নগাঁও : বন বিভাগৰ সময়োপযোগী তৎপৰতা আৰু চিকিৎসকৰ অক্লান্ত প্ৰচেষ্টাত পুনৰ জীৱন লাভ কৰিলে এটা অসুস্থ শগুণে। কেইবাদিন ধৰি চলা অবিৰত চিকিৎসা আৰু পৰিচৰ্যাৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ উঠা শগুণটোক পুনৰ প্ৰাকৃতিক বাসস্থানলৈ উভতাই দি মুক্ত আকাশত উৰিবলৈ এৰি দিয়ে কামপুৰ বন বিভাগে।


জানিব পৰা মতে, বিগত ৯ জুলাইত কামপুৰ বন বিভাগে এটা অসুস্থ শগুণ উদ্ধাৰ কৰিছিল। শগুণটোৰ শাৰীৰিক অৱস্থা যথেষ্ট দুৰ্বল আছিল আৰু নিজাববীয়াকৈ উৰিব বা খাদ্য সংগ্ৰহ কৰিব পৰা অৱস্থাত নাছিল। ইয়াৰ পিছতে কামপুৰ বনাঞ্চলিক বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগে তৎক্ষণাত শগুণটোৰ চিকিৎসা আৰু পৰিচৰ্যাৰ ব্যৱস্থা গ্ৰহণ কৰে।


বন বিভাগৰ উদ্যোগত অভিজ্ঞ চিকিৎসকৰ এটা দলে শগুণটোৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰে। নিয়মীয়া ঔষধ, উপযুক্ত খাদ্য আৰু সযত্ন পৰিচৰ্যাৰ ফলত কেইটামান দিনৰ ভিতৰতে শগুণটোৰ স্বাস্থ্যৰ উল্লেখযোগ্য উন্নতি ঘটে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত শগুণটোক পুনৰ মুক্ত প্ৰাকৃতিক পৰিৱেশলৈ ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় বন বিভাগে।


অৱশেষত, বৰপথাৰৰ বিস্তৃত মুক্ত পৰিৱেশত শগুণটোক মুকলি কৰি দিয়ে কামপুৰ বন বিভাগে। দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত মুক্ত আকাশত শগুণটোৰ পুনৰ উৰি যোৱাৰ দৃশ্যই বন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় লোকসকলক যথেষ্ট আনন্দিত কৰে।


বন বিভাগৰ এই মানৱীয় পদক্ষেপে কেৱল এটা বন্যপ্ৰাণীৰ জীৱন ৰক্ষা কৰাই নহয়, বন্যপ্ৰাণী সংৰক্ষণ আৰু জীৱবৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। সময়মতে উদ্ধাৰ, উপযুক্ত চিকিৎসা আৰু পুনৰ প্ৰাকৃতিক বাসস্থানলৈ এৰি দিয়াৰ এই প্ৰক্ৰিয়াই বন বিভাগৰ দায়বদ্ধতা আৰু বন্যপ্ৰাণীৰ প্ৰতি থকা সংবেদনশীলতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। কামপুৰ বন বিভাগৰ এনে পদক্ষেপৰ শলাগ লৈছে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমী লোকসকলেও।