The Relevance of Netaji Subhas Chandra Bose’s Ideology in Contemporary Indiaনেতাজীৰ আদৰ্শৰ প্ৰাসংগিকতা

গৌতম শৰ্মা (অধ্যাপক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়):
নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অন্যতম শক্তিশালী আৰু প্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে সদায় আমাৰ মাজত স্মৰণীয়। তেওঁৰ জীৱন কেতিয়াও কেৱল শ্লোগান, প্ৰচাৰ বা সুবিধাৰ ওপৰত নিৰ্ভৰশীল নাছিল (Netaji Ideology Relevance)। আছিল ত্যাগ, শৃঙ্খলা, সাহস আৰু দেশৰ প্ৰতি অবিচল দায়বদ্ধতাৰ ওপৰত গঢ় লোৱা এক আদৰ্শ জীৱন। আজিৰ ভাৰতত, য’ত সঁচা কৰ্ম আৰু সততাৰ ঠাইত বহু সময়ত উচ্চস্বৰে দেশপ্ৰেম ঘোষণা কৰাই মুখ্য হৈ উঠিছে, তেনে পৰিস্থিতিত নেতাজীৰ জীৱনে আধুনিক, প্ৰায়েই ভণ্ড ৰূপত দেখা দিয়া দেশপ্ৰেমিকসকলৰ বাবে গুৰুত্বপূৰ্ণ শিক্ষাসমূহ আগবঢ়ায়। তেওঁৰ আদৰ্শসমূহক বৰ্তমানৰ ৰাজনীতি আৰু সামাজিক জীৱনৰ আচৰণৰ সৈতে তুলনা কৰিলে এক গভীৰ নৈতিক দূৰত্ব স্পষ্ট হৈ উঠে, যাক কোনো ফালৰ পৰাই অগ্ৰাহ্য কৰিব নোৱাৰি।

নেতাজীৰ দেশপ্ৰেমৰ প্ৰাসংগিকতা বুজাটো আজি খুবেই প্ৰয়োজন হৈছে (Netaji Subhas Chandra Bose)। নেতাজীয়ে দেশপ্ৰেম প্ৰমাণ কৰিবলৈ তেওঁ পতাকা, হেচটেগ বা নাটকীয় ভাষণৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। যিটো তেওঁ কৰ্মৰ জৰিয়তেই প্ৰমাণ হৈছিল। তেওঁ উপনিবেশবাদী চৰকাৰৰ সেৱা কৰাটো তেওঁৰ বিবেকৰ সৈতে বিশ্বাসঘাতকতা বুলি তেওঁ মানিছিল। সেয়েহে অনেক আৰাম, সামাজিক মৰ্যাদা আৰু নিশ্চিত সুৰক্ষাৰে ভৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ দৰে গৌৰৱময় পদ তেওঁ স্বেচ্ছাই ত্যাগ কৰিছিল (Indian National Army Ideals)। ইয়াৰ বিপৰীতে, আজিৰ বহু নেতা, চৰকাৰী বিষয়াই ৰাষ্ট্ৰবাদৰ কথা অবিৰতভাৱে কৈ থাকিলেও ক্ষমতা, সুবিধা আৰু ব্যক্তিগত লাভকহে দৃঢ়ভাৱে আঁকোৱালি ধৰি ৰাখে। আজিৰ দিনত দেশপ্ৰেম প্ৰায়ে দুৰ্নীতি, অযোগ্যতা আৰু নৈতিক ব্যৰ্থতা ঢাকিবলৈ ব্যৱহৃত এখন ঢাল হৈ পৰিছে। তেনে এটি ক্ষণত নেতাজীয়েই আমাক শিকাই যে সঁচা দেশপ্ৰেম ব্যক্তিগত লাভৰ পৰা নহয়, ব্যক্তিগত ত্যাগৰ পৰাহে আৰম্ভ হয়।

নেতাজীৰ জীৱনৰ পৰা পোৱা আটাইতকৈ শক্তিশালী শিক্ষাসমূহৰ ভিতৰত এটা হৈছে উদ্দেশ্যৰ প্ৰতি সততা। তেওঁ কি বিচাৰিছিল সেয়া স্পষ্টকৈ জানিছিল। কোনো ধৰণৰ আপোচ নকৰাকৈ তেওঁ ভাৰতৰ সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল (True Patriotism in India)। জনমত অনুকূল কৰিবলৈ তেওঁ কেতিয়াও সত্যক ঘূৰাই-পকাই উপস্থাপন কৰা নাছিল, আৰু শক্তিশালী স্বাৰ্থগোষ্ঠীক সন্তুষ্ট কৰিবলৈ নিজৰ স্থিতিক পাতল কৰা নাছিল। কিন্তু আধুনিক ৰাজনীতি বহু সময়ত অস্পষ্টতা আৰু দ্বিমুখী মানদণ্ডৰ ওপৰতেই টিকি থাকে। নিৰ্বাচন, মিত্ৰতা বা সংবাদ মাধ্যমৰ চাপ অনুসৰি নেতাসকলে নিজৰ অৱস্থান সলনি কৰে। পূৰণ কৰাৰ কোনো আন্তৰিক ইচ্ছা নথকাৰ পাছতো প্ৰতিশ্ৰুতি দিয়া হয়। এই সুবিধাবাদী সংস্কৃতিৰ সৈতে তুলনা কৰিলে নেতাজীৰ দৃষ্টিভংগীৰ স্পষ্টতা একেবাৰে তীক্ষ্ণভাৱে পৃথক হৈ দেখা যায়। তেওঁ আমাক সোঁৱৰাই দিয়ে যে সততা নথকা নেতৃত্ব ভিতৰুৱা ভাবে খালী, লাগিলে যিমানেই দেশপ্ৰেমিক শব্দৰে ভৰপূৰ নহওক কিয় (Leadership Ethics India)।

নেতাজীয়ে শৃঙ্খলা আৰু দায়িত্ববোধত গভীৰ বিশ্বাস ৰাখিছিল। তেওঁৰ ইণ্ডিয়ান নেচনেল আৰ্মী কেৱল এটা সামৰিক বাহিনী নাছিল; ই আছিল এক নৈতিক পৰীক্ষা। তাত সৈনিকসকলক ধৰ্ম, অঞ্চল বা ভাষাৰ সীমা অতিক্ৰম কৰি ঐক্যৰ শিক্ষা দিয়া হৈছিল। যিটো সময়ত সমাজত সমতাৰ ভাব দুৰ্লভ আছিল, সেই সময়তে মহিলাসকলক নেতৃত্বৰ ভূমিকা দিয়া হৈছিল। শৃঙ্খলা আছিল কঠোৰ আৰু ব্যক্তিগত অসদাচৰণ কোনো ভাবেই সহ্য কৰা নহৈছিল। ইয়াৰ সৈতে আজিৰ জনজীৱনৰ তুলনা কৰিলে এক ভয়ংকৰ বৈসাদৃশ্য দেখা যায়, য’ত আইন প্ৰণেতাসকলেই প্ৰকাশ্যভাৱে নিয়ম ভাঙে, লাজ নোপোৱাকৈ ঘৃণা বিয়পায় আৰু প্ৰভাৱ বা ধনৰ জৰিয়তে জবাবদিহিৰ পৰা পলায়। “দেশ প্ৰথম” বুলি চিঞৰি ফুৰা বহু লোকেই সংস্থা, আইন বা গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি বিন্দুমাত্ৰ সন্মান দেখুৱাবলৈ সক্ষম নহয়। নেতাজীৰ উদাহৰণে এটা কথাকেই দেখুৱাই দিয়ে যে দেশৰ প্ৰতি প্ৰেম কেৱল শব্দত নহয়, শৃঙ্খলা, নৈতিকতা আৰু সমতাৰ প্ৰতি সন্মানৰ জৰিয়তেহে প্ৰকাশ পায়।

অন্য এক অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা সাহসৰ সৈতে জড়িত। নেতাজীয়ে পৰিণামৰ ভয় কেতিয়াও কৰা নাছিল। তেওঁ প্ৰকাশ্যভাৱে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, বহু বাৰ কাৰাবাস ভুগিছিল আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংগ্ৰাম চলাবলৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচৰালৈকে অসাধাৰণ পদক্ষেপসমূহক গ্ৰহণ কৰিছিল। তেওঁৰ সকলো পদ্ধতিৰ সৈতে একমত হওক বা নহওক, তেওঁৰ সাহসক লৈ কোনো সন্দেহ থাকিব নোৱাৰে। তাৰ বিপৰীতে আজি জনজীৱনত সাহস বিৰল হৈ পৰিছে। বহু নেতাই কঠিন সিদ্ধান্ত এৰাই চলে, অন্যায়ৰ ক্ষেত্ৰত মৌন হৈ থাকে আৰু কেৱল সুৰক্ষিত সময়তহে মুখ খোলে। গতিকে, এইখিনি সময়ত প্ৰকৃত নৈতিক সাহসৰ ঠাইত প্ৰায়ে সামাজিক মাধ্যমৰ সাহসেই স্থান লৈছে; অৱশ্যে ই অন্য এক আলোচ্য বিষয়। নেতাজীয়ে শিকাই যায় যে দেশপ্ৰেম মানে অকলেই থিয় হোৱাৰ শক্তি, অসুবিধা হ’ব বুলি জানিও সত্য কোৱাৰ সাহস আৰু ব্যৰ্থতাৰ সম্ভাৱনা থাকিলেও কৰ্ম কৰাৰ দৃঢ়তা।

নেতাজীৰ ক্ষমতাৰ সৈতে থকা সম্পৰ্ক গভীৰভাৱে চিন্তা কৰিবলগীয়া। তেওঁ কেতিয়াও কেৱল ক্ষমতাৰ বাবে দায়িত্ব ল’ব বিচৰা নাছিল। কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ ব্যক্তিগত নিয়ন্ত্ৰণৰ ওপৰত নহয়, দিশ আৰু আদৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। দলৰ ভিতৰত বিৰোধিতাৰ সন্মুখীন হোৱাত তেওঁ পদ আঁকোৱালি ধৰি থকাৰ সলনি নিজৰ নীতি আৰু বিশ্বাস অনুসৰণ কৰাটোকেই অগ্ৰাধিকাৰ দিছিল। কিন্তু আধুনিক ৰাজনীতি প্ৰায় সম্পূৰ্ণৰূপে ক্ষমতাৰ প্ৰতি আসক্ত। ক্ষমতা বজাই ৰাখিবলৈ নেতাসকলে সংস্থাসমূহক নিয়ন্ত্ৰণ কৰে, গণতান্ত্ৰিক সুৰক্ষাবলয়ক দুৰ্বল কৰে আৰু বহুসময়ত সমাজকো বিভাজিত কৰে। ৰাষ্ট্ৰীয় স্বাৰ্থ নিৰ্বাচনী সফলতাৰ পিছত গৌণ হৈ পৰে। নেতাজীৰ জীৱনে দেখুৱাই দিয়ে যে নেতৃত্ব মানে আধিপত্য নহয়। দায়িত্ব আৰু কেতিয়াবা ক্ষমতা আঁকোৱালি ধৰি থকাৰ সলনি তাৰ পৰা আঁতৰি আহিলেও সেয়াই অধিক দেশপ্ৰেমিক কাৰ্য হৈ উঠিব পাৰে।

সাম্প্ৰতিক নেতাসকলৰ সকলোতকৈ গভীৰ বৈপৰীত্যসমূহৰ ভিতৰত এটা হৈছে সমালোচনা গ্ৰহণ কৰিব নোৱাৰাৰ প্ৰৱণতা। নেতাজীৰ সময়ত কৰ্তৃত্বক প্ৰশ্ন কৰা কাৰ্য এক প্ৰকাৰৰ দেশপ্ৰেম আছিল। তেওঁ নিজেই ব্ৰিটিছ শাসনক প্ৰশ্ন কৰিছিল। ৰক্ষণশীল নেতৃত্বক প্ৰত্যাহ্বান জনাইছিল আৰু সমালোচনামূলক চিন্তাধাৰাক উৎসাহিত কৰিছিল। কিন্তু আজিৰ দিনত মতবিৰোধ প্ৰায়ে ৰাষ্ট্ৰবিৰোধী বুলি চিহ্নিত কৰা হয়। যিসকল লোকে নেতাৰ কৰ্মক লৈ প্ৰশ্ন তোলে তেওঁলোকক লক্ষ্য কৰি লোৱা হয় আৰু অন্ধ আনুগত্য দেখুওৱাসকলক পুৰস্কৃত কৰা হয়। এই সংস্কৃতি নেতাজীৰ আত্মাৰ সৈতে সম্পূৰ্ণৰূপে বিৰোধী। তেওঁ বিশ্বাস কৰিছিল যে এখন শক্তিশালী ৰাষ্ট্ৰ ভয় আৰু একৰূপতাৰ ওপৰত নহয়, বৰং বিতৰ্ক, সাহস আৰু আত্মসংশোধনৰ ওপৰত গঢ় লৈ উঠে। আধুনিক দেশপ্ৰেমিকসকলে এই কথাটো শিকিব লাগিব যে দেশক ভাল পোৱা মানে কেৱল প্ৰশংসা কৰা বা বুটলা নহয়, আনৰ দুৰ্বলতাসমূহকো দেখুৱাবলৈ আৰু নিজে গ্ৰহণ কৰিবলৈও সৎ সাহস লাগিব।

নেতাজীয়ে সাধাৰণ জনতাৰ প্ৰতি গভীৰ সন্মান প্ৰদৰ্শন কৰিছিল। তেওঁৰ চিন্তা আৰু বাণীসমূহ কেৱল আৱেগিক আহ্বানেৰে ভৰপূৰ নাছিল; য’ত দায়িত্ববোধ, ঐক্য আৰু প্ৰচেষ্টাৰ আহ্বানেই মুখ্য আছিল। তেওঁ জনসাধাৰণক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সক্ষম বুলি বিশ্বাস কৰিছিল। ইয়াৰ বিপৰীতে, আজিৰ ৰাজনীতিয়ে বহু সময়ত সাধাৰণ নাগৰিকসকলক অৱমাননা কৰে। ভয়, ধৰ্ম বা পৰিচয়ৰ আধাৰত গঢ় লৈ উঠা ভোট বেংককলৈহে তেওঁলোকক সীমাবদ্ধ কৰি ৰাখে। কল্যাণমূলক আঁচনিসমূহো কেতিয়াবা ব্যক্তিক ক্ষমতাশালী কৰাৰ সলনি নিৰ্ভৰশীল কৰি ৰখাৰ উপায় হিচাপেই ব্যৱহৃত হয়। নেতাজীৰ দৃষ্টিভংগী আছিল ভিন্ন। তেওঁ ভাৰতীয়সকলক শক্তিশালী, আত্মনির্ভৰ আৰু নিৰ্ভীক ৰূপে গঢ়ি তুলিব বিচাৰিছিল; আৱেগিকভাৱে প্ৰভাৱিত বা ৰাজনৈতিকভাৱে নিয়ন্ত্ৰিত জনতা হিচাপে নহয়।

নেতাজীৰ ব্যক্তিগত জীৱনৰ পৰা পোৱা আন এটা গুৰুত্বপূৰ্ণ শিক্ষা আছিল, স্বাধীনতা সংগ্ৰামক তেওঁ কেতিয়াও ব্যক্তিগত ধন-সম্পদ বা আৰাম লাভৰ উপায় হিচাপে ব্যৱহাৰ কৰাৰ কোনো প্ৰমাণ নাছিল। তেওঁ কষ্ট, অনিশ্চয়তা আৰু সদায় বিপদৰ মাজেৰে ভৰা এক জীৱন যাপন কৰিছিল। কিন্তু আজিৰ দিনত ৰাজনীতি ধন অৰ্জনৰ আটাইতকৈ দ্ৰুত পথসমূহৰ ভিতৰত এটা হৈ পৰিছে। দুৰ্নীতি কেলেঙ্কাৰীৰ ঘটনা সাধাৰণ হৈ উঠিছে, তথাপি সেইবোৰত জড়িত বহু লোকেই ৰাষ্ট্ৰবাদৰ কথা আটাইতকৈ জোৰেৰে কয়। এই বৈৰোধিক অৱস্থাই আধুনিক ভণ্ডামীৰ মূল সঁজুলি। নেতাজীৰ জীৱনে এটা সৰল কিন্তু অস্বস্তিকৰ প্ৰশ্ন উত্থাপন কৰে যে যিজনে ৰাজহুৱা সম্পদ শোষণ কৰে, তেওঁ সঁচাকৈয়ে দেশক ভাল পায় বুলি দাবী কৰিব পাৰেনে?

নেতাজীৰ সৰ্বাংগীন ৰাষ্ট্ৰবাদ আজিৰ সময়তো গভীৰভাৱে প্ৰাসংগিক। তেওঁ বিশ্বাস কৰিছিল যে ভাৰত সকলো ভাৰতীয়ৰ। তেওঁৰ সেনাত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, পুৰুষ আৰু মহিলা সকলোকে একেটা লক্ষ্যই একত্ৰিত কৰিছিল। কিন্তু আজিৰ পৰিৱেশত ৰাষ্ট্ৰবাদে প্ৰায়ে বহিষ্কাৰমূলক ৰূপ হৈছে। ৰাজনৈতিক লাভৰ বাবে পাৰ্থক্যসমূহ অতিৰঞ্জিত কৰি ঐক্য-সংহতিক দুৰ্বল কৰা হৈছে। নেতাজীৰ উত্তৰাধিকাৰে আমাক এই কথা সোঁৱৰাই দিয়ে যে ক্ষমতাৰ বাবে ৰাষ্ট্ৰক বিভাজিত কৰাটোৱেই আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকতা। সঁচা দেশপ্ৰেমে সন্দেহ নহয়, ঐক্যকহে শক্তিশালী কৰে। নেতাজীয়ে আমাক ইতিহাসৰ আগত বিনয়ী হ’বলৈ শিকাই যায়। তেওঁ কেতিয়াও নিজকে ৰাষ্ট্ৰৰ সমান বুলি দাবী কৰা নাছিল। তেওঁ নিজকে এক বৃহত্তৰ উদ্দেশ্যৰ সেৱক হিচাপেই দেখিছিল। কিন্তু আজিৰ দিনত সংস্থাগত সন্মানৰ ঠাইত ব্যক্তিত্ব-পূজাই প্ৰাধান্য লাভ কৰিছে। নেতাসকলক ত্ৰাণকৰ্তা হিচাপে উপস্থাপন কৰা হয়, অথচ প্ৰণালীসমূহ দুৰ্বল কৰি তোলা হয়। এইটো গণতন্ত্ৰৰ বাবে অতি বিপদজনক। নেতাজীৰ জীৱনে দেখুৱাই দিয়ে যে কোনো ব্যক্তিয়েই ৰাষ্ট্ৰতকৈ মহান নহয় আৰু কোনো নেতাই অন্ধ আনুগত্য দাবী কৰিব নালাগে।

সম্প্ৰতি নিজকে দেশপ্ৰেমিক বুলি কোৱা বহুজনেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা শিকিবলগীয়া বহুত কিবাকিবি আছে। দেশপ্ৰেম কেতিয়াও কেৱল কোলাহল, প্ৰতীক বা সুবিধাবাদ নহয়। ই হৈছে ত্যাগ, সততা, সাহস, শৃঙ্খলা আৰু সেৱা। ই হৈছে নিজতকৈ দেশক, আৰামতকৈ সত্যক আৰু ক্ষমতাতকৈ ঐক্যক আগত ৰাখিবলৈ সজাগ হোৱা মানসিকতা। আজিৰ ৰাজনীতিয়ে যেতিয়ালৈকে নেতাজীৰ নিষ্ঠাৰ অতি সামান্য অংশও নিজৰ চিন্তা আৰু কৰ্মত প্ৰতিফলিত কৰিব নোৱাৰিব, তেতিয়ালৈকে সঁচা ৰাষ্ট্ৰবাদ আৰু ভণ্ড দেশপ্ৰেমৰ মাজৰ দূৰত্ব ক্ৰমে বৃদ্ধি পায়েই থাকিব। গতিকে, আজি আমি কেৱল নেতাজীক স্মৰণ কৰিলেই যথেষ্ট নহ’ব, তেওঁৰ পৰা শিক্ষা লোৱা আৰু তেওঁৰ মূল্যবোধ অনুসৰি জীৱন যাপন কৰাটোৱেই হ’ব তেওঁৰ প্ৰতি আমি আগবঢ়োৱা প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

ফোন: ৯৯৫৪০-০০২০০

লগতে পঢ়কঃ প্ৰান্তিক আৰু প্ৰদীপ বৰুৱাঃ এক বিশেষ লেখা


Advertisement