নগাঁও: অসমৰ চহকী কলা-সংস্কৃতি আৰু পাণ্ডুলিপি নিৰ্মাণৰ ঐতিহ্যই পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্বীকৃতি লাভ কৰিছে। নগাঁৱৰ পৰম্পৰাগত শিল্পী মৃদু মৌসম বৰাই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৱ-উদ্বোধিত ‘ভাৰতীয় ধ্ৰুপদী ভাষা পুথিভঁৰাল’ত (Indian Classical Languages Library) নিজৰ শিল্পকৰ্মৰ জৰিয়তে স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। – Assamese Manuscript Art
বৰাই শতিকা পুৰণি সাঁচিপাতৰ পাণ্ডুলিপি নিৰ্মাণ পৰম্পৰা আৰু টাই-খামতি চিত্ৰকলাৰ কৌশলক পুনৰুজ্জীৱিত কৰি তুলিছে। ভাৰতৰ ধ্ৰুপদী ভাষা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে স্থাপন কৰা এই পুথিভঁৰালত তেওঁৰ ৰচনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই আমন্ত্ৰণে তেওঁৰ দীৰ্ঘদিনীয়া সাধনা আৰু অসমৰ বিপন্ন পাণ্ডুলিপি শিল্প সংৰক্ষণৰ প্ৰতি ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰমাণ কৰিছে।

মৃদু মৌসম বৰাৰ এই বৃহৎ সাফল্যৰ বাবে বুধবাৰে ‘ছছাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ’ৰ তৰফৰ পৰা এক সঁজাতি দলে তেওঁক উষ্ম সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে। বিশিষ্ট পণ্ডিত ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা কাৰ্যসূচীত শিল্পীগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
সম্বৰ্ধনা দলটোত উপস্থিত আছিল ছছাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতি, সমন্বয়ক প্ৰদীপ হাজৰিকা, উপ-সভাপতি অমিতাভ বৰা, কোষাধ্যক্ষ জোন ৰাজখোৱা, সহকাৰী সম্পাদক পাপু দাস, সদস্য নীলমণি বৰা আৰু জোনমণি বৰা ।

উপস্থিত সকলে মৃদু মৌসম বৰাৰ এই কৃতিত্বক অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁৰ এই সফলতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে অসমৰ পৰম্পৰাগত শিল্পই আজিও বিশ্বদৰবাৰত নিজৰ স্বকীয়তা আৰু গৌৰৱ অটুট ৰাখিছে ।
মৃদু মৌসম বৰাৰ শৈশৱ আৰু শিল্প যাত্ৰাৰ আৰম্ভণি
মৃদু মৌসম বৰাৰ চিত্ৰকলাৰ যাত্ৰা আৰম্ভ হৈছিল মাত্ৰ ৯ বছৰ বয়সতে। তেতিয়া তেওঁ ধিঙৰ স্থানীয় ‘জ্যোতিৰেখা চিত্ৰাংকন বিদ্যালয়’ত নাম ভৰ্তি কৰিছিল। ছবি অঁকাটো যে এখন বিদ্যালয়ত পঢ়িব পৰা বিষয়, সেই কথা তেওঁ তেতিয়াহে গম পাইছিল। সেই বিদ্যালয়ত ৪-৫ বছৰ শিকাৰ পিছত তেওঁ নগাঁৱৰ আন এখন চিত্ৰাংকন বিদ্যালয়ত পাঁচ বছৰ ধৰি উচ্চতৰ প্ৰশিক্ষণ লৈছিল।
প্ৰখ্যাত শিল্পীৰ সান্নিধ্য আৰু প্ৰেৰণা
নগাঁৱত ছবি শিকি থকাৰ সময়তে তেওঁ প্ৰথিতযশা শিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ সান্নিধ্য লাভ কৰে। যদিও প্ৰণৱ বৰুৱাই আধুনিক চিত্ৰকলাৰ (Contemporary painting) কাম কৰিছিল, তেওঁৰ ছবিত প্ৰাচীন অসমৰ চিত্ৰ পৰম্পৰা প্ৰতিফলিত হৈছিল। বৰুৱাৰ পৰাই তেওঁ অসমৰ ঐতিহ্যমণ্ডিত চিত্ৰকলাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছিল।
পৰম্পৰাগত শিল্পৰ শিক্ষা
পৰৱৰ্তী সময়ত বৰা পুৰণিগুডামৰ ‘কলং কলা কেন্দ্ৰ’ৰ সৈতে জড়িত হয়। তাৰ মূৰব্বী চিত্ত ৰঞ্জন বৰাৰ তত্ত্বাৱধানত তেওঁ মুখাশিল্প, কাঠ খোদাই শিল্প আৰু সাঁচিপাতৰ পুথি প্ৰস্তুত তথা সংৰক্ষণৰ কৌশলসমূহ শিকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত অসমৰ চিত্ৰকলাৰ গৱেষক ড° নৰেন কলিতাৰ সান্নিধ্যই তেওঁক এই বিষয়টোৰ গভীৰলৈ যোৱাত সহায় কৰে।
বৰদোৱাৰ প্ৰভাৱ আৰু সচিত্ৰ পুথিৰ ধাৰণা
মৃদু মৌসম বৰাৰ ঘৰ বৰদোৱাৰ নিচেই ওচৰতে হোৱা বাবে সৰুৰে পৰা তেওঁ বৰদোৱা থানৰ পৰিৱেশৰ মাজত ডাঙৰ হৈছিল। মাক-দেউতাকৰ সৈতে কীৰ্তনঘৰলৈ যাওঁতে তাত থকা সচিত্ৰ পুথিৰ প্ৰতিচ্ছবিসমূহ (replica) দেখি তেওঁ আকৰ্ষিত হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে ছবিসমূহ দেখুৱাই তাৰ কাহিনীসমূহ বুজাই দিছিল, যাৰ পৰাই তেওঁৰ মনত সচিত্ৰ পুথিৰ প্ৰতি প্ৰথম ধাৰণা আৰু আগ্ৰহ গঢ়ি উঠিছিল।
মৃদু মৌসম বৰাৰ কৰ্মজীৱন: লুপ্তপ্ৰায় পাণ্ডুলিপি শিল্পৰ পুনৰুজ্জীৱন
চিত্ৰকলাৰ গৱেষক ড° নৰেন কলিতাৰ পৰামৰ্শ অনুসৰি মৃদু মৌসম বৰাই মাজুলী, যোৰহাট আৰু শিৱসাগৰৰ দৰে বিভিন্ন ঐতিহাসিক স্থান ভ্ৰমণ কৰি অসমৰ প্ৰাচীন চিত্ৰকলাৰ অধ্যয়ন কৰে। যিহেতু পাণ্ডুলিপি নিৰ্মাণৰ এই পৰম্পৰাটো প্ৰায় ১০০ বছৰ আগতেই লুপ্ত হৈছিল, সেয়েহে বৰাই এই বিষয়ে জনা অতি কম সংখ্যক বয়োজ্যেষ্ঠ খনিকৰৰ কাষ চাপি বহুতো দুৰ্লভ কথা শিকিবলৈ সক্ষম হৈছিল।
সত্ৰাধিকাৰৰ দায়িত্ব আৰু গুৰুত্বপূৰ্ণ সৃষ্টিসমূহ
ড° নৰেন কলিতাৰ জৰিয়তে বৰাই মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভ কৰে। সত্ৰাধিকাৰগৰাকীৰ এটা সপোন আছিল— গুৰুদুজনাৰ আটাইকেইখন অংকীয়া নাট সাঁচিপাতত পৰম্পৰাগত ‘ৰং-মোহী’ৰে (পৰম্পৰাগত চিঞাহী আৰু ৰং) সচিত্ৰ ৰূপত লিপিবদ্ধ কৰা।
২০০৯ চনত সত্ৰাধিকাৰগৰাকীয়ে এই মহান দায়িত্ব মৃদু মৌসম বৰাৰ ওপৰত অৰ্পণ কৰে। ইয়াৰ পিছৰে পৰা তেওঁৰ সৃষ্টিৰাজি এনেদৰে আগবাঢ়ে:
- ২০১০ চন: প্ৰথম কাম হিচাপে মহাপুৰুষ মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’ নাটখন সচিত্ৰ ৰূপত সাঁচিপাতত লিখি উলিয়ায়।
পৰৱৰ্তী কাম: ইয়াৰ পিছত তেওঁ ‘চোৰধৰা’ নাটখন সম্পূৰ্ণ কৰে। উল্লেখ্য যে, এই দুইখন নাটকেই তদানীন্তন ৰাজ্যপালৰ অৰ্থসাহায্যত ছপা কৰি উলিওৱা হৈছিল। - ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বাবে কাম: ২০১০ চনত তিনিচুকীয়াত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়’ৰ (NSD) এক কৰ্মশালাৰ বাবে ‘পাৰিজাত হৰণ’ নাটখনৰ এটা সচিত্ৰ পাঠ (Performing text) প্ৰস্তুত কৰে।
ক্ষুদ্ৰতম পুথি: তেওঁ ‘নামঘোষা’ৰ এটা অংশ সাঁচিপাতত অতি ক্ষুদ্ৰ আকাৰত লিখি উলিয়াইছে, যাক বৰ্তমানলৈকে পোৱা অসমৰ আটাইতকৈ ক্ষুদ্ৰতম পুথি বুলি গণ্য কৰা হয়। - অন্যান্য নাট: লোহিত চন্দ্ৰ গোস্বামীৰ ‘চিহ্নযাত্ৰা’ নাটখনো তেওঁ সচিত্ৰ ৰূপত সাঁচিপাতত অংকন কৰিছে। বৰ্তমান তেওঁ মহাপুৰুষ শংকৰদেৱৰ ‘কেলিগোপাল’ নাটখন সচিত্ৰ কৰাৰ কামত ব্ৰতী হৈ আছে।
লগতে পঢ়ক: Batadrava Cultural Project: আবিৰ্ভাৱ ক্ষেত্ৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত ন ৰূপত উজলিব বটদ্ৰৱা

