নগাঁওঃ “নিজৰ ভাষা এৰি দিয়া মানে নিজৰ অস্তিত্ব হেৰুওৱা। পৃথিৱীত হাজাৰ হাজাৰ ভাষা আছে। কিন্তু দুখৰ কথা যে আজি বহু ভাষা বিপন্ন হৈছে।কিছুমান ভাষা এতিয়া বৃদ্ধ লোকৰ স্মৃতিত বা কিতাপৰ মাজত আবদ্ধ হৈ আছে।”- শনিবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত নগাঁও জিলা সাহিত্য সভাই আয়োজন কৰা আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সদস্য ডঃ অনিল শইকীয়াই এই মন্তব্য কৰে (International Mother Language Day 2026)।
শইকীয়াই কয়,” নতুন প্ৰজন্মই যদি ভাষা ভালকৈ কব নোৱাৰে ,লিখিব নোৱাৰে, শিকিব নোৱাৰে , তেন্তে ভাষাটো নীৰৱে ইতিহাসৰ পৰা বিলীন হৈ যায়।” এই ক্ষেত্ৰত অসমৰ কথা কলে গৌৰৱ অনুভৱ কৰিব পাৰো বুলি মন্তব্য কৰি ডঃ শইকীয়াই কয় ,” অসম এখন ভাষাগত ভাবে বৈচিত্ৰময় ৰাজ্য। ইয়াত বহু জনগোষ্ঠীয় ভাষা, উপভাষা আৰু কথিত ৰূপ আছে। এই ভাষা সমুহৰ ঐতিহ্যই হৈছে অসমৰ শক্তি আৰু সৌন্দৰ্য্য। ভাষা নাথাকিলে সংস্কৃতি নাথাকে আৰু সংস্কৃতি নাথাকিলে জাতিৰ আত্মাও নাথাকে।”
নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত ডঃ অনিল শইকীয়াই লগতে কয় যে মাতৃভাষা দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে নিজা মাতৃভাষা ৰক্ষা কৰা । ভাষা এটা হেৰাই যোৱা মানে এটা সংস্কৃতিও হেৰাই যোৱা। হাজাৰ বছৰৰ বহুতো মানুহৰ বহুতো নিৰন্তৰ সাধানাত এটা ভাষা গঢ় লয় আৰু মৌলিক সাহিত্যৰ সৃষ্টি হয় বুলি উল্লেখ কৰি ডঃ শইকীয়াই কয় যে ভাষাৰ আধাৰতে সৃষ্টি হয় সংস্কৃতি। ভাষা মানেই গীত- মাত,ফকৰা – যোজনা, সাধুকথা ,মন্ত্ৰ , বিশ্বাস- অবিশ্বাস ৰোগ- নিদান আৰু অনেক ।ভাষা মানেই ঠাই ,চৰাই,পৰ্বত- পাহাৰ, নদী ,জান- জুৰি – নিজৰা ,জলপ্ৰপাত, গছগছনি ফুল,ফল,জীৱ – জন্তু দেৱ- দেৱী , যন্ত্ৰপাতি আদিৰ অলেখ নাম। সকলোৰে সংমিশ্ৰণত মানুহে মনৰ ভাৱ প্ৰকাশ কৰে। এনেকৈয়ে বিশ্বৰ বিভিন্ন দেশত বিভিন্ন শব্দ ভাণ্ডাৰৰ সৃষ্টি হৈছে।
আন্তৰ্জাতিক ভাষা দিৱসৰ প্ৰসঙ্গ উল্লেখ কৰি ডঃ শইকীয়াই কয় যে ১৯৪৮ চনত পাকিস্তান চৰকাৰে উৰ্দু ভাষা পাকিস্তানৰ একমাত্ৰ জাতীয় ভাষা বুলি ঘোষণা কৰে। সেই সময়ত পাকিস্তানৰ অন্তৰ্ভুক্ত পুৱ পাকিস্তানৰ জনগনে এই ঘোষণাৰ বিৰোধিতা কৰি আন্দোলন আৰম্ভ কৰে। পুৱ পাকিস্তানৰ মূল ভাষা আছিল বাংলা। নিজৰ ভাষা ৰক্ষা কৰিবলৈ পুৱ পাকিস্তানৰ লোকে ১৯৫২ চনত আন্দোলনৰ গতি অধিক শক্তিশালী কৰি তোলে। সেই চনৰে ২১ ফেব্ৰুৱাৰীত এটা বিশাল প্ৰতিবাদী সমদলৰ ওপৰত পাকিস্তান চৰকাৰে গুলিচালনা কৰাত পাঁচজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল। পৰৱৰ্তী সময়ত আন্দোলনৰ ৰূপ দেখি বিতত হোৱা পাকিস্তান চৰকাৰে ১৯৫৬ চনত বাংলাভাষাকো চৰকাৰী মৰ্যাদা প্ৰদান কৰে বুলি মন্তব্য কৰি ডঃ শইকীয়াই কয়, “মানুহে নিজৰ মাতৃভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া ই ইতিহাসৰ এক বিৰল কাণ্ড।”
তেওঁ কয়, “১৯৭১ চনত পুৱ পাকিস্তান স্বাধীন বাংলাদেশ হয়। কিন্তু বাংলাদেশৰ জনতাই সেই কৰুণ দিনটোৰ কথা পাহৰা নাছিল। ১৯৯৮ চনৰ ৯ জানুৱাৰীত কানাডাত বাসকৰা বাংলাভাষী ৰফিকুল ইছলাম আৰু আব্দুছ চালামে বাংলাদেশ চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কোলৈ প্ৰস্তাৱ পঠায়। প্ৰস্তাৱত বিশ্বৰ ভাষা সমুহ বিলুপ্তিৰ পৰা ৰক্ষা কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাবে পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াই আৰু এই দিৱসটো বাংলাদেশৰ শ্বহীদ সকলৰ প্ৰতি সন্মান জনাই ২১ ফেব্ৰুৱাৰী দিনটো ধাৰ্য কৰিবলৈ অনুৰোধ জনায়। সেই মৰ্মে ১৯৯৯ চনৰ শেষৰ ফালে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰাৰ পিছত ২০০০ চনৰপৰা ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে।”
তেওঁ লগতে কয়,” বিশ্বত বৰ্তমান ৭ হাজাৰ টা ভাষা ব্যৱহাৰ হৈ আছে। ইয়াৰে ৩৪৮১ টা ভাষা সুস্থিৰ হৈ থকাৰ বিপৰীতে ৩০০০ টা ভাষা বিপদজনক হৈ আছে। অথচ পৃথিৱীত ২০ হাজাৰৰো অধিক ভাষা আছিল। আমাৰ ভাৰত বৰ্ষত ১২১ টা মুখ্য ভাষাৰ ভিতৰত সংবিধান ভাবে স্বীকৃত ভাষা ২২ টা। ৯৯ টা ভাষা মুখ্য অস্বীকৃত ভাষা।”
অসমীয়া ভাষাত বহুতো জনগোষ্ঠীয় শব্দ আছে, যিবোৰ অন্য ভাৰতীয় ভাষাত পোৱা নাযায় বুলি উল্লেখ কৰি ডঃ শইকীয়াই অসমত অসমীয়া মানুহে নিজৰ ভাষা ৰক্ষা কৰিবৰ বাবে কৰা সংগ্ৰাম সমুহৰ কথা উল্লেখ কৰে ।
নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই আতধৰা সভাত নগাঁও বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ধনদা দেৱীৰ ” সমোচ্চাৰণ শব্দ- কোষ ” নামৰ গ্ৰন্থখন উন্মোচন কৰে ডঃ অনিল শইকীয়াই। অনুষ্ঠানত গ্ৰন্থ লেখিকা ধনদা দেৱীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে নিজৰ ভাষণত কয় ,” একবিংশ শতিকাৰ বিশ্বায়নৰ যুগত ভাষাই এক নতুন ৰূপ লৈছে। ভাষা এতিয়া কেৱল ভাব-বিনিময়ৰ মাধ্যম হৈ থকা নাই, বৰং এখন বজাৰৰ পণ্যত পৰিণত হৈছে।” ডঃ বৰকটকীয়ে লগতে কয়,” আন্তৰ্জাতিক বাণিজ্য, প্ৰযুক্তি, তথ্য-প্ৰযুক্তি, শিক্ষা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ভাষাই প্ৰাধান্য লাভ কৰিছে। উদাহৰণস্বৰূপে, ইংৰাজী ভাষাই আজিৰ বিশ্ব বাণিজ্য আৰু তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত এক শক্তিশালী স্থান দখল কৰিছে। ফলস্বৰূপে, ইংৰাজী শিকাৰ বাবে মানুহে ধন ব্যয় কৰিছে। ইংৰাজী ভাষা- শিক্ষা এক লাভজনক উদ্যোগলৈ পৰিণত হৈছে।”
তেওঁ আৰু কয়, “যি ভাষাৰ বজাৰত মূল্য কম, সেই ভাষাবোৰ লাহে ,লাহে উপেক্ষিত হৈ পৰিছে। বহু স্থানীয় আৰু জনজাতীয় ভাষা বিলুপ্তিৰ দিশে আগবাঢ়িছে। ভাষাৰ মূল্য এতিয়া সাংস্কৃতিক ভাৱে নহয়, অৰ্থনৈতিক মানদণ্ডেৰে নিৰ্ধাৰিত হৈছে।ভাষা যদি পণ্য হয়, তেন্তে তাৰ মূল আত্মা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে। মাতৃভাষাৰ সলনি অধিক লাভজনক ভাষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱাৰ লগে লগে নতুন প্ৰজন্মৰ মাজত মাতৃভাষাৰ প্ৰতি অনুৰাগ হ্ৰাস পাইছে।”
অনুস্থানত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ত্ৰয় ক্ৰমে থগিত চন্দ্ৰ মহন্ত ,ৰতিমোহন নাথ ,নিত্যানন্দ বৰা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা ,জিলা সাহিত্য সভাৰ গ্ৰন্থ উপসমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ হেমন্ত গোস্বামী শৰ লগতে মহেশ নাথ ,মৃগাংক বৰা , সুৰজিৎ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে। জিলা শাখাৰ অন্তৰ্গত উপাসনা ,মধুপুৰ আৰু কাচিয়লি শাখা সাহিত্য সভাৰ সদস্য সকলে অসম সাহিত্য সভাৰ আৰম্ভণি গীত ‘ চিৰ চেনেহী ভাষা মোৰ জননী ” গীত পৰিবেশন কৰে।
লগতে পঢ়কঃ সাঁচিপাত, সত্ৰীয়া ঐতিহ্য আৰু ৰাষ্ট্ৰীয় গৌৰৱ—নগাঁৱত সম্বৰ্ধিত মৃদু মৌসম বৰা

