নেশ্যনেল ডেস্কঃ কেৱল অসমতেই নহয়, দেশৰ অন্যান্য ৰাজ্যতো শিক্ষক সকলক ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ বুথ লেভেল অফিচাৰ(BLO), জনগণনা (Census) আদি চৰকাৰী কামত নিয়োগ কৰা হয় (Street Dog Census Teachers Bihar)। যাৰ ফলত ক্ষতিগ্ৰস্ত হয় শিক্ষাৰ্থী সকল। কিন্তু বিহাৰৰ এখন পৌৰ নিগমে শিক্ষক সকলক এনে এক কাৰ্যত নিয়োজিত কৰাৰ নিৰ্দেশ জাৰী কৰিছে, যি শিক্ষা ব্যৱস্থাটোক ব্যাপক ভাবে ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উঠিছে (Teacher Non-Teaching Duty)।
কি দায়িত্ব প্ৰদান কৰিছে শিক্ষকক
বিহাৰৰ ৰোহটাস জিলাৰ সাসাৰাম পৌৰ নিগম এলেকাত শিক্ষক সকলক এক অদ্ভুত দায়িত্ব প্ৰদান কৰা হৈছে। পৌৰ নিগম কৰ্তৃপক্ষই বিদ্যালয় সমূহৰ একো একোজন শিক্ষকক নডেল বিষয়াৰ দায়িত্ব প্ৰদান কৰি পথৰ কুকুৰ গণনাৰ দায়িত্ব দিছে। নিৰ্দেশনাত উল্লেখ থকা মতে নডেল বিষয়াৰ দায়িত্বত থকা শিক্ষকজনে বিদ্যালয়ৰ ওচৰে পাজৰে থকা পথ কুকুৰ অৰ্থাৎ ঘূৰি ফুৰা কুকুৰৰ সংখ্যা, কুকুৰৰ শাৰিৰীক অৱস্থা, কুকুৰৰ জন্ম নিয়ন্ত্ৰণৰ সম্ভাব্য ব্যৱস্থা আদি বিষয় সমূহৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। এই প্ৰতিবেদন পৌৰসভাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক যোগান ধৰিব লাগিব (Street Dog Census)।
কিয় এই নিৰ্দেশঃ
পৌৰ নিগম কৰ্তৃপক্ষই এই নিৰ্দেশ প্ৰদানৰ আঁৰত আছে কুকুৰৰ জন্মনিয়ন্ত্ৰণ। বিহাৰৰ সংশ্লিষ্ট পৌৰসভা এলেকাত পথকুকুৰৰ সংখ্যা অধিক। গতিকে কুকুৰ নিয়ন্ত্ৰণ কৰি তেওঁলোকৰ বাবে আশ্ৰয়গৃহৰ ব্যৱস্থা কৰিব পৌৰ নিগম কৰ্তৃপক্ষই।
কি কয় পৌৰ নিগম কৰ্তৃপক্ষই
সাসাৰাম পৌৰ নিগম আয়ুক্তই এই নিৰ্দেশনা বিধিসন্মত ভাবে জাৰি কৰা হৈছে বুলি আত্মপক্ষৰ সমৰ্থনত যুক্তি দিয়ে। তেওঁ কয় যে, স্থানীয় পৰ্যায়ত ঘূৰি-ফুৰা পশু (বিশেষকৈ কুকুৰ) নিয়ন্ত্ৰণৰ লক্ষ্যৰেই এই পদক্ষেপ লোৱা হৈছে। পৌৰ প্ৰশাসনে মনোনীত নোডেল শিক্ষকসকলৰ পৰা অভিযোগ আৰু তথ্য গ্ৰহণৰ বাবে এটা বিশেষ নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে (Urban Local Body)।
তেওঁৰ মতে বিহাৰত হাজাৰ হাজাৰ পথ কুকুৰ আছে। বিশেষকৈ গয়া আৰু ৰোহতাস জিলাত এই সংখ্যা সকলোতকৈ বেছি। এনে পথকুকুৰে অন্য জন্তু আনকি মানূহ কামোৰাৰ ঘটনাও ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ই এক জটিল সমস্যালৈ ৰূপান্তৰিত হৈছে (Animal Birth Control)।
শিক্ষকৰ প্ৰতিক্ৰিয়া
পৌৰ নিগম কৰ্তৃপক্ষই জাৰি কৰা এনে নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।শিক্ষক সকলে।তেওঁলোকৰ মতে, তেওঁলোকৰ দায়িত্ব তথা কৰ্তব্যৰ সৈতে সামঞ্জস্য নথকা এটা নিৰ্দেশ দিয়া হৈছে। ঘূৰি-ফুৰা পশু নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ দায়িত্ব পৌৰ নিগম বা পশুকল্যাণ বিভাগৰহে। বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ নহয়।
তদুপৰি বহু শিক্ষক ইতিমধ্যেই পাঠদানৰ বাহিৰে বিভিন্ন চৰকাৰী কামত ব্যস্ত থাকিবলগীয়া হৈছে। ফলত শ্ৰেণীকক্ষৰ পাঠদান প্ৰায়েই ব্যাহত হৈছে।
লগতে পঢ়কঃ ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিলে ভাৰতৰ ওপৰত আৰু অধিক বৃদ্ধি হ’ব শুল্ক
