The Strengths and Challenges of Constitutional Democracy in Indiaসাংবিধানিক গণতন্ত্ৰৰ শক্তি আৰু প্ৰত্যাহ্বান

গৌতম শৰ্মা (অধ্যাপক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়): গণতন্ত্ৰ দিৱস কেৱল পেৰেড, ভাষণ আৰু দেশপ্ৰেমমূলক শ্লোগানেৰে চিহ্নিত এক আনুষ্ঠানিক উৎসৱ নহয়। ই ভাৰতক এখন গণৰাজ্য হিচাপে সংজ্ঞায়িত কৰা জীৱন্ত দলিল (Constitutional Democracy in India)। ভাৰতৰ সংবিধান সম্পৰ্কে সমষ্টিগত চিন্তন কৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। সংবিধানে নিজৰ অস্তিত্বৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি ৭৬ বছৰত ভৰি দিয়াৰ সময় উপলক্ষে, এই সময় কেৱল উদযাপনৰ বাবেই যথেষ্ট নহয়; এই সময় আমাৰ সংবিধানৰ বাবে সৎ আৰু গভীৰ মূল্যায়নৰো প্ৰয়োজন (Republic Day India)। কিয়নো বহু ৰাজনৈতিক পৰিবর্তন, সামাজিক আলোড়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ বহু দশকজুৰি এখন বিশাল, বৈচিত্ৰ্যময় আৰু জটিল দেশক পথ প্ৰদৰ্শন কৰি অহা সংবিধানখনে বহু সময়ত বহু ৰাজনৈতিক অপব্যৱহাৰ, প্ৰতিষ্ঠানগত দুৰ্বলতা আৰু সংবিধানিক নৈতিকতাৰ অৱনতিৰ ফলস্বৰূপে ই আজি অনেক জটিল প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। গতিকে, এইখিনি সময়ত সংবিধানে লাভ কৰা সফলতা, ইয়াৰ সীমাবদ্ধতা আৰু নাগৰিক তথা প্ৰতিষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা দায়িত্বসমূহ বুজি পোৱাটো ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে।

ভাৰতীয় সংবিধানৰ আটাইতকৈ ডাঙৰ সাফল্য নিহিত আছে ঔপনিবেশিক শাসন, দৰিদ্ৰ্যতা, নিৰক্ষৰতাৰ লগতে গভীৰ সামাজিক বিভাজনৰ মাজৰ পৰা ওলাই অহা এখন সমাজত এখন গণতান্ত্ৰিক ব্যৱস্থাৰ সফল প্ৰতিষ্ঠাত। যিখিনি সময়ত নতুনকৈ স্বাধীন হোৱা বহু দেশে গণতন্ত্ৰ টিকাই ৰাখিবলৈ ব্যৰ্থ হৈছিল, সেইখিনি সময়ত ভাৰতে কিন্তু আৰম্ভণিৰ পৰাই সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গ্ৰহণ কৰি আটাইতকৈ দুখীয়া নাগৰিকজনকো ভোটদানৰ ক্ষমতা প্ৰদান কৰিছিল। এই সাহসী সিদ্ধান্তই এখন সাম্ৰাজ্যৰ প্ৰজা হৈ থকা লোকসকলক এখন গণৰাজ্যৰ সমান অধিকাৰসম্পন্ন নাগৰিকলৈ ৰূপান্তৰিত কৰিছিল। দশকৰ পিছত দশক ধৰি নিয়মিত নিৰ্বাচন, শান্তিপূৰ্ণ ক্ষমতা হস্তান্তৰ আৰু ৰাজনৈতিক অংশগ্ৰহণে সাধাৰণ জনতাৰ মাজত গণতান্ত্ৰিক অভ্যাস সুদৃঢ় কৰি তুলিছে। কেতবোৰ সীমাবদ্ধতা থকাৰ পাছতো সংবিধানে নিশ্চিত কৰিছে যে ৰাজনৈতিক ক্ষমতাৰ মূল উৎস শেষত জনতাৰ পৰাহে আহে, উত্তৰাধিকাৰ, ধৰ্ম বা সামৰিক শক্তিৰ পৰা নহয়।

ভাৰতৰ সংবিধানৰ আন এক উল্লেখযোগ্য সাফল্য হৈছে সামাজিক ন্যায়ৰ প্ৰতি ইয়াৰ দৃঢ় প্ৰতিশ্ৰুতি। সংবিধান প্ৰণেতাসকল স্পষ্টভাৱে সচেতন আছিল যে সামাজিক আৰু অৰ্থনৈতিক সমতা নাথাকিলে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন হৈ পৰিব। মৌলিক অধিকাৰ, ইতিবাচক ব্যৱস্থা (affirmative action) আৰু বঞ্চিত সমাজসমূহৰ বাবে সুৰক্ষামূলক ব্যৱস্থাৰ জৰিয়তে সংবিধানে শতাব্দীজুৰি চলি অহা জাতিভিত্তিক দমন, লিংগ বৈষম্য আৰু সামাজিক বঞ্চনাৰ প্ৰাচীৰ ভাঙিবলৈ চেষ্টা কৰিছিল। শিক্ষা আৰু কৰ্মসংস্থাপনত সংৰক্ষণ নীতিয়ে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লাখ লাখ লোকক আগতে বঞ্চিত কৰি ৰখা সুযোগসমূহ লাভ কৰিবলৈ সক্ষম কৰি তুলিছে। যদিও সামাজিক সমতা এতিয়াও সম্পূৰ্ণ ৰূপে স্থাপন হোৱা নাই, তথাপিও সংবিধানিক কাঠামোৱে ন্যায়ক পৰম্পৰা বা দান-দয়া-মৈত্ৰীৰ ওপৰত এৰি নিদি সমাজ পৰিবর্তনৰ এক শক্তিশালী হাতিয়াৰ প্ৰদান কৰিছে।

অসাধাৰণ বৈচিত্ৰ্যৰ মাজতো ৰাষ্ট্ৰীয় ঐক্য অটুট ৰাখিবলৈ সক্ষম হোৱাটোও সংবিধানৰ এক গুৰুত্বপূৰ্ণ সাফল্য। ভাৰত বহু ধৰ্ম, ভাষা, সংস্কৃতি আৰু জাতিগত পৰিচয়ৰ এক বিস্তৃত দেশ। সংবিধানৰ ফেডাৰেল কাঠামো, ভাষাভিত্তিক ৰাজ্য পুনৰ্গঠন আৰু সাংস্কৃতিক অধিকাৰৰ সুৰক্ষাই দেশখনক বিভাজনৰ পথলৈ নিনিয়াকৈ ৰাখি আঞ্চলিক আকাংক্ষা আৰু ৰাষ্ট্ৰীয় অ-খণ্ডতাক একেলগে সহাৱস্থান কৰাৰ সুযোগ প্ৰদান কৰিছে। সংবিধানৰ কল্পনাত থকা ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ধৰ্মবিৰোধিতা নহয়; বৰং ৰাজ্যৰ দ্বাৰা সকলো ধৰ্মৰ প্ৰতি সমান সন্মান প্ৰদৰ্শন কৰা। এই নীতিয়ে ভাৰতক ধৰ্মশাসিত ৰাজ্য হোৱাৰ পৰা ৰক্ষা কৰিছে আৰু বহুত্ববাদৰ বাবে এক বিস্তৃত স্থান সংৰক্ষণ কৰি ৰাখিছে। কেতিয়াবা কেতিয়াবা কেতবোৰ উত্তেজনাই দেখা দিলেও, সংবিধানিক ধৰ্মনিৰপেক্ষতা আজিও ভাৰতীয় গণতান্ত্ৰিক পৰিচয়ৰ এক মৌলিক স্তম্ভ হিচাপেই অটুট আছে।

ইয়াৰ সমানভাৱে গুৰুত্বপূৰ্ণ অন্য এটি বিষয় হৈছে শক্তিশালী প্ৰতিষ্ঠান গঢ়ি তোলাত সংবিধানৰ ভূমিকা। ন্যায়ালয়, নিৰ্বাচন আয়োগ, নিয়ন্ত্ৰক আৰু মহালেখাপৰীক্ষক তথা অন্যান্য সংবিধানিক সংস্থাসমূহক গণতন্ত্ৰৰ ৰক্ষাকৰ্ত্তা হিচাপে কাৰ্য্য কৰিবলৈ সংবিধানে পৰিকল্পনা কৰিছিল। ন্যায়িক পৰ্যালোচনাৰ ব্যৱস্থাই আদালতসমূহক মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ আৰু কাৰ্যনিৰ্বাহী শক্তিৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰি তুলিছে। দশকৰ পিছত দশক ধৰি দিয়া বহু ঐতিহাসিক ৰায়সমূহে নাগৰিক স্বাধীনতা বিস্তাৰ কৰিছে, পৰিৱেশ সুৰক্ষা শক্তিশালী কৰিছে আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰিছে। এই প্ৰতিষ্ঠানসমূহে যেতিয়াই স্বাধীন আৰু নিৰপেক্ষভাৱে কাৰ্য্য কৰে, তেতিয়াই এইসমূহে স্বৈৰাচাৰী প্ৰৱণতা ৰোধ কৰা আৰু দায়িত্বশীল শাসন নিশ্চিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তৎসত্বেও, ভাৰতীয় সংবিধানে আজি কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে, যিবোৰক আমি কোনোপধ্যেই উপেক্ষা কৰিব নোৱাৰোঁ। ইয়াৰ ভিতৰত অন্যতম চিন্তাৰ বিষয় হৈছে সংবিধানিক আদৰ্শ আৰু বাস্তৱ ৰাজনৈতিক আচৰণৰ মাজত ক্ৰমে বৃদ্ধি পাই অহা ব্যৱধান। সংবিধানে স্বাধীনতা, সমতা, ভাতৃত্ব আৰু ন্যায়ক গুৰুত্ব প্ৰদান কৰে যদিও আধুনিক ৰাজনীতিত প্ৰায়েই ক্ষমতা, লোকপ্ৰিয়তা আৰু ক্ষণস্থায়ী নিৰ্বাচনী লাভক অগ্ৰাধিকাৰ দিয়া দেখা যায়। কেতিয়াবা আইনসমূহ নিৰ্বাচিতভাৱে প্ৰয়োগ কৰা হয়, মতবিৰোধক প্ৰায়ে ৰাষ্ট্ৰবিৰোধিতা হিচাপে চিহ্নিত কৰা হয় আৰু সাংবিধানিক মূল্যবোধসমূহ পথ-প্ৰদৰ্শক নীতিৰ ঠাইত কেৱল শ্লোগানলৈ ৰূপান্তৰিত হয়। সাংবিধানিক নৈতিকতাৰ এই অৱনতিৰ ফলস্বৰূপে, আনুষ্ঠানিক কাঠামো অটুট থকাৰ পাছতো গণতন্ত্ৰৰ আত্মাই সংকটৰ সন্মুখীন হৈছে।

আন এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান নিহিত আছে ক্ষমতাৰ অত্যধিক কেন্দ্ৰীকৰণত। যদিও ভাৰতে এক ফেডাৰেল ব্যৱস্থা অনুসৰণ কৰে, তথাপিও কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ শক্তিৰ সমতা ক্ৰমে কেন্দ্ৰৰ দিশে ঢাল খাই আহিছে। আৰ্থিক নিৰ্ভৰশীলতা, প্ৰশাসনিক নিয়ন্ত্ৰণ আৰু ৰাজনৈতিক চাপৰ ফলত ৰাজ্যসমূহৰ স্বায়ত্তশাসন দুৰ্বল হৈছে, যাৰ ফলস্বৰূপে সহযোগিতামূলক ফেডাৰেলিজম ক্ষতিগ্ৰস্ত হৈছে। এই ধৰণৰ ক্ষমতা কেন্দ্ৰীকৰণে যৌথ শাসনৰ সাংবিধানিক দৃষ্টিভংগীৰ সৈতে সংঘর্ষ সৃষ্টি কৰে আৰু আঞ্চলিক কণ্ঠসমূহক উপেক্ষিত কৰাৰ আশংকা বৃদ্ধি কৰে। এখন শক্তিশালী গণৰাজ্যৰ বাবে ওপৰৰ পৰা আৰোপ কৰা একৰূপতা নহয়, বৰং সংলাপ আৰু বৈচিত্ৰ্যৰ প্ৰতি সন্মানৰ জৰিয়তে গঢ়ি তোলা ঐক্যৰহে প্ৰয়োজন।

সংবিধান সংশোধনৰ অপব্যৱহাৰ আৰু অতিমাত্ৰা প্ৰয়োগেও সম্প্ৰতি গুৰুত্বপূৰ্ণ উদ্বেগৰ সৃষ্টি কৰিছে। যদিও সংবিধানক নমনীয় হিচাপে ৰচনা কৰা হৈছিল, তথাপিও ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিৱৰ্তে ৰাজনৈতিক সুবিধাক অগ্ৰাধিকাৰ দি সঘনাই কৰা সংশোধনে ইয়াৰ স্থিৰতা ক্ষুণ্ণ কৰিছে। মৌলিক অধিকাৰ, নিৰ্বাচনী প্ৰক্ৰিয়া আৰু প্ৰতিষ্ঠানসমূহৰ স্বায়ত্তশাসনৰ সৈতে সম্পৰ্কিত সংশোধনসমূহ বিশেষ সাৱধানতাৰে পৰ্যালোচনা কৰা আৱশ্যক। ন্যায়ালয়ৰ দ্বাৰা বিকশিত ‘মৌলিক কাঠামো’ নীতিয়ে আজিও এক গুৰুত্বপূৰ্ণ সুৰক্ষাকৱচ হিচাপে কাম কৰি আহিছে, কিন্তু ইয়াৰ কাৰ্যকাৰিতা ন্যায়িক সাহস আৰু জনসমৰ্থনৰ ওপৰত নিৰ্ভৰশীল। গতিকে, শাসক শক্তিৰ সুবিধাৰ খাতিৰত অহৰহ পৰিবর্তন কৰা এখন সংবিধানে নিজৰ পবিত্ৰতা আৰু বিশ্বাসযোগ্যতা লাহে লাহে যে হেৰুৱাই পেলাব ই ধুৰূপ।

প্ৰতিষ্ঠানসমূহৰ দুৰ্বলতায়ো আন এক চিন্তাজনক বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে। সাংবিধানিক সংস্থাসমূহ তেতিয়াহে কাৰ্যকৰী হয় যেতিয়া সেয়া স্বাধীন আৰু নিৰপেক্ষ থাকে। নিয়োগ প্ৰক্ৰিয়াত ৰাজনৈতিক হস্তক্ষেপ, নিৰ্বাচিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা অথবা গুৰুত্বপূৰ্ণ সময়ত মৌনতা অৱলম্বন কৰাৰ অভিযোগসমূহে জনবিশ্বাসক ক্ষয় কৰে। যেতিয়া ক্ষমতা নিয়ন্ত্ৰণ কৰিবলৈ গঢ়ি তোলা প্ৰতিষ্ঠানসমূহ পক্ষপাতী বা আপোচকৃত বুলি ধাৰণাৰ সৃষ্টি হয়, তেতিয়া গণতন্ত্ৰ অধিক সংকটাপন্ন হৈ পৰে। কিয়নো সংবিধানৰ শক্তি কেৱল ইয়াৰ লিখিত পাঠত নহয়, বৰং ইয়াক ৰূপায়ণ কৰাৰ দায়িত্বত থকা লোকসকলৰ সততা আৰু নৈতিকতাৰ ওপৰতো গভীৰভাৱে নিৰ্ভৰ কৰে।

প্ৰতিষ্ঠান আৰু চৰকাৰৰ সীমা অতিক্ৰম কৰি সংবিধানে নাগৰিকসকলৰ ওপৰতো অপৰিসীম দায়িত্ব আৰোপ কৰিছে। এখন গণৰাজ্য কেৱল আইন-কানুনৰ বলত জীয়াই নাথাকে; ইয়াৰ বাবে সচেতন, সজাগ আৰু নৈতিক নাগৰিকৰ প্ৰয়োজন। আমি বহু সময়ত মৌলিক অধিকাৰৰ বাবে প্ৰায়েই জোৰেৰে দাবী কৰোঁ যদিও মৌলিক কৰ্তব্যক সঘনাই আওকাণ কৰি চলোঁ। সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰীয় ঐক্য, ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা, বৈজ্ঞানিক মনোভাৱ আৰু সামাজিক সমন্বয় এই সকলোবোৰ কেৱল উচ্চ আদৰ্শ নহয়, বৰং নাগৰিকৰ দায়িত্বও। সন্মানজনক বিতৰ্কৰ অৱনতি, ভুল তথ্যৰ প্ৰসাৰ আৰু অসহিষ্ণুতাৰ বৃদ্ধি সমাজিক স্তৰত সাংবিধানিক মূল্যবোধ আভ্যন্তৰীণভাৱে গ্ৰহণ কৰিবলৈ ব্যৰ্থ হোৱাৰেই প্ৰতিফলন।

সাংবিধানিক গণতন্ত্ৰক টিকাই ৰখাত শিক্ষাই এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুৰ্ভাগ্যজনকভাৱে, সংবিধান সম্পৰ্কীয় জ্ঞান বা সচেতনতা এতিয়াও সীমিত হৈ আছে। বহু নাগৰিকে সংবিধানৰ মূল নীতি বা দৈনন্দিন জীৱনৰ সৈতে ইয়াৰ সম্পৰ্ক বুজি নোপোৱাকৈয়েই গণতন্ত্ৰ দিৱস উদযাপন কৰে। নাগৰিক শিক্ষাক কেৱল সংবিধানৰ ধাৰাসমূহ মুখস্থ কৰালৈ সীমাবদ্ধ ৰাখিব নালাগে; ইয়াৰ জৰিয়তে সমালোচনামূলক চিন্তন, নৈতিক যুক্তিবোধ আৰু গণতান্ত্ৰিক অংশগ্ৰহণক উৎসাহিত কৰা উচিত। সচেতনতা অবিহনে সাংবিধানিক অধিকাৰসমূহ দুৰ্বল হৈ পৰে আৰু সহজেই ত্যাগ কৰা বা অপব্যৱহাৰ কৰা সম্ভৱ হৈ উঠে।

৭৬ বছৰত ভৰি দি ভাৰতীয় সংবিধান আজি এক সন্ধিক্ষণত থিয় হৈছে। নিঃসন্দেহে ইয়াৰ সাফল্যসমূহক অস্বীকাৰ কৰিব নোৱাৰি। গণতন্ত্ৰ টিকাই ৰখা, ঐক্য সংৰক্ষিত কৰা, ন্যায়ৰ অনুসন্ধান কৰা আৰু স্বাধীনতা সুৰক্ষিত কৰা এই সকলোবোৰতেই সংবিধানৰ সাফল্যসমূহ অন্তৰ্নিহিত হৈ আছে। তথাপিও ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে সাংবিধানিক মূল্যবোধসমূহ কেৱল ঘোষণা কৰাত নহয়, সেয়া কিমান আন্তৰিকতাৰে বাস্তৱায়ন কৰা হৈছে তাৰ ওপৰতহে। যিহেতু সংবিধান কেতিয়াও কেৱল আনুষ্ঠানিক অনুষ্ঠানত প্ৰদৰ্শন কৰা বা সজোৱা এখন দলিল হিচাপে ৰচনা কৰা হোৱা নাছিল; বৰং শাসন ব্যৱস্থা আৰু নাগৰিকত্বক পথ দেখুওৱা এক নৈতিক দিশ-নিৰ্দেশক হিচাপেহে ইয়াৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা হৈছিল।

সংবিধান গৃহীত এই বৰ্ষপুতি তথা গণতন্ত্ৰ দিৱসৰ উদযাপন তেতিয়াহে অৰ্থপূৰ্ণ হ’ব, যেতিয়া ভাৰত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আত্মাৰ প্ৰতি কেৱল কথাত নহয়, কৰ্মেৰে আগবাঢ়ি যাব। সেয়ে আমি ভাবোঁ, আজি গণতন্ত্ৰ দিৱসৰ উদযাপনে নবীকৰণৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে কাম কৰা উচিত। ই নেতাসকলক স্মৰণ কৰাব লাগে যে ক্ষমতা কোনো বিশেষাধিকাৰ নহয়, বৰং এক বিশ্বাস আৰু দায়িত্ব। ই প্ৰতিষ্ঠানসমূহকো বুজাব লাগিব যে স্বাধীনতা কোনো অনুগ্ৰহ নহয়, ই এক কৰ্তব্য। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই আমাৰ দেশৰ অগণন সাধাৰণ নাগৰিকৰ বিবেকত দৈনন্দিন জীৱনত সাংবিধানিক মূল্যবোধ সক্ৰিয়ভাৱে সুৰক্ষা নকৰালৈকে গণতন্ত্ৰ যে টিকি নাথাকে এই বোধ, চেতনাক জাগ্ৰত কৰাব লাগিব।

লগতে পঢ়কঃ Netaji Ideology Relevance: নেতাজীৰ আদৰ্শৰ প্ৰাসংগিকতা


Advertisement