গুৱাহাটী: বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো আৰু নাই। শনিবাৰে (১৪ ফেব্ৰুৱাৰীত বিয়লি এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ। – Taren Boro Passes Away
শিক্ষা
১৯৫৫ চনৰ ১ নৱেম্বৰত জন্মগ্ৰহণ কৰা বড়োৱে ১৯৭২ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৬ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৭৯ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই সাংবাদিকতাৰ পাঠ্যক্ৰমত ডিপ্লমা লাভ কৰিছিল।
কৰ্ম জীৱন
১৯৭৮-৭৯ চনত তেওঁ আকাশবাণী কেন্দ্ৰৰ বড়ো শাখাত অস্থায়ী ঘোষক ৰূপে কৰ্মৰত আছিল। তেওঁ গুৱাহাটীৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল।
সাহিত্য কৃতি
এগৰাকী বিশিষ্ট সাহিত্যিক তথা কবি হিচাপে পৰিচিত তৰেণ বড়োৱে লিখা ১৪খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ পাইছে। যি সমূহৰ ভিতৰত নাটক, চুটিগল্প, উপন্যাস আৰু কবিতা অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত মাউদিৱি ( Mwdwi) (বড়ো নাটক), বিহাৰিনী জিংগা, ইজি মানি (চমু গল্প), মালু ড্ৰাইভাৰ, বিহাৰিনী জিংগা–২ , গৱৰৱিনি অৰ (Gwrbwni Or), মুগানি মাণ্ডাৰ বিবাৰ (Mugani Mandar Bibar)। অসমীয়া ভাষাত তেওঁৰ সমালোচনামূলক চাৰিখন গ্ৰন্থ প্ৰকাশ পায়। অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো তেওঁৰ আন চাৰিখন গ্ৰন্থ প্ৰকাশ পায়। ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বাতৰি কাকতত জ্যেষ্ঠ লেখক হিচাপেও তেওঁৰ সক্ৰিয় অৱদান আছিল।
অভিনয় জীৱন
তৰেণ বড়োৱে ১২খন জনপ্ৰিয় বড়ো ছবিত অভিনয় কৰিছিল। তদুপৰি ৩খন অসমীয়া ছবিত অভিনয় কৰাৰ লগতে মঞ্চ নাটক আৰু আকাশবাণী (AIR) নাট্য অনুষ্ঠানতো অভিনয় কৰিছিল।
বঁটা আৰু বড়ো সাহিত্য সভাৰ দায়িত্ব
২০০২ চনৰ পৰা ২০০৫ চনলৈকে তেওঁ বড়ো সাহিত্য সভাৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। ২০০৫ চনৰ পৰা ২০১৫ চনলৈকে উপ-সভাপতি , পৰবৰ্তী সময়ত পৰামৰ্শদাতা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ২০১৭ চনৰ পৰা ২০২৩ চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।শেহতীয়াকৈ তেওঁ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ বাবেও নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰিও তেওঁ পিপলছ লিডাৰ বিভৱ দেউৰী একতা বঁটা আৰু মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটাৰে বিভূষিত হৈছিল
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত তেওঁ উল্লেখ কৰে যে “বড়ো সাহিত্য সভাৰ সন্মানীয় প্ৰাক্তন সভাপতি আৰু সাহিত্য অকাদেমীৰ বড়ো ভাষাৰ উপদেষ্টা সমিতিৰ আহ্বায়ক তৰেণ চন্দ্ৰ বড়ো ডাঙৰীয়াৰ বিয়োগৰ খবৰ শুনি অতিকৈ মৰ্মাহত হৈছোঁ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ অমূল্য অৱদানক বড়ো তথা অসমৰ সমাজ জীৱনে সদায়ে স্মৰণ কৰিব৷ অতি শান্ত আৰু সৰল মনৰ ব্যক্তিত্ব তৰেণ বড়ো ডাঙৰীয়াৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, সেয়াই কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷”
অসম জাতীয় পৰিষদৰ শোক প্ৰকাশ
প্ৰখ্যাত সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ মৃত্যুত অসম জাতীয় পৰিষদে শোক প্ৰকাশ কৰিছে। এক বিজ্ঞপ্তিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাই তৰেণ বড়োৰ মৃত্যু বড়ো ভাষা-সাহিত্য আৰু সংস্কৃতি জগতৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। বিজ্ঞপ্তিত লগতে উল্লেখ কৰে যে, “তৰেণ বড়ো বড়ো সাহিত্যৰ এগৰাকী নীৰৱ সাধক আছিল। শক্তিশালী কলম, সুদূৰপ্ৰসাৰী চিন্তা আৰু সুদৃঢ় নেতৃত্বৰে তেখেতে সমাজক সঠিক দিশ দেখুৱাইছিল। বড়ো ভাষাৰ বিকাশ, সাহিত্যচর্চাৰ বিস্তাৰ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। বিশেষকৈ নতুন প্ৰজন্মক সাহিত্য আৰু সমাজচিন্তাৰ দিশে আগবঢ়াই নিবলৈ তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
তেখেতৰ দেহাৱসানে কেৱল বড়ো সাহিত্য জগতকেই নহয়, সমগ্ৰ অসমবাসীকেই গভীৰভাৱে শোকাহত কৰিছে। এই জটিল মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু অনুৰাগীসকললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।’’
লগতে পঢ়ক: ল’ৰা দুটাক মৰিয়াই মৰিয়াই হত্যা কৰা পাষণ্ডকেইটাক ফাঁচী দিব লাগে: দাবী অভি নীলৰ পিতৃৰ

