কাৰ্বি আংলংঃ পুনৰ এক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে ভাৰতবৰ্ষ। এইবাৰ বিমান দুৰ্ঘটনাৰ স্থান অসমৰ কাৰ্বি আংলং জিলা। জানিব পৰামতে বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ চুখই চু ৩০ এম কে আই (Sukhoi Su 30 MKI) যুজাৰু বিমান এখন সন্ধানহীন হয়। পৰৱৰ্তী সময়ত চুখই চু ৩০ এম কে আই (Sukhoi Su 30 MKI) বিমানখন দুৰ্ঘনাত পতিত হোৱাৰ তথ্য নিশ্চিত কৰে ভাৰতীয় বায়ু সেনাই (Sukhoi Su-30 MKI Crash)।
বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট বিমানঘাটিৰ পৰা উৰণৰ কিছু সময় পিছতেই বিমানখন সন্ধানহীন হয়। পিছত খবৰ পোৱা মতে বিমানখন পাৰ্শ্বৱৰ্তী পাহাৰীয়া কাৰ্বি আংলং জিলাত বিধ্বস্ত হৈছে।
ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা কি কয়
ভাৰতীয় বায়ু সেনাৰ উচ্চ পদস্থ বিষয়া এজনে বিমানখন সন্ধানহীন হোৱা সম্পৰ্কত সংবাদ মাধ্যমৰ আগত কয়, “ভাৰতীয় বায়ুসেনাৰ এখন চুখই চু- ৩০ এম কে আই বিমানখন সময়মতে ঘাঁটিলৈ উভতি অহা নাই বুলি জনোৱা হৈছে। বিমানখন অসমৰ যোৰহাট বিমানঘাটিৰ পৰা উৰণ কৰিছিল। সন্ধিয়া ৭টা ৪২ মিনিটত শেষবাৰৰ বাবে বিমানখনৰ লগত যোগাযোগ হৈছিল।” পৰৱৰ্তী সময়ত বিমানখন যোৰহাটৰ পৰা আনুমানিক ৬০ কিলোমিটাৰ নিলগৰ কাৰ্বি আংলং জিলাত দুৰ্ঘটনাত পতিত হোৱা বুলি নিশ্চিত কৰে ভাৰতীয় বায়ু সেনাই।
উল্লেখযোগ্যা যে, বৰ্তমানলৈকে দুৰঘটনাত পতিত হোৱা বিমানখনৰ পাইলটৰ অৱস্থাৰ বিষয়ে কোনো তথ্য লাভ কৰা বুলি জানিব পৰা হোৱা নাই।
কাৰ্বি আংলং জিলাৰ স্থানীয় সূত্ৰৰ মন্তব্য
কাৰ্বি আংলং জিলাৰ স্থানীয় সূত্ৰে জানিব পৰা মতে জিলাখনৰ চকীহোলা অঞ্চলৰ ওচৰৰ এক পাহাৰীয়া অঞ্চলত ডাঙৰ শব্দ শুনাৰ পিছত বৃহৎ অগ্নিশিখা দেখা পোৱা গৈছিল। এই স্থানটো বোকাজান অন্তৰ্গত অন্তৰ্গত।
ঘটনা সম্পৰ্কে অধিক তথ্য জানিবলৈ তদন্ত আৰু অনুসন্ধান অব্যাহত আছে।
ইপিনে ভাৰতীয় বায়ু সেনা বাহিনীৰ X হেণ্ডেলটো বিমানখন সন্ধানহীন হোৱাৰ বিষয়ে উল্লেখ কৰাৰ পাছত নিশা দুৰ্ঘটাত পতিত হোৱা বুলি নিশিচিত কৰে ভাৰতীয় বায়ু সেনাই।
চুখই চু ৩০ এম কে আই
চুখই ৩০ এম কে আই হৈছে এখন দুজনীয়া যুঁজাৰু বিমান। ৰাছিয়াৰ জে এচ চি চুখই কোম্পানীয়ে এই বিমানখন নিৰ্মাণ কৰিছে। ভাৰতৰ বায়ু সেনাৰ বাবে বিমানখন হিন্দুস্তান এৰোনেটিকছ লিমিটেডৰ অনুজ্ঞাপত্ৰত নিৰ্মাণ কৰা হৈছে। এই বিমানখন সকলো বতৰতে দীৰ্ঘ দূৰত্ব চলিব পৰা বিমান। অৱশ্যে বৰ্তমানলৈকে দেশৰ বিভিন্ন স্থানত ১৪ বাৰতকৈ অধিক এই বিমানখন দুৰ্ঘটনাত পতিত হৈছে।
লগতে পঢ়কঃ কাৰ্বি আংলং সীমান্তত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত: বৰ্তমানেও সন্ধান নাই পাইলটৰ

