Nagaon Sahitya Sabha Celebrates Literary Day with Book Launchনগাঁও জিলা সাহিত্য সভাৰ সাহিত্য দিৱস অনুষ্ঠান

নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি সভাৰ কমলাদেৱী টোদী স্মৃতি ভৱনত সাহিত্য দিৱসৰ লগতে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত স্মৃতি দিৱস অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয় ৷ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই সাহিত্যৰথী বেজবৰুৱাৰ সাহিত্য কৃতি সন্দৰ্ভত শ্ৰুতিমধুৰ বক্তব্য প্ৰদান কৰে (Nagaon Sahitya Sabha Literary Day) ৷

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীব কুমাৰ হাজৰিকাই আঁত ধৰা মননশীল অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধন উপ-সমিতিৰ উপ-সভাপতি সুৰজিৎ গোস্বামীয়ে ‘সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ কৃতি’ শীৰ্ষক বিষয়ত বক্তব্য দাঙি ধৰি সাহিত্যৰথী বেজবৰুৱাৰ পাছত যি কেইগৰাকী ব্যক্তিয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল তাৰ ভিতৰত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত অন্যতম বুলি উল্লেখ কৰে ৷তেঁও ঊনৈশ শতিকাৰ শেষ ভাগৰপৰা কুৰি শতিকাৰ আৰম্ভণিলৈ জোনাকী, বিজুলী, বাঁহী, চেতনা আদি কাকত-আলোচনীয়ে গঢ়ি তোলা বৌদ্ধিক পৰিৱেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ মিত্ৰদেৱ মহন্তদেৱে এক বুজন সংখ্যক গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি যোৱা বুলি উল্লেখ কৰি এগৰাকী নম্ৰ, বিনয়ী আৰু নিৰহংকাৰী ব্যক্তি হিচাপে মিত্ৰদেৱ মহন্তই নিজৰ গুণ, যশ, খ্যাতিৰে মহিমামণ্ডিত আছিল বুলি মন্তব্য কৰে ৷

নগাঁও জিলা সাহিত্য সভাৰ অধীনস্থ উপাসনা শাখা সাহিত্য সভাৰ সদস্যা সকলৰ দ্বাৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত মননশীল সভাখনিত লেখিকা তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মীনা বৰাৰ মৰিকলঙৰ পলস নামৰ উপন্যাসখনি উন্মোচন কৰছ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে। বৰকটকীয়ে উপন্যাসখনত মহাপুৰুষীয়া জীৱনধাৰা, সামাজিক ব্যৱস্থা, ঐতিহাসিক চেতনাবোধ লেখিকাই সুন্দৰ ভাবে চিত্ৰিত কৰিছে বুলি অভিমত ব্যক্ত কৰাৰ লগতে ড° বৰকটকীয়ে প্ৰসঙ্গক্ৰমে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সকলোৰে মুখৰ ভাষা কৰি থৈ গল বুলি মন্তব্য কৰে। তেওঁ কয়, ” জাতীয় জীৱন আৰু জাতীয় উন্নতি কি বুজাই থৈ যোৱাৰ সমান্তৰালভাৱে সাহিত্য সম্ৰাট গৰাকীয়ে জাতীয় জীৱন যদি সংকীৰ্ণ হয় তেন্তে জাতীয় সাহিত্যও সংকীৰ্ণতাৰ পৰা হাত সাৰিব নোৱাৰে।” ডঃ বৰকটকীয়ে মিত্ৰদেৱ মহন্তৰ আদৰ্শ, জ্ঞান আৰু প্ৰবাদ পুৰুষজনে সমাজলৈ আগবঢ়োৱা অৱদান সদায়ে আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি ভাষণত উল্লেখ কৰে ৷

সভাখনিত নগাঁও ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মঞ্জু লস্কৰে মীনা বৰাৰ ‘মৰিকলঙৰ পলস’ উপন্যাসখনিৰ আলোচক হিচাপে অংশ গ্ৰহণ কৰি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে পিতৃ- মাতৃ হোৱাৰ যি বাসনা, সেই বাসনাৰ অন্তৰালত থকা নাৰী গৰাকীৰ প্ৰসৱ বেদনাৰ আঁৰত লুকাই থকা সুখানুভূতিৰদৰেই শিক্ষয়িত্ৰী মীনা বৰাৰ উপন্যাসখনিয়ে পাঠকক নতুনত্বৰ এক সোৱাদ দিব বুলি দোহাৰে ৷

শিশু শিল্পী কাব্যশ্ৰী শইকীয়াই বৰগীত পৰিবেশন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন বৰা, নগাঁও লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি আভা বৰা, অশোকৰাম ভট্টাচাৰ্য, মৃগাঙ্ক বৰা, মহেশ নাথ, অপৰা ফুকন, ড° অঞ্জনা গোস্বামী, অমৃত প্ৰভা সুত, ৰিণি নেওগ বৰা, গীতা মহন্ত শইকীয়া, জয়ন্তী বৰা, জেউতি হাজৰিকা, তুলু প্ৰভা শইকীয়া, লখিমী মহন্ত, স্মৃতা কলিতা, দীপা পণ্ডিত , মিচিমি মহন্ত, ময়ূৰ কুমাৰ বৰা, সাংবাদিক প্ৰাঞ্জল বৰদলৈ প্ৰমুখ্যে ডেৰ শতাধিকৰো অধিক লোক সমবেত সভাখনিৰ অন্তত জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীব হাজৰিকাৰ শলাগৰ শৰাইৰে সভাৰ সমাপ্তি ঘটে ৷

লগতে পঢ়কঃ নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন


Advertisement