতা প্ৰৱীণ ভাই টোগাৰীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গণতন্ত্ৰ সুৰক্ষা মঞ্চ আৰু গ্ৰামীণ শ্ৰমিক সন্থাই। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদক শুভ্রজ্যোতি বর্ধন আৰু অৰূপ কুমাৰ মহন্ত তথা গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ অন্যতম আহ্বায়কদ্বয় মৃদুপৱন বৰা আৰু ভূপেন শর্মাই এক প্ৰেছ বিবৃতি যোগে জনাই যে বিশ্ব হিন্দু পৰিষদৰ নেতা প্রবীণভাই টোগাৰীয়াই তালিবানী ভাবুকিৰে বাংলাভাষী মুছলমান সকল অৰ্থাৎ মিঞা মুছলমান সকলৰ বিৰুদ্ধে যি উচতনি মূলক বক্তব্য আগবঢ়াইছে তাৰ বিৰুদ্ধে সংগঠনদ্বয়ে তীব্ৰ প্রতিবাদ জনাইছে ।

বিবৃতিত সংগঠন দুটাৰ নেতৃবৃন্দই উল্লেখ কৰে যে প্রবীণভাই টোগাৰীয়াই “বাংলাভাষী মুছলমান সকলক লাঠীৰে কোবাবলৈ আৰু অসম পুলিচক গুলীয়াবলৈ” আহ্বান জনোৱা এই বক্তব্য নিশ্চয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ গৃহ বিভাগৰ লগতে আৰক্ষী- প্ৰশাসনৰো দৃষ্টিগোচৰ হৈছে।

সংগঠনদ্বয়ৰ নেতৃবৃন্দই টোগাৰীয়াই আইন হাতত তুলি ল’বলৈ উচতনি যোগোৱাৰ লগতে মব লিঞ্চিং আৰু মুছলমানক গণহত্যা কৰাৰ দৰে পটভূমি ৰচনাৰ অভিযোগত তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ দাবী জনায়।

বিবৃতিত উল্লেখ কৰে যে এই ক্ষেত্ৰত প্রশাসন আৰু চৰকাৰে যদি তৎপৰ নহয় তেন্তে টোগৰীয়াক পৃষ্ঠপোষকতা কৰাৰ দৰে হ’ব। যিহেতু পুলিচ প্ৰশাসনে নিজাববীয়াকৈ এনে সামাজিক পৰিৱেশ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ অপৰাধত নিজাববীয়াকৈ গোচৰ দাখিল কৰিবই পাৰে।

লগতে পঢ়কঃ প্ৰসংগ ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বঃ বিজেপি নেতাক তিৰস্কাৰ আদালতৰ


Advertisement