নগাঁও: বিগত দিনবোৰত কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ সমজিলা তথা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, দিজু ভেলী চাহ বাগিচা আৰু লেংটেং চাহ বাগিচা আদি কেইবাটাও অঞ্চল প্লাবিত কৰিছে। এই  বানৰ ফলত অঞ্চলটোৰ প্ৰায় ৭৩২ গৰাকী লোক প্ৰভাৱিত হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কালি নিশাই ততাতৈয়াকৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উক্ত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেখেতে  বানপীড়িত ৰাইজৰ উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয়। আশ্ৰয় শিবিৰসমূহত আশ্ৰয় লৈ থকা লোকসকলক প্ৰদান কৰা সাহাৰ্য আৰু প্ৰয়োজনীয় সুবিধাসমূহৰো পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্ত গৰাকীৰ সৈতে কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। 


জিলা আয়ুক্তৰ তৎপৰতাত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কলিয়াবৰ আৰু নগাঁও জিলাৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰ‌এফ) আৰু অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ তৰফৰ পৰা এক যুটীয়া উদ্ধাৰ অভিযান চলোৱা হয়। এই অভিযানৰ জৰিয়তে সকলো বানাক্ৰান্ত লোককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰি প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰিত কৰা আশ্ৰয় শিবিৰসমূহলৈ স্থানান্তৰ কৰা হয়।


বানপীড়িত ৰাইজৰ আশ্ৰয়ৰ বাবে কলিয়াবৰ ৰাজহ চক্ৰই শালনা বাপুজী প্ৰাথমিক বিদ্যালয়, ২৩ নং দিজু ভেলী প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ত মুঠ তিনিটা সাহায্য শিবিৰ স্থাপন কৰিছে। এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰা প্ৰতিগৰাকী লোককে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য, খাদ্য-সামগ্ৰী আৰু জৰুৰীকালীন অত্যাৱশ্যকীয় সেৱা সুচাৰুৰূপে যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। ইফালে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি হেল্প লাইন নম্বৰ মুকলি কৰা হৈছে। এই নম্বৰ কেইটা হৈছে - ১০৭৭ (মাছুল বিহীন), ০৩৬৭২-২৩৮০০০/২৩৬৮২৭/২৩০১৭৭। কোনো লোকে বানপানীৰ দ্বাৰা আক্ৰান্ত হ'লে বা তেনে প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জনাব বিচাৰিলে উক্ত ফোন নম্বৰত পাৰিব। তদুপৰি ৮৭২০৯৬৩৪৭৭ নম্বৰত ৱাটছ‌এপ কৰিব‌ও পাৰিব বুলি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশিত জাননীত কোৱা হৈছে।