নগাঁওঃ নগাঁও জিলাৰ বন্যপ্ৰাণী বিভাগৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যৰ ১২ শ বিঘা বন্যপ্ৰাণী ভূমিত অবৈধ ভাৱে কৰা মৰাপাট খেতিত বন বিভাগে অব্যাহত ৰাখিছে বৃহৎ উচ্ছেদ অভিযান (laokhowa-wildlife-sanctuary-eviction)। বন্যপ্ৰাণী বিভাগে তিনিখনকৈ বুলডজাৰ লগাই উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে। এফালৰ পৰা বুলডজাৰে মহতিয়াই নিছে মৰাপাট খেতি। বিশেষকৈ খৰনলী বিলৰ আশে-পাশে বনভূমিত এইবেলি ব্যাপক হাৰত মৰাপাট খেতি কৰিছিল বেদখলকাৰীয়ে।

ইপিনে বিগত ১৫-২০ বছৰৰ পৰা প্ৰতি বিঘাত দুই হাজাৰকৈ টকা ৰূপহীস্থ ইউনিয়ন ফাৰ্মিং কো অপাৰেটিভ ছ'চাইটিৰ নামত আদায় দিয়াৰ বিনিময়ত ১২শ বিঘাত ভূমিত বিভিন্ন ধৰণৰ খেতি কৰিছিল কৃষকে। নিজকে উক্ত বিতৰ্কিত সমবায় সমিতিৰ সম্পাদক হিচাপে পৰিচয় দি ফুৰা জুলহাছ উদ্দিন নামৰ এজন লোকে এই ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি সমবায় সমিতিৰ বুলি দাবী কৰি প্ৰতি বিঘাত দুই হাজাৰকৈ টকা সংগ্ৰহ কৰি খেতি কৰাৰ অনুমতি দিয়া বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ।

বছৰৰ পিছত বছৰ ধৰি সমবায় সমিতিৰ নাম লৈ এই বেহা চলি থকা বুলি ৰাইজে অভিযোগ তুলিছে। সমবায় সমিতিৰ সম্পাদক জুলহাছে সহজ সৰল এচাম লোকক কিছুমান নথি পত্ৰ দেখুৱাই বন্যপ্ৰাণী ভূমিৰ নামত বেহা চলাই অহা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। সমবায় সমিতিৰ সম্পাদক জুলহাছক টকা দিয়াৰ পিছতো ইমানদিনে বন বিভাগেও কোনো দিনেও বাধা নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। বন্যপ্ৰাণী বিভাগে মৰাপাট খেতিত উচ্ছেদ অভিযান অব্যাহত ৰখা স্বত্বেও জুলহাছে সমবায় সমিতিৰ সপক্ষে ন্যায়ালয়ৰ ৰায় থকা বুলি দাবী কৰি সমবায়ৰ মাটিত উচ্ছেদ চলোৱা নাই বুলি মন্তব্য কৰিছে।

ৰাইজে জুলহাছৰ এই ধৰণৰ অদ্ভুত দাবীক ভেঁকো ভাওনা বুলি মন্তব্য কৰিছে। উক্ত সমবায়ৰ নামত পূৱ শিঙীমাৰীৰ পৰা ধিংবাৰী চাপৰি পৰ্যন্ত শিলঘাট -ধিং মথাউৰিৰ দক্ষিণ দিশে আৰু লেতেৰীজানৰ আশে পাশে পাশে ২২ শ বিঘা ভূমি থকা বুলি দাবী কৰে সমিতিৰ বিষয়ববীয়া সকলে। অথচ উক্ত বিশাল ভূ খণ্ড বন্যপ্ৰাণী অভয়াৰণ্য অন্তৰ্গত বুলি বনবিভাগে দাবী কৰি আহিছে। ইপিনে লাওখোৱা অভয়াৰণ্যত এতিয়াও একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰি বৃহৎ বৃহৎ ফিচাৰী নিৰ্মান কৰি মৎস্য ব্যৱসায় চলাই আহিছে যদিও উচ্ছেদ চলোৱা নাই ফিচাৰীসমূহত। ফিচাৰী নিৰ্মাণ কৰি লাওখোৱা অভয়াৰণ্য আৰু ঐতিহ্য মণ্ডিত খৰনলী বিলৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা বেদখলকাৰীৰ প্ৰতি বন্যপ্ৰাণী বিভাগৰ কিহৰ দৰদ বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

মৰাপাট খেতিত উচ্ছেদ চলাই ফিচাৰীৰ মালিক সকলক ৰেহাই দিয়া কাৰ্য্যৰ বাবে বন্যপ্ৰাণী বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাইজে। তদুপৰি পূৰ্বৰ এগৰাকী বনাঞ্চলিক বিষয়াৰ কাৰ্যকালত জনৈক হাজী জিয়াবুৰ নামৰ বন বিভাগৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও কৃষকৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ তুলিছে সচেতন মহলে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হাজীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাইজে আহ্বান জনাইছে।

লগতে পঢ়কঃ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত নগাঁৱত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট